--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ভিন্দ জিলাৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। ককায়েকৰ সৈতে কাজিয়া কৰি এজনী ছোৱালীয়ে গিলিলে এটা ম’বাইল ফোন। ম’বাইল ফোনটো গিলাৰ পাছত প্ৰচণ্ড পেটৰ বিষত ভুগে যুৱতীগৰাকী। তেওঁক ততাতৈয়াকৈ ভিন্দু জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এক্সৰে কৰা পাছত ছোৱালীজনীৰ পেটত মোবাইল ফোন থকাৰ কথা নিশ্চিত কৰে চিকিৎসকে। 

অপাৰেচনৰ বাবে যুৱতীগৰাকীক গোৱালিয়ৰৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাত ৬ জনীয়া ডাক্তৰৰ দলে ২ ঘণ্টাৰ অপাৰেচনৰ অন্তত ছোৱালীজনীৰ পেটৰ পৰা মোবাইল ফোনটো উলিয়াই আনে। চিকিৎসকৰ মতে, ছোৱালীজনীৰ জীৱন সংকটত পৰিছিল। ভগৱানৰ আশীৰ্বাদ আৰু ভাগ্যৰ বলতহে তেওঁৰ জীৱন ৰক্ষা পৰিল।

এই অদ্ভুত ঘটনাটো ভিন্দ জিলাৰ অমায়ন চহৰৰ। ইয়াতে ১৮ বছৰীয়া যুৱতীগৰাকীৰ ভাতৃৰ সৈতে কোনো এটা বিষয়ক লৈ কাজিয়া হৈছিল। কাজিয়া লাগি খঙতে তেওঁ মোবাইলটো গিলি পেলালে। চাইনা মেড কিপেড মোবাইলটো গিলাৰ কিছু সময়ৰ পাছতে তেওঁৰ পেটত তীব্ৰ বিষ হ’বলৈ ধৰিলে। পৰিয়ালৰ লোকে ভয় খাই লগে লগে তেওঁক ভিন্দ জিলা চিকিৎসালয়লৈ লৈ যায়। ডাক্তৰক সকলো কথা কোৱাৰ পিছত ছোৱালীজনীৰ এক্স-ৰে কৰা হ’ল। যেতিয়া বিষয়টো গুৰুতৰ যেন লাগিল, তেতিয়া ছোৱালীজনীক ভিন্দৰ পৰা লিয়াৰ জয়ৰোগ্য হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ইয়ালৈ আহি কিছু তদন্তৰ অন্তত চিকিৎসকে গম পালে যে মোবাইলটো উলিয়াই আনিবলৈ তেওঁৰ অপাৰেচন হ’ব লাগিব, নহ’লে তেওঁৰ মৃত্যু ঘটিব পাৰে।

জয়ৰোগ্য চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ বিভাগৰ ৬ জনীয়া চিকিৎসকৰ এটা দলে কিশোৰীগৰাকীৰ পেটৰ পৰা মোবাইল ফোনটো উলিয়াই অপাৰেচনত জড়িত হৈ পৰে। দুঘণ্টা ধৰি চলা মুকলি অস্ত্ৰোপচাৰৰ অন্তত মোবাইলটো উলিয়াই আনিছিল। জে এ এইচত প্ৰথমবাৰৰ বাবে এনে অপাৰেচন কৰা হৈছিল। জয়ৰোগ্য চিকিৎসালয়ৰ অধীক্ষক ডাঃ আৰ কে এছ ঢাকাদে কয় যে যদি সময়মতে ছোৱালীজনীক চিকিৎসালয়লৈ অনা নহ’লহেঁতেন তেন্তে তেওঁৰ জীৱন বচাব পৰা নগ'লহেঁতেন।






FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল