--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৮৯ চনত ‘ফৌজী’ ধাৰাবাহিকৰ জৰিয়তে ছবি জগতলৈ খোজ দিয়ে শ্বাহৰুখ খানে ৷ ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ ভাৰতৰ প্ৰতিঘৰতে নিজৰ নাম উজ্বলাইছিল। এতিয়া ৩৫ বছৰৰ পাছত পুনৰ টিভিলৈ উভতি আহিছে ‘ফৌজী’ৰ ছিকুৱেল লৈ। ইয়াৰ নাম ৰখা হৈছে ‘ফৌজী ২’।এই সন্দৰ্ভত মঙলবাৰে ঘোষণা কৰা হয় । আনকি ‘ফৌজী ২’ৰ তাৰকা অভিনেতা-অভিনেত্ৰীৰ তথ্যও পোহৰলৈ আহিছে। এই ধাৰাবাহিকটোত কোনে মুখ্য চৰিত্ৰত অভিনয় কৰিব সেয়াও প্ৰকাশ পাইছে ।

Shah Rukh Khan Fauji 2 must rescue Indian armed forces from Republic TV,  Aaj Tak, Zee News


শ্বাহৰুখ খানৰ ‘ফৌজী’ (১৯৮৯) পৰিচালনা কৰিছিল লেফটেনেণ্ট কৰ্ণেল ৰাজ কুমাৰ কাপুৰে। এইখন ধাৰাবাহিকে শ্বাহৰুখ খানক সমগ্ৰ বিশ্বতে বিখ্যাত কৰি তুলিছিল। ট্ৰেড বিশ্লেষক তৰণ আদৰ্শে নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি ‘ফৌজী ২’ শ্ব’টোৰ বিষয়ে সম্পূৰ্ণ তথ্য দিছে। প্ৰযোজক সন্দীপ সিঙে এই অনুষ্ঠানৰ বাবে দূৰদৰ্শন চেনেলৰ সৈতে আলোচনাত বহিছে। টিভি অভিনেত্ৰী অংকিতা লোখাণ্ডেৰ স্বামী বিকি জৈনক দেখা যাব ‘ফৌজী ২’ ধাৰাবাহিকখনত।


How Shah Rukh Khan Got His Debut Role In 'Fauji'


‘ফৌজী ২’ৱে নতুন এটা অধ্যায় লৈ ঘূৰি আহিছে। এই ধাৰাবাহিকৰ প্ৰযোজক সন্দীপ সিং আৰু ইয়াৰ পৰিচালনাৰ দায়িত্ব লৈছে অভিনৱ পাৰিকে। বিকি জৈনৰ উপৰিও গৌহৰ খান, আশীষ ভৰদ্বাজ, উৎকৰ্ষ কোহলী, ৰুদ্ৰ ছোনী, অমৰদ্বীপ ফোগাট, আয়ান মঞ্চন্দ, সুবংশ ধৰ, প্ৰিয়ংশু ৰাজগুৰু, অমন সিং দীপ, উদিত কাপুৰ, মানসী আৰু সুষমিতা ভাণ্ডাৰীৰ দৰে তাৰকাক দেখা যাব। দূৰদৰ্শনত প্ৰিমিয়াৰ হ’ব ‘ফৌজী ২’ । বিকি জৈন ‘ফৌজী ২’ৰ মুখ্য নায়কেই নহয় ইয়াৰ সহ-প্ৰযোজক।


Not Fauji or Circus, this is the Shah Rukh Khan TV show no one remembers -  India Today

উল্লেখযোগ্য যে আশীৰ দশকত দূৰদৰ্শনত ‘ফৌজী’ প্ৰচাৰ হৈছিল। ইয়াৰ কাহিনী নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলৰ ওপৰত যিয়ে ভাৰতীয় সেনাবাহিনীত নিজৰ স্থান দখল কৰে। ফৌজী ছবিত অভিমন্যু ৰায়ৰ চৰিত্ৰত অভিনয় কৰিছিল শ্বাহৰুখ খানে। উল্লেখ্য যে তেওঁৰ ভূমিকা ভাৰতীয় সেনাৰ বম্বে চেপাৰ্ছৰ লেফটেনেণ্ট কৰ্ণেল সঞ্জয় বেনাৰ্জীৰ পৰা অনুপ্ৰাণিত। এই ধাৰাবাহিকখন বিপুল হিট বুলি প্ৰমাণিত হ’ল আৰু আজিও অনুৰাগীয়ে ইয়াক চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু