--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ কাষতে কল-কাৰখানা থাকিলে প্ৰদূষণ হ’ব পাৰে। প্ৰদূষণৰ বাবেই মানুহে এতিয়া অত্যধিক হাৰত কৰ্কট, হাওঁফাওঁৰ ৰোগ, ছালৰ ৰোগ আদিত আক্রান্ত হ'বলৈ ধৰিছে। প্ৰদূষণৰ প্ৰধান কাৰণ হৈছে কল কাৰখানাসমূহ। 

কল-কাৰখানাৰ পৰা ওলোৱা বৰ্জিত পদার্থ, ধোঁৱা আদিয়ে পৰিবেশ প্ৰদূষিত কৰি তোলে। কিন্তু উন্নয়নৰ বাবে কল-কাৰখানা লাগিবই। সেইবাবে কল-কাৰখানাৰ সৈতে মানুহে এতিয়া সহাৱস্থান কৰিবলৈ বাধ্য হৈছে। কল-কাৰখানাৰ প্ৰদুষণে যাতে মানুহৰ বিশেষ ক্ষতিসাধন কৰিব নোৱাৰে সেই উদ্দেশ্যে বাস্তু শাস্ত্ৰত কেতবোৰ বিধান দিয়া হৈছে। 

এই বিধানসমূহ মানি চলিলে প্ৰদূষণৰ পৰা কিছু পৰিমাণে হ'লে মুক্ত হৈ থাকিব পৰা যাব। ঘৰৰ কাষত যদি কোনো কল-কাৰখানা থাকে তেন্তে তলৰ বিধানসমূহ মানি চলিব পাৰে।

ঘৰৰ ওচৰত এটা ডাঙৰ বেলুন আঁৰি থৈ দিয়ক। ঘৰৰ সন্মুখত কিছু দূৰলৈ নিশাৰ ভাগত যাতে প্ৰচুৰ পোহৰ সৃষ্টি হয় তাৰ বাবে বিজুলীবাতি লগাওক। সেই বিজুলী বাতিৰ পোহৰত যাতে আপোনাৰ ঘৰখন আলোকিত হৈ থাকে সেই কথালৈ মন কৰক।

ঘৰৰ সন্মুখত ওখ গছ ৰোপণ কৰক।

ঘৰৰ চৌপাশে বাস্তুৰ বিধি অনুসৰি প্ৰচুৰ পৰিমাণে নিম গছ ৰোপণ কৰক। নিম গছে পৰিৱেশৰ প্ৰদূষিত পদার্থ শোষণ কৰি লয় আৰু বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে অক্সিজেন এৰি দিয়ে ।

ঘৰৰ ওচৰে পাজৰে গছ ৰোপণৰ ক্ষেত্ৰত সদায় বাস্তু বিধি মানি চলিব লাগিব । কেতিয়াও পূব আৰু উত্তৰ অংশত ওখ গছ ৰুব নালাগিব।এনেবোৰ নিয়ম পালন কৰিলে সুফল পোৱা যাব বুলি বাস্তু বিশেষজ্ঞসকলে কৈ আহিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল