--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৮৯ চনত ‘ফৌজী’ ধাৰাবাহিকৰ জৰিয়তে ছবি জগতলৈ খোজ দিয়ে শ্বাহৰুখ খানে ৷ ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ ভাৰতৰ প্ৰতিঘৰতে নিজৰ নাম উজ্বলাইছিল। এতিয়া ৩৫ বছৰৰ পাছত পুনৰ টিভিলৈ উভতি আহিছে ‘ফৌজী’ৰ ছিকুৱেল লৈ। ইয়াৰ নাম ৰখা হৈছে ‘ফৌজী ২’।এই সন্দৰ্ভত মঙলবাৰে ঘোষণা কৰা হয় । আনকি ‘ফৌজী ২’ৰ তাৰকা অভিনেতা-অভিনেত্ৰীৰ তথ্যও পোহৰলৈ আহিছে। এই ধাৰাবাহিকটোত কোনে মুখ্য চৰিত্ৰত অভিনয় কৰিব সেয়াও প্ৰকাশ পাইছে ।

Shah Rukh Khan Fauji 2 must rescue Indian armed forces from Republic TV,  Aaj Tak, Zee News


শ্বাহৰুখ খানৰ ‘ফৌজী’ (১৯৮৯) পৰিচালনা কৰিছিল লেফটেনেণ্ট কৰ্ণেল ৰাজ কুমাৰ কাপুৰে। এইখন ধাৰাবাহিকে শ্বাহৰুখ খানক সমগ্ৰ বিশ্বতে বিখ্যাত কৰি তুলিছিল। ট্ৰেড বিশ্লেষক তৰণ আদৰ্শে নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি ‘ফৌজী ২’ শ্ব’টোৰ বিষয়ে সম্পূৰ্ণ তথ্য দিছে। প্ৰযোজক সন্দীপ সিঙে এই অনুষ্ঠানৰ বাবে দূৰদৰ্শন চেনেলৰ সৈতে আলোচনাত বহিছে। টিভি অভিনেত্ৰী অংকিতা লোখাণ্ডেৰ স্বামী বিকি জৈনক দেখা যাব ‘ফৌজী ২’ ধাৰাবাহিকখনত।


How Shah Rukh Khan Got His Debut Role In 'Fauji'


‘ফৌজী ২’ৱে নতুন এটা অধ্যায় লৈ ঘূৰি আহিছে। এই ধাৰাবাহিকৰ প্ৰযোজক সন্দীপ সিং আৰু ইয়াৰ পৰিচালনাৰ দায়িত্ব লৈছে অভিনৱ পাৰিকে। বিকি জৈনৰ উপৰিও গৌহৰ খান, আশীষ ভৰদ্বাজ, উৎকৰ্ষ কোহলী, ৰুদ্ৰ ছোনী, অমৰদ্বীপ ফোগাট, আয়ান মঞ্চন্দ, সুবংশ ধৰ, প্ৰিয়ংশু ৰাজগুৰু, অমন সিং দীপ, উদিত কাপুৰ, মানসী আৰু সুষমিতা ভাণ্ডাৰীৰ দৰে তাৰকাক দেখা যাব। দূৰদৰ্শনত প্ৰিমিয়াৰ হ’ব ‘ফৌজী ২’ । বিকি জৈন ‘ফৌজী ২’ৰ মুখ্য নায়কেই নহয় ইয়াৰ সহ-প্ৰযোজক।


Not Fauji or Circus, this is the Shah Rukh Khan TV show no one remembers -  India Today

উল্লেখযোগ্য যে আশীৰ দশকত দূৰদৰ্শনত ‘ফৌজী’ প্ৰচাৰ হৈছিল। ইয়াৰ কাহিনী নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলৰ ওপৰত যিয়ে ভাৰতীয় সেনাবাহিনীত নিজৰ স্থান দখল কৰে। ফৌজী ছবিত অভিমন্যু ৰায়ৰ চৰিত্ৰত অভিনয় কৰিছিল শ্বাহৰুখ খানে। উল্লেখ্য যে তেওঁৰ ভূমিকা ভাৰতীয় সেনাৰ বম্বে চেপাৰ্ছৰ লেফটেনেণ্ট কৰ্ণেল সঞ্জয় বেনাৰ্জীৰ পৰা অনুপ্ৰাণিত। এই ধাৰাবাহিকখন বিপুল হিট বুলি প্ৰমাণিত হ’ল আৰু আজিও অনুৰাগীয়ে ইয়াক চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ