--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মানুহক হত্যা কৰাটো এতিয়া যেন তেনেই সহজ কথা হৈ পৰিল। মানুহৰ প্ৰাণ কাঢ়ি নিবলৈ এতিয়া যেন মানুহে কুণ্ঠাবোধেই নকৰে। সমাজত ঘটি থকা কিছুমান ঘটনাই সময়ে সময়ে এইবোৰ কথাকে প্ৰমাণ কৰি আহিছে। 


উত্তৰ প্ৰদেশৰ বাৰাবংকীৰ পৰা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এজন লোকে নিজৰ ভগ্নীৰ বিয়াত উপহাৰ দিব বিচৰা বাবেই হত্যা কৰিলে পত্নীয়ে।  বুধবাৰে পোহৰলৈ আহিছে এই ঘটনা।

ঘটনাৰ বিৱৰণী অনুসৰি চন্দ্ৰ প্ৰকাশ মিশ্ৰ(৩৫) নামৰ লোকজনে নিজ  ভগ্নীৰ বিয়াত সোণৰ আঙুঠি আৰু টিভি উপহাৰ দিব বিচাৰিছিল। কিন্তু এয়াই কাল হ'ল চন্দ্ৰ প্ৰকাশ মিশ্ৰৰ বাবে। তেওঁৰ পত্নী ছবিয়ে বিচৰা নাছিল দামী উপহাৰ দিয়াতো। যাৰ বাবে ছবিয়ে স্বামী চন্দ্ৰ প্ৰকাশক মৰিয়াই মৰিয়াই হত্যা কৰে।  

চন্দ্ৰ প্ৰকাশ মিশ্ৰৰ ভগ্নীৰ বিয়া আছিল ২৬ এপ্ৰিলত। তেওঁ ভনীয়েকক এটা সোণৰ আঙুঠি আৰু এটা টিভি উপহাৰ দিব বিচাৰা বাবে ক্ষোভিত হৈছিল ছবি। যাক লৈ দুয়োৰে মাজত তৰ্কা-তৰ্কি হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, খঙত পত্নীয়ে তেওঁ ভাতৃকেইজনক মাতি আনে । তেওঁলোকে চন্দ্ৰ প্ৰকাশক প্ৰায় ১ ঘন্টা ধৰি লাঠিৰে কোবায়। পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত্যু হয় তেওঁৰ।

হত্যাকাণ্ডৰ পাছত ছবি আৰু তেওঁৰ ৫ ভায়েকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 

চাৰি বছৰৰ পূৰ্বে চন্দ্ৰ প্ৰকাশ বিবাহপাশত আবদ্ধ হৈছিল ৰামনগৰ থানা এলেকাৰ কাদৰাবাদৰ বাসিন্দা ছবিৰ সৈতে। তেওঁলোকৰ গোপাল নামৰ এটা এবছৰীয়া সন্তানো আছে। পত্নীৰ জেদে অৱশেষত স্বামীৰ প্ৰাণ কাঢ়ি লৈ ​​গ’ল। ইয়াৰ বাবেই নিস্পাপ শিশুটিৰ জীৱনৰৰ পৰা পিতৃৰ ছাঁও চিৰদিনৰ বাবে আঁতৰি গ’ল। শিশুটিয়ে গমেই পোৱা নাই যে তেওঁৰ মাতৃয়ে হত্যা কৰিলে তেওঁৰ পিতৃক। 

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ