--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতৰ একৈশ শতিকাৰ কৃষক বিদ্ৰোহৰ মহাযোদ্ধা ৰাকেশ টিকাইত, অন্যান্য প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে ৩৮৩ দিনৰ পাছত ওপজা মাটিলৈ উভতি আহিছে৷ দিল্লীৰ সিংগু, টিক্ৰি আৰু গাজীপুৰৰ সীমান্তত অব্যাহত প্ৰতিবাদৰ পাছত শিৰনত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱামাহত ঘোষণা কৰিছিল যে তিনিখন কৃষি আইন বাতিল কৰা হ'ব। কেন্দ্ৰৰ সৈতে হোৱা আপোচবিহীন যুঁজৰ ফলত বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰাৰ পাছত কৃষক নেতা ৰাকেশ টিকাইত আৰু তেওঁৰ সমৰ্থকসকলে বুধবাৰে দিল্লী-উত্তৰ প্ৰদেশ সীমান্তৰ গাজীপুৰৰ পৰা তেওঁলোকৰ ঘৰলৈ ৰাওনা হয়৷


ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ টিকাইতে আজি পশ্চিম উত্তৰ প্ৰদেশৰ মুজাফফৰনগৰ জিলাৰ চিচাউলি গাঁৱত উপস্থিত হ'বলৈ গাজীপুৰৰ পৰা ওলাই যাওঁতে তেওঁৰ কনভয়ৰ অভ্যৰ্থনাৰ ফটো আৰু ভিডিঅ' ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। ৰাকেশ টিকাইতে এটা টুইতত এইদৰে লিখিছে- “ৰাস্তাত তেৰ মাহৰ সংগ্ৰাম আৰু আজি ঘৰলৈ উভতি আহিছে। দেশৰ নাগৰিকসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ৷”

যেতিয়াই যোৱা এবছৰ ধৰি প্ৰতিবাদ সমাপ্ত কৰাৰ বিষয়ে কৃষকসকলক প্ৰৰোচিত কৰা হৈছিল, বিকেইউৰ সভাপতি নৰেশ টিকাইটৰ সৰু ভায়েক ৰাকেশ টিকাইতে প্ৰায়ে উত্তৰ দিছিল, ‘বিল ৱাপচি চে ঘৰ ৱাপচি হোগী।’

প্ৰতিবাদৰ পৰা উভতি অহা কৃষকসকলে যাত্ৰাপথত নায়কৰ আদৰণি লাভ কৰাৰ সময়ত, টিকাইট পৰিয়ালৰ স্থানীয় গাঁও আৰু বিকেইউৰ মুখ্য কাৰ্যালয় চিচাউলিও তেওঁলোকৰ অভ্যৰ্থনাৰ বাবে ৰাতিটোৰ ভিতৰতে সজ্জিত হৈ পৰিছিল।

ভাৰতীয় কিষাণ ইউনিয়ন হৈছে এক প্ৰভাৱশালী কৃষক সংঘ, যি সংযুক্ত কিষাণ মৰ্চাৰ (এছকেএম) এক অংশ, তেওঁলোকেই কৃষক উৎপাদন বাণিজ্য (প্ৰচাৰ আৰু সুবিধা) আইন, ২০২০, মূল্য নিশ্চিতি আৰু কৃষি সেৱা আইন, ২০২০ আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন, ২০২০ৰ বিৰুদ্ধে প্ৰতিবাদৰ বলিষ্ঠ নেতৃত্ব দিছিল। আৰু, নেতৃত্বৰ সমুখৰ শাৰীত আছিল ৰাকেশ টিকাইত৷ যিগৰাকী মহাযোদ্ধা আজি ৩৮৩ দিনৰ পাছত ঘৰলৈ উভতিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক