--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিভিন্ন ফলৰ ভিতৰত কলৰ দাম এতিয়াও সাধাৰণ মানুহৰ ব্যয়সাধ্যতাৰ ভিতৰত আছে। যদি কল আপোনাৰ প্ৰিয় ফল হয় তেন্তে আজিৰ পৰা আপুনি এই ফলবিধ দৈনিক ব্ৰেকফাষ্টত তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। সেয়েহে কলৰ গুণাগুণ সম্পৰ্কে কিছু তথ্য জানো আহক।

 কলৰ পুষ্টিগুণ ইমানেই বেছি যে সুস্বাস্থ্য সুনিশ্চিত কৰিবলৈ এই ফলৰ কোনো বিকল্প বিচাৰি পোৱা নাযায়। নিয়মিতভাৱে কল খোৱাৰ অভ্যাসে বহু দুৰাৰোগ্য ৰোগৰ পৰা সুৰক্ষিত থাকিব পাৰে। এটা কলে অতি কম সময়ৰ ভিতৰতে শৰীৰৰ নিস্তেজতা দূৰ কৰিব পাৰে। শাৰীৰিক দুৰ্বলতা, কোষ্ঠকাঠিন্য, পেটৰ গেছ, পাচনতন্ত্ৰৰ সমস্যাৰ বাবে ই এক উত্তম সমাধান হ’ব পাৰে।

 কলত প্ৰচুৰ পৰিমাণে আঁহ থাকে। গতিকে যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকে এই ফলবিধ বাছি ল’ব পাৰে। কাৰণ কল এটা খোৱাৰ পাছত মানুহে বহু সময়লৈ ভোক অনুভৱ নকৰে। যিয়ে আপোনাক আন কোনো খাদ্য গ্ৰহণ কৰাত সহজে বাধা দিব পাৰে। ইয়াৰ বাহিৰেও এই কলে ৰক্তহীনতা দূৰ কৰিব পাৰে, হাড় মজবুত কৰিব পাৰে, গৰ্ভৱতী মাতৃ আৰু নতুন শিশুৰ সঠিক পুষ্টি নিশ্চিত কৰিব পাৰে।

 স্মৰ্তব্য যে এটা কলে গোটেই দিনটোৰ মানসিক চাপ নিমিষতে দূৰ কৰিব পাৰে। পটাছিয়ামসমৃদ্ধ কলত ষ্ট্ৰেছ হৰম’ন কৰ্টিছল নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা থাকে। সেইবাবেই কলক ষ্ট্ৰেছ বাষ্টাৰ বুলি কোৱা হয়। গতিকে মানসিক চাপত ভোগা লোকসকলে খাদ্য তালিকাত দৈনিক অন্তৰ্ভুক্ত কৰক এটাকৈ কল। আচৰিত যেন লাগিলেও সত্য যে কলত থকা এন্টিঅক্সিডেন্টে ছালখনক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে, ঠিক তেনেদৰে কলত থকা ড’পামাইনেও চাপ আৰু হতাশা হ্ৰাস কৰি আপোনাৰ মানসিক উন্নত কৰিব পাৰে।

\







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু