--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সমগ্ৰ বিশ্বতে জনসংখ্যা বিস্ফোৰণ হোৱাৰ সমান্তৰালভাৱে দৈনিক বহু লোকৰ মৃত্যুুও হৈছে৷ দৈনিক নানা নতুন ৰোগত আক্ৰান্ত হৈছে বহু লোক৷ এই ৰোগসমূহৰ ভিতৰত অধিক প্ৰভাৱশালী হৈ উঠিছে কৰ্কট ৰোগ৷ 

শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি ২০২০ বৰ্ষত বিশ্বৰ ৪৬ খন দেশৰ অধিকাংশ বাসিন্দাৰ মৃত্যুৰ মূল কাৰণ হৈছে যকৃতৰ কৰ্কট ৰোগ৷ কেৱল এইয়াই নহয়,অনাগত দিনত যকৃতৰ কৰ্কটত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব বুলিও প্ৰকাশ কৰিলে    এই সমীক্ষাই৷ সমীক্ষা অনুসৰি , অনাগত ২০ বছৰত যকৃতৰ কৰ্কটত  আক্ৰান্তৰ হাৰ বৰ্তমানতকৈ ৫০ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ চিকিৎসা বিজ্ঞানৰ এক পত্ৰিকাত এই তথ্য প্ৰকাশ পাইছে৷ 

এই একেখন পত্ৰিকাৰ তথ্য মতে,বিশ্বত দ্ৰুত হাৰত কৰ্কট আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ উল্লেখযোগ্য যে, কৰ্কট ৰোগৰ মূল কাৰণসমূহো স্পষ্ট কৰিছে এই পত্ৰিকাখনে৷ পত্ৰিকাৰ তথ্য অনুসৰি সুৰাপান, অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ, শৰীৰৰ ওজন বৃদ্ধিৰ ফলতো কোনো ব্যক্তি সহজেই কৰ্কট ৰোগত আক্ৰান্ত হ’ব পাৰে৷ইয়াৰোপৰি টাইপ ২ ডায়বেটিছো হ’ব পাৰে কৰ্কট ৰোগৰ কাৰক৷ 

“ইন্টাৰনেচনেল এজেন্সি ফৰ ৰিচাৰ্চ অন কেন্সাৰ”ৰ দ্বাৰা প্ৰকাশিত তথ্য মতে, যোৱা ২০২০ বৰ্ষত বিশ্বজুৰি প্ৰায় আঠ লাখ লোক যকৃতৰ কেন্সাৰত আক্ৰান্ত হৈছিল৷ ইয়াৰ ভিতৰত পূব এচিয়া আৰু উত্তৰ আফ্ৰিকাতে কেন্সাৰ আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক৷ 

আমি সততে গুৰুত্ব নিদিওঁ যদিও সৰু সৰু কাৰণতে এই ভয়াৱহ ৰোগ হ’ব পাৰে৷ উদাহৰণ স্বৰূপে  নিদ্ৰাহীনতা, অত্যাধিক কৰ্মব্যস্ততাৰ বাবেও এই জটিল ৰোগ হ’ব পাৰে৷ প্ৰয়োজনতকৈ অধিক তেল-মছলা, চৰ্বিযুক্ত খাদ্য, মিঠা খাদ্য অধিক খোৱাৰ ফলতো যকৃতৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ গতিকে এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সুস্থ প্ৰণালীৰে জীৱন যাপন কৰাটো অতি আৱশ্যক৷ 





 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু