--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভিনেত্ৰী হিনা খানে প্ৰতিদিনে ছ’চিয়েল মিডিয়াত নিজৰ স্বাস্থ্য সম্পৰ্কীয় সবিশেষ তেওঁৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থাকে। তেওঁৰ স্তনৰ কৰ্কট ৰোগ । অভিনেত্ৰীগৰাকীয়ে যেতিয়াৰ পৰা অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে যে তেওঁ কৰ্কট ৰোগৰ সৈতে যুঁজি আছে, তেতিয়াৰ পৰাই তেওঁৰ অনুৰাগীসকলে প্ৰতিদিনে কামনা কৰে যে অভিনেত্ৰীগৰাকীয়ে অতি সোনকালে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে।

Hina Khan shares pic of her 'last standing eyelash' amid cancer treatment:  Haven't worn falsies in a decade, but now... - Hindustan Times


কিছুদিন পূৰ্বে হিনা খানে এটা পোষ্টৰ জৰিয়তে কয় যে তেওঁৰ নিউৰ’পেথিক বিষ হৈছে। ইয়াৰ বাবে তেওঁৰ কেইমিনিটমান সময়ো থিয় হৈ থকাটো কঠিন হৈ পৰিছে। একে সময়তে এতিয়া অভিনেত্ৰীগৰাকীয়ে আন এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে তেওঁৰ চকুৰ পতা মাত্ৰ এটাহে বাকী আছে। হিনা খানে ইয়াৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।


Hina Khan shares the reason behind her dedication to recover from cancer;  'I have a promise...'

'য়ে ৰিষ্টা ক্যা কেহলাতা হে' শীৰ্ষক ধাৰাবাহিকৰ অভিনেত্ৰীগৰাকীয়ে চকুৰ চেলফি পোষ্ট কৰি জনায় যে মাত্ৰ এটা চকুৰ পতা বাকী আছে। তেওঁ লিখিছে, ‘এই চকুৰ পতাবোৰ মোৰ চকুৰ এটা অংশ হোৱাৰ বাবে মোৰ চকু দুটা ধুনীয়া বুলি সকলোৱে কয় ৷ এতিয়া মোৰ এটা চকুৰ পতাহে বাকী আছে, মই মোৰ কেমোথেৰাপিৰ শেষ পৰ্যায়ত আছো আৰু মোৰ এই শেষৰ পলকটোৱেই মোৰ প্ৰেৰণা। এই কঠিন সময়ো আমি অতিক্ৰম কৰিম।

Hina Khan reveals she is left with only one eyelash on her eyes; says, last  cycle of my chemo; ...

ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ এদশকৰো অধিক সময় ধৰি নকল চকুৰ পতা প্ৰয়োগ কৰা নাই, কিন্তু এতিয়া শ্বুটিঙৰ বাবে তেওঁ এনে কৰিবলগীয়া হৈছে। তেওঁৰ অনুৰাগীসকলেও তেওঁৰ বাবে প্ৰাৰ্থনা কৰিছে যাতে অভিনেত্ৰীগৰাকী অতি সোনকালে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠক। একে সময়তে জুহি পৰমাৰ, মৌনি ৰায়, ৰাখী সাৱন্তকে ধৰি আন বহু তাৰকাই তেওঁৰ পোষ্টত কমেন্ট কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু