--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ভিন্দ জিলাৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। ককায়েকৰ সৈতে কাজিয়া কৰি এজনী ছোৱালীয়ে গিলিলে এটা ম’বাইল ফোন। ম’বাইল ফোনটো গিলাৰ পাছত প্ৰচণ্ড পেটৰ বিষত ভুগে যুৱতীগৰাকী। তেওঁক ততাতৈয়াকৈ ভিন্দু জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এক্সৰে কৰা পাছত ছোৱালীজনীৰ পেটত মোবাইল ফোন থকাৰ কথা নিশ্চিত কৰে চিকিৎসকে। 

অপাৰেচনৰ বাবে যুৱতীগৰাকীক গোৱালিয়ৰৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাত ৬ জনীয়া ডাক্তৰৰ দলে ২ ঘণ্টাৰ অপাৰেচনৰ অন্তত ছোৱালীজনীৰ পেটৰ পৰা মোবাইল ফোনটো উলিয়াই আনে। চিকিৎসকৰ মতে, ছোৱালীজনীৰ জীৱন সংকটত পৰিছিল। ভগৱানৰ আশীৰ্বাদ আৰু ভাগ্যৰ বলতহে তেওঁৰ জীৱন ৰক্ষা পৰিল।

এই অদ্ভুত ঘটনাটো ভিন্দ জিলাৰ অমায়ন চহৰৰ। ইয়াতে ১৮ বছৰীয়া যুৱতীগৰাকীৰ ভাতৃৰ সৈতে কোনো এটা বিষয়ক লৈ কাজিয়া হৈছিল। কাজিয়া লাগি খঙতে তেওঁ মোবাইলটো গিলি পেলালে। চাইনা মেড কিপেড মোবাইলটো গিলাৰ কিছু সময়ৰ পাছতে তেওঁৰ পেটত তীব্ৰ বিষ হ’বলৈ ধৰিলে। পৰিয়ালৰ লোকে ভয় খাই লগে লগে তেওঁক ভিন্দ জিলা চিকিৎসালয়লৈ লৈ যায়। ডাক্তৰক সকলো কথা কোৱাৰ পিছত ছোৱালীজনীৰ এক্স-ৰে কৰা হ’ল। যেতিয়া বিষয়টো গুৰুতৰ যেন লাগিল, তেতিয়া ছোৱালীজনীক ভিন্দৰ পৰা লিয়াৰ জয়ৰোগ্য হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ইয়ালৈ আহি কিছু তদন্তৰ অন্তত চিকিৎসকে গম পালে যে মোবাইলটো উলিয়াই আনিবলৈ তেওঁৰ অপাৰেচন হ’ব লাগিব, নহ’লে তেওঁৰ মৃত্যু ঘটিব পাৰে।

জয়ৰোগ্য চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ বিভাগৰ ৬ জনীয়া চিকিৎসকৰ এটা দলে কিশোৰীগৰাকীৰ পেটৰ পৰা মোবাইল ফোনটো উলিয়াই অপাৰেচনত জড়িত হৈ পৰে। দুঘণ্টা ধৰি চলা মুকলি অস্ত্ৰোপচাৰৰ অন্তত মোবাইলটো উলিয়াই আনিছিল। জে এ এইচত প্ৰথমবাৰৰ বাবে এনে অপাৰেচন কৰা হৈছিল। জয়ৰোগ্য চিকিৎসালয়ৰ অধীক্ষক ডাঃ আৰ কে এছ ঢাকাদে কয় যে যদি সময়মতে ছোৱালীজনীক চিকিৎসালয়লৈ অনা নহ’লহেঁতেন তেন্তে তেওঁৰ জীৱন বচাব পৰা নগ'লহেঁতেন।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ