--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মানুহক হত্যা কৰাটো এতিয়া যেন তেনেই সহজ কথা হৈ পৰিল। মানুহৰ প্ৰাণ কাঢ়ি নিবলৈ এতিয়া যেন মানুহে কুণ্ঠাবোধেই নকৰে। সমাজত ঘটি থকা কিছুমান ঘটনাই সময়ে সময়ে এইবোৰ কথাকে প্ৰমাণ কৰি আহিছে। 


উত্তৰ প্ৰদেশৰ বাৰাবংকীৰ পৰা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এজন লোকে নিজৰ ভগ্নীৰ বিয়াত উপহাৰ দিব বিচৰা বাবেই হত্যা কৰিলে পত্নীয়ে।  বুধবাৰে পোহৰলৈ আহিছে এই ঘটনা।

ঘটনাৰ বিৱৰণী অনুসৰি চন্দ্ৰ প্ৰকাশ মিশ্ৰ(৩৫) নামৰ লোকজনে নিজ  ভগ্নীৰ বিয়াত সোণৰ আঙুঠি আৰু টিভি উপহাৰ দিব বিচাৰিছিল। কিন্তু এয়াই কাল হ'ল চন্দ্ৰ প্ৰকাশ মিশ্ৰৰ বাবে। তেওঁৰ পত্নী ছবিয়ে বিচৰা নাছিল দামী উপহাৰ দিয়াতো। যাৰ বাবে ছবিয়ে স্বামী চন্দ্ৰ প্ৰকাশক মৰিয়াই মৰিয়াই হত্যা কৰে।  

চন্দ্ৰ প্ৰকাশ মিশ্ৰৰ ভগ্নীৰ বিয়া আছিল ২৬ এপ্ৰিলত। তেওঁ ভনীয়েকক এটা সোণৰ আঙুঠি আৰু এটা টিভি উপহাৰ দিব বিচাৰা বাবে ক্ষোভিত হৈছিল ছবি। যাক লৈ দুয়োৰে মাজত তৰ্কা-তৰ্কি হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, খঙত পত্নীয়ে তেওঁ ভাতৃকেইজনক মাতি আনে । তেওঁলোকে চন্দ্ৰ প্ৰকাশক প্ৰায় ১ ঘন্টা ধৰি লাঠিৰে কোবায়। পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত্যু হয় তেওঁৰ।

হত্যাকাণ্ডৰ পাছত ছবি আৰু তেওঁৰ ৫ ভায়েকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 

চাৰি বছৰৰ পূৰ্বে চন্দ্ৰ প্ৰকাশ বিবাহপাশত আবদ্ধ হৈছিল ৰামনগৰ থানা এলেকাৰ কাদৰাবাদৰ বাসিন্দা ছবিৰ সৈতে। তেওঁলোকৰ গোপাল নামৰ এটা এবছৰীয়া সন্তানো আছে। পত্নীৰ জেদে অৱশেষত স্বামীৰ প্ৰাণ কাঢ়ি লৈ ​​গ’ল। ইয়াৰ বাবেই নিস্পাপ শিশুটিৰ জীৱনৰৰ পৰা পিতৃৰ ছাঁও চিৰদিনৰ বাবে আঁতৰি গ’ল। শিশুটিয়ে গমেই পোৱা নাই যে তেওঁৰ মাতৃয়ে হত্যা কৰিলে তেওঁৰ পিতৃক। 

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু