--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিভিন্ন ফলৰ ভিতৰত কলৰ দাম এতিয়াও সাধাৰণ মানুহৰ ব্যয়সাধ্যতাৰ ভিতৰত আছে। যদি কল আপোনাৰ প্ৰিয় ফল হয় তেন্তে আজিৰ পৰা আপুনি এই ফলবিধ দৈনিক ব্ৰেকফাষ্টত তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। সেয়েহে কলৰ গুণাগুণ সম্পৰ্কে কিছু তথ্য জানো আহক।

 কলৰ পুষ্টিগুণ ইমানেই বেছি যে সুস্বাস্থ্য সুনিশ্চিত কৰিবলৈ এই ফলৰ কোনো বিকল্প বিচাৰি পোৱা নাযায়। নিয়মিতভাৱে কল খোৱাৰ অভ্যাসে বহু দুৰাৰোগ্য ৰোগৰ পৰা সুৰক্ষিত থাকিব পাৰে। এটা কলে অতি কম সময়ৰ ভিতৰতে শৰীৰৰ নিস্তেজতা দূৰ কৰিব পাৰে। শাৰীৰিক দুৰ্বলতা, কোষ্ঠকাঠিন্য, পেটৰ গেছ, পাচনতন্ত্ৰৰ সমস্যাৰ বাবে ই এক উত্তম সমাধান হ’ব পাৰে।

 কলত প্ৰচুৰ পৰিমাণে আঁহ থাকে। গতিকে যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকে এই ফলবিধ বাছি ল’ব পাৰে। কাৰণ কল এটা খোৱাৰ পাছত মানুহে বহু সময়লৈ ভোক অনুভৱ নকৰে। যিয়ে আপোনাক আন কোনো খাদ্য গ্ৰহণ কৰাত সহজে বাধা দিব পাৰে। ইয়াৰ বাহিৰেও এই কলে ৰক্তহীনতা দূৰ কৰিব পাৰে, হাড় মজবুত কৰিব পাৰে, গৰ্ভৱতী মাতৃ আৰু নতুন শিশুৰ সঠিক পুষ্টি নিশ্চিত কৰিব পাৰে।

 স্মৰ্তব্য যে এটা কলে গোটেই দিনটোৰ মানসিক চাপ নিমিষতে দূৰ কৰিব পাৰে। পটাছিয়ামসমৃদ্ধ কলত ষ্ট্ৰেছ হৰম’ন কৰ্টিছল নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা থাকে। সেইবাবেই কলক ষ্ট্ৰেছ বাষ্টাৰ বুলি কোৱা হয়। গতিকে মানসিক চাপত ভোগা লোকসকলে খাদ্য তালিকাত দৈনিক অন্তৰ্ভুক্ত কৰক এটাকৈ কল। আচৰিত যেন লাগিলেও সত্য যে কলত থকা এন্টিঅক্সিডেন্টে ছালখনক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে, ঠিক তেনেদৰে কলত থকা ড’পামাইনেও চাপ আৰু হতাশা হ্ৰাস কৰি আপোনাৰ মানসিক উন্নত কৰিব পাৰে।

\







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ