--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় গোটেই বছৰটো তেওঁ জেলত কটালে। কিন্তু বলীউডৰ অভিনেত্ৰীৰ প্ৰতি তেওঁৰ প্ৰেম কমি যোৱা নাছিল। ২০০ কোটি টকাৰ আৰ্থিক জালিয়াতিৰ গোচৰত অভিযুক্ত সুকেশ চন্দ্ৰশেখৰ। বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰায় সকলোৱে জানে।  জালিয়াতিৰ তদন্তৰ বাবে বিগত এটা বছৰত জেকলিনেও কেইবাবাৰো আদালতত হাজিৰ হ’বলগীয়া হৈছে।

কেৱল সেয়াই নহয়, বিদেশ ভ্ৰমণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল অভিনেত্ৰীগৰাকীক। যদিও এইবাৰ কঠোৰতা শিথিল কৰা হৈছে। অৱশ্যে জেকলিনৰ জীৱনত সুকেশৰ প্ৰভাৱ এতিয়াও কমি যোৱা নাই। অভিযুক্ত কনমানে জেলত বহি থকা অৱস্থাত নায়িকালৈ প্ৰেমৰ পত্ৰ প্ৰেৰণ কৰে। আনকি সুকেশে জেকলিনৰ বাবে নৱৰাত্ৰীৰ উপবাসৰ পৰিকল্পনাও কৰিছিল! সুকেশৰ এই নিঃচৰ্ত প্ৰেমৰ উত্তৰ দিলে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে। 

খবৰ অনুসৰি সুকেশৰ পৰা নিৰাপত্তা বিচাৰি জেকলিনে দিল্লী আদালতত আবেদন দাখিল কৰে। শেহতীয়াকৈ দিল্লী পাটিয়ালা হাউছ ক’ৰ্টত দিয়া আবেদনৰ জৰিয়তে জেকলিনে কয় যে সুকেশে বাৰে বাৰে চিঠি প্ৰেৰণ কৰি তেওঁক হাৰাশাস্তি কৰিছে। কিছুদিন আগতে সুকেশে জেলৰ পৰা জেকলিনলৈ আন এখন চিঠি পঠিয়াইছিল। সেই চিঠিখনত তেওঁ কৈছিল যে তেওঁ জেকলিনক আজীৱন সংগী হিচাপে ল’ব বিচাৰে।

কেৱল সেয়াই নহয়, সুকেশে চিঠিত লিখিছিলে যে জেকলিনৰ লগত সুৰাপানৰ স্মৃতি এতিয়াও তাৰ মনত সতেজ হৈ আছে। ইফালে সুকেশৰ পৰা ইখনৰ পিছত সিখন চিঠি পাই জেকলিনে থতমত খালে। তেওঁ দাবী কৰে যে কনমেনে বাৰে বাৰে চিঠি পঠিয়াই তেওঁক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছে। সেইবাবেই তেওঁ আদালতক নিৰাপত্তাৰ বাবে অনুৰোধ জনায়।য

কেৱল সেয়াই নহয়, আৰ্থিক জালিয়াতিৰ গোচৰৰ পৰা সকাহ বিচাৰি আদালতত আবেদন দাখিল কৰিছে জেকলিনে। তেওঁ দাবী কৰিছিল যে সুকেশে তেওঁক পৰিকল্পনা কৰিছিল আৰু ফ্ৰেম কৰিছিল। জেকলিনে দাবী কৰে যে সেই কনমেনজনৰ বাবেই তেওঁৰ অভিনয় কেৰিয়াৰ ধ্বংস হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement