--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাত্মা গান্ধীৰ “প্ৰকৃত পৰিচয় আৰু উত্তৰাধিকাৰ”ৰ প্ৰসংগই বিজেপি-আৰএছএছক সদায় “অশান্তি” কৰি আহিছে বুলি মন্তব্য কৰিছে লেখক তথা মহাত্মা গান্ধীৰ প্ৰপৌত্ৰ তুষাৰ গান্ধীয়ে।

এনচিইআৰটিৰ পাঠ্যপুথিৰ পৰা মহাত্মা গান্ধীৰ প্ৰসংগ বিলোপ কৰাত তেওঁ “আচৰিত হোৱা নাই” বুলি কয় আৰু ভৱিষ্যতেও এনেধৰণৰ আৰু অধিক প্ৰচেষ্টা চলোৱা হ’ব বুলি তেওঁ চিন্তা প্ৰকাশ কৰে৷

বুধবাৰে  হোৱা এক সাক্ষাৎকাৰত "লেট’ছ কিল গান্ধী! এ ক্ৰনিকল অৱ হিজ লাষ্ট ডেইজ, দ্য কনস্পিৰেচি, মাৰ্ডাৰ ইনভেষ্টিগেশ্যন এণ্ড ট্ৰায়েল"ৰ লেখক তুষাৰ গান্ধীয়ে কয় যে এনচিইআৰটিৰ এই সিদ্ধান্তৰ ফলত “সংঘ পৰিয়ালৰ ভুল তথ্যৰ অভিযান” অধিক গ্ৰহণযোগ্য হ’ব।

তেওঁ লগতে উল্লেখ কৰে যে ‘সংঘ পৰিয়ালে ইতিহাস মচি পেলোৱাৰ এই প্ৰচেষ্টাত মই আচৰিত হোৱা নাই। ইতিহাস পুনৰ লিখা আৰু প্ৰতিষ্ঠিত ইতিহাসক বদনাম কৰাৰ ইচ্ছাক তেওঁলোকে কোনো গোপন কৰি ৰখা নাই। ই দুটা উদ্দেশ্য সাধন কৰে — তেওঁলোকে নিজৰ অনুকূল ইতিহাসৰ সুবিধাজনক সংস্কৰণ লিখিবলৈ সক্ষম হয় আৰু গান্ধীক তেওঁলোকে চাব বিচৰা ৰঙেৰে আঁকিব পাৰে।মোহনদাস কৰমচান্দ গান্ধীৰ প্ৰকৃত পৰিচয় আৰু উত্তৰাধিকাৰক তেওঁলোকক সদায় অশান্তি দি আহিছে।’

এনচিইআৰটিয়ে সমগ্ৰ ভাৰততে চিবিএছইৰ সৈতে জড়িত বিদ্যালয়ত পঢ়োৱা দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান আৰু ইতিহাসৰ পাঠ্যপুথিৰ পৰা গান্ধী, তেওঁৰ হত্যাকাৰী নাথুৰাম গডছে আৰু ১৯৪৮ চনত আৰএছএছৰ ওপৰত নিষেধাজ্ঞাৰ মূল অংশসমূহ মচি পেলাইছে। বহু ৰাজ্যিক ব’ৰ্ডেও এনচিইআৰটিৰ এই পাঠ্যক্ৰম অনুসৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস