--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় গোটেই বছৰটো তেওঁ জেলত কটালে। কিন্তু বলীউডৰ অভিনেত্ৰীৰ প্ৰতি তেওঁৰ প্ৰেম কমি যোৱা নাছিল। ২০০ কোটি টকাৰ আৰ্থিক জালিয়াতিৰ গোচৰত অভিযুক্ত সুকেশ চন্দ্ৰশেখৰ। বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰায় সকলোৱে জানে।  জালিয়াতিৰ তদন্তৰ বাবে বিগত এটা বছৰত জেকলিনেও কেইবাবাৰো আদালতত হাজিৰ হ’বলগীয়া হৈছে।

কেৱল সেয়াই নহয়, বিদেশ ভ্ৰমণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল অভিনেত্ৰীগৰাকীক। যদিও এইবাৰ কঠোৰতা শিথিল কৰা হৈছে। অৱশ্যে জেকলিনৰ জীৱনত সুকেশৰ প্ৰভাৱ এতিয়াও কমি যোৱা নাই। অভিযুক্ত কনমানে জেলত বহি থকা অৱস্থাত নায়িকালৈ প্ৰেমৰ পত্ৰ প্ৰেৰণ কৰে। আনকি সুকেশে জেকলিনৰ বাবে নৱৰাত্ৰীৰ উপবাসৰ পৰিকল্পনাও কৰিছিল! সুকেশৰ এই নিঃচৰ্ত প্ৰেমৰ উত্তৰ দিলে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে। 

খবৰ অনুসৰি সুকেশৰ পৰা নিৰাপত্তা বিচাৰি জেকলিনে দিল্লী আদালতত আবেদন দাখিল কৰে। শেহতীয়াকৈ দিল্লী পাটিয়ালা হাউছ ক’ৰ্টত দিয়া আবেদনৰ জৰিয়তে জেকলিনে কয় যে সুকেশে বাৰে বাৰে চিঠি প্ৰেৰণ কৰি তেওঁক হাৰাশাস্তি কৰিছে। কিছুদিন আগতে সুকেশে জেলৰ পৰা জেকলিনলৈ আন এখন চিঠি পঠিয়াইছিল। সেই চিঠিখনত তেওঁ কৈছিল যে তেওঁ জেকলিনক আজীৱন সংগী হিচাপে ল’ব বিচাৰে।

কেৱল সেয়াই নহয়, সুকেশে চিঠিত লিখিছিলে যে জেকলিনৰ লগত সুৰাপানৰ স্মৃতি এতিয়াও তাৰ মনত সতেজ হৈ আছে। ইফালে সুকেশৰ পৰা ইখনৰ পিছত সিখন চিঠি পাই জেকলিনে থতমত খালে। তেওঁ দাবী কৰে যে কনমেনে বাৰে বাৰে চিঠি পঠিয়াই তেওঁক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছে। সেইবাবেই তেওঁ আদালতক নিৰাপত্তাৰ বাবে অনুৰোধ জনায়।য

কেৱল সেয়াই নহয়, আৰ্থিক জালিয়াতিৰ গোচৰৰ পৰা সকাহ বিচাৰি আদালতত আবেদন দাখিল কৰিছে জেকলিনে। তেওঁ দাবী কৰিছিল যে সুকেশে তেওঁক পৰিকল্পনা কৰিছিল আৰু ফ্ৰেম কৰিছিল। জেকলিনে দাবী কৰে যে সেই কনমেনজনৰ বাবেই তেওঁৰ অভিনয় কেৰিয়াৰ ধ্বংস হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান