--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কল শৰীৰৰ বাবে উপকাৰী খাদ্য বুলি জনা যায়৷ শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে যে কলৰ বাকলিয়ে বিপদজ্জনক কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে৷

কল হৈছে এক সহজে উপলব্ধ ফল। এইবিধ ফলক এক শক্তিবৰ্ধক হিচাপেও গণ্য কৰা হয়। কল পেটৰ বাবেও বহুত ভাল। কলৰ এটা সৰু টুকুৰাত প্ৰায় ৯০ কেল’ৰি থাকে। এই কাৰণে, কল যিকোনো মিঠা খাদ্যতকৈ যথেষ্ট উপকাৰী৷ এইটোও মনত ৰাখিব লাগে যে কেৱল কলৰ বাহিৰৰ অংশই নহয়, কলৰ বাকলি খোৱাৰো আছে লাভালাভ৷

কলৰ পুষ্টিগত মূল্যৰ বিষয়ে বহুলোকৰ কোনো ধাৰণা নাই। ১০০ গ্ৰাম কলত ০.৩ গ্ৰাম মুঠ চৰ্বি, ০ কলেষ্টেৰল, ১মি: গ্ৰা নিমখ, ৩৬০ মি:গ্ৰা পটাছিয়াম, ২.৬ গ্ৰাম আঁহ, ১২ গ্ৰাম চেনি আৰু ১.১ গ্ৰাম প্ৰ’টিন থাকে।

দেখা যায়, বেছিভাগ মানুহে কলৰ বাকলি ব্যৱহাৰ নকৰে। অৱশ্যে, আপুনি জানি আচৰিত হ’ব যে কলৰ বাকলি খোৱা সম্ভৱ। আৰু এইটো আমেৰিকান পুষ্টিবিদ এৰিন কেনিৰ এক প্ৰতিবেদনযোগে প্ৰকাশ পাইছে। তেওঁৰ মতে, কলৰ বাকলিত পলিফেনল, কেৰোটিনইডৰ পৰা এণ্টি-অক্সিডেণ্ট থাকে। এই সকলো উপাদানে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

গতিকে কলৰ বাকলি খোৱাৰ প্ৰকৃত লাভ কি সেয়া জানো আহক—

• কলৰ বাকলি পাকস্থলীৰ বাবে ভাল

এৰিন কেনিয়ে কৈছিল যে কলৰ বাকলিত দুই প্ৰকাৰৰ প্ৰবায়োটিক আছে। ইয়াত প্ৰতিৰোধ সংৰক্ষণো আছে। অন্ত্ৰত ভাল বেক্টেৰিয়া দ্ৰুতগতিত বৃদ্ধি হয়। ই আনকি বেয়া বেক্টেৰিয়াৰ বিকাশো নাইকিয়া কৰে। গতিকে পেটৰ সমস্যা থাকিলে কল খাব।

• কলৰ বাকলিত যথেষ্ট আঁহ থাকে 

এৰিন কেনিয়ে কৈছিল যে কলৰ বাকলিত যথেষ্ট আঁহ আছে। দৰাচলতে, যদি আপুনি কোষ্ঠকাঠিন্যৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাত ভুগে, তেন্তে কলৰ বাকলি এক উৎকৃষ্ট খাদ্য হ'ব পাৰে। গতিকে আপুনি কলৰ বাকলি খাব পাৰে৷

৩. কলৰ বাকলিত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে

কলৰ বাকলিত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে। ইয়াত ফেনল, কেৰোটিনইড আৰু অন্যান্য এণ্টিঅক্সিডেণ্ট থাকে। শৰীৰে সঠিকভাৱে কাম কৰাৰ বাবে এই উপাদানবোৰৰ প্ৰতিটো অতি গুৰুত্বপূৰ্ণ।

4. কৰ্কট ৰোগ প্ৰতিৰোধ

কলৰ বাকলি কলৰ দৰেই উপকাৰী। কলৰ বাকলিত এণ্টিঅক্সিডেণ্ট থাকে। এই এণ্টিঅক্সিডেণ্টৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে। গতিকে এই মাৰাত্মক ৰোগৰ পৰা আঁতৰি থাকিবলৈ কলৰ বাকলি খাব পাৰে৷

৫. কলৰ বাকলিত যথেষ্ট ভিটামিন এ থাকে 

প্ৰতিজন ব্যক্তিৰ শৰীৰত ভিটামিন এ-ৰ প্ৰয়োজন। দৰাচলতে, এই ভিটামিন চকুৰ বাবে উপযোগী। দেখা গৈছে যে যদি এই ভিটামিন শৰীৰত উচ্চ হয় তেন্তে বহুতো গুৰুতৰ সমস্যা সমাধান কৰিব পাৰি। গতিকে কলৰ বাকলি খাওক আৰু সুস্থ থাকক৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ