--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভিনেত্ৰী হিনা খানে প্ৰতিদিনে ছ’চিয়েল মিডিয়াত নিজৰ স্বাস্থ্য সম্পৰ্কীয় সবিশেষ তেওঁৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থাকে। তেওঁৰ স্তনৰ কৰ্কট ৰোগ । অভিনেত্ৰীগৰাকীয়ে যেতিয়াৰ পৰা অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে যে তেওঁ কৰ্কট ৰোগৰ সৈতে যুঁজি আছে, তেতিয়াৰ পৰাই তেওঁৰ অনুৰাগীসকলে প্ৰতিদিনে কামনা কৰে যে অভিনেত্ৰীগৰাকীয়ে অতি সোনকালে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে।

Hina Khan shares pic of her 'last standing eyelash' amid cancer treatment:  Haven't worn falsies in a decade, but now... - Hindustan Times


কিছুদিন পূৰ্বে হিনা খানে এটা পোষ্টৰ জৰিয়তে কয় যে তেওঁৰ নিউৰ’পেথিক বিষ হৈছে। ইয়াৰ বাবে তেওঁৰ কেইমিনিটমান সময়ো থিয় হৈ থকাটো কঠিন হৈ পৰিছে। একে সময়তে এতিয়া অভিনেত্ৰীগৰাকীয়ে আন এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে তেওঁৰ চকুৰ পতা মাত্ৰ এটাহে বাকী আছে। হিনা খানে ইয়াৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।


Hina Khan shares the reason behind her dedication to recover from cancer;  'I have a promise...'

'য়ে ৰিষ্টা ক্যা কেহলাতা হে' শীৰ্ষক ধাৰাবাহিকৰ অভিনেত্ৰীগৰাকীয়ে চকুৰ চেলফি পোষ্ট কৰি জনায় যে মাত্ৰ এটা চকুৰ পতা বাকী আছে। তেওঁ লিখিছে, ‘এই চকুৰ পতাবোৰ মোৰ চকুৰ এটা অংশ হোৱাৰ বাবে মোৰ চকু দুটা ধুনীয়া বুলি সকলোৱে কয় ৷ এতিয়া মোৰ এটা চকুৰ পতাহে বাকী আছে, মই মোৰ কেমোথেৰাপিৰ শেষ পৰ্যায়ত আছো আৰু মোৰ এই শেষৰ পলকটোৱেই মোৰ প্ৰেৰণা। এই কঠিন সময়ো আমি অতিক্ৰম কৰিম।

Hina Khan reveals she is left with only one eyelash on her eyes; says, last  cycle of my chemo; ...

ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ এদশকৰো অধিক সময় ধৰি নকল চকুৰ পতা প্ৰয়োগ কৰা নাই, কিন্তু এতিয়া শ্বুটিঙৰ বাবে তেওঁ এনে কৰিবলগীয়া হৈছে। তেওঁৰ অনুৰাগীসকলেও তেওঁৰ বাবে প্ৰাৰ্থনা কৰিছে যাতে অভিনেত্ৰীগৰাকী অতি সোনকালে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠক। একে সময়তে জুহি পৰমাৰ, মৌনি ৰায়, ৰাখী সাৱন্তকে ধৰি আন বহু তাৰকাই তেওঁৰ পোষ্টত কমেন্ট কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ