--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সমগ্ৰ বিশ্বতে জনসংখ্যা বিস্ফোৰণ হোৱাৰ সমান্তৰালভাৱে দৈনিক বহু লোকৰ মৃত্যুুও হৈছে৷ দৈনিক নানা নতুন ৰোগত আক্ৰান্ত হৈছে বহু লোক৷ এই ৰোগসমূহৰ ভিতৰত অধিক প্ৰভাৱশালী হৈ উঠিছে কৰ্কট ৰোগ৷ 

শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি ২০২০ বৰ্ষত বিশ্বৰ ৪৬ খন দেশৰ অধিকাংশ বাসিন্দাৰ মৃত্যুৰ মূল কাৰণ হৈছে যকৃতৰ কৰ্কট ৰোগ৷ কেৱল এইয়াই নহয়,অনাগত দিনত যকৃতৰ কৰ্কটত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব বুলিও প্ৰকাশ কৰিলে    এই সমীক্ষাই৷ সমীক্ষা অনুসৰি , অনাগত ২০ বছৰত যকৃতৰ কৰ্কটত  আক্ৰান্তৰ হাৰ বৰ্তমানতকৈ ৫০ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ চিকিৎসা বিজ্ঞানৰ এক পত্ৰিকাত এই তথ্য প্ৰকাশ পাইছে৷ 

এই একেখন পত্ৰিকাৰ তথ্য মতে,বিশ্বত দ্ৰুত হাৰত কৰ্কট আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ উল্লেখযোগ্য যে, কৰ্কট ৰোগৰ মূল কাৰণসমূহো স্পষ্ট কৰিছে এই পত্ৰিকাখনে৷ পত্ৰিকাৰ তথ্য অনুসৰি সুৰাপান, অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ, শৰীৰৰ ওজন বৃদ্ধিৰ ফলতো কোনো ব্যক্তি সহজেই কৰ্কট ৰোগত আক্ৰান্ত হ’ব পাৰে৷ইয়াৰোপৰি টাইপ ২ ডায়বেটিছো হ’ব পাৰে কৰ্কট ৰোগৰ কাৰক৷ 

“ইন্টাৰনেচনেল এজেন্সি ফৰ ৰিচাৰ্চ অন কেন্সাৰ”ৰ দ্বাৰা প্ৰকাশিত তথ্য মতে, যোৱা ২০২০ বৰ্ষত বিশ্বজুৰি প্ৰায় আঠ লাখ লোক যকৃতৰ কেন্সাৰত আক্ৰান্ত হৈছিল৷ ইয়াৰ ভিতৰত পূব এচিয়া আৰু উত্তৰ আফ্ৰিকাতে কেন্সাৰ আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক৷ 

আমি সততে গুৰুত্ব নিদিওঁ যদিও সৰু সৰু কাৰণতে এই ভয়াৱহ ৰোগ হ’ব পাৰে৷ উদাহৰণ স্বৰূপে  নিদ্ৰাহীনতা, অত্যাধিক কৰ্মব্যস্ততাৰ বাবেও এই জটিল ৰোগ হ’ব পাৰে৷ প্ৰয়োজনতকৈ অধিক তেল-মছলা, চৰ্বিযুক্ত খাদ্য, মিঠা খাদ্য অধিক খোৱাৰ ফলতো যকৃতৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ গতিকে এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সুস্থ প্ৰণালীৰে জীৱন যাপন কৰাটো অতি আৱশ্যক৷ 





 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ