--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতৰ একৈশ শতিকাৰ কৃষক বিদ্ৰোহৰ মহাযোদ্ধা ৰাকেশ টিকাইত, অন্যান্য প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে ৩৮৩ দিনৰ পাছত ওপজা মাটিলৈ উভতি আহিছে৷ দিল্লীৰ সিংগু, টিক্ৰি আৰু গাজীপুৰৰ সীমান্তত অব্যাহত প্ৰতিবাদৰ পাছত শিৰনত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱামাহত ঘোষণা কৰিছিল যে তিনিখন কৃষি আইন বাতিল কৰা হ'ব। কেন্দ্ৰৰ সৈতে হোৱা আপোচবিহীন যুঁজৰ ফলত বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰাৰ পাছত কৃষক নেতা ৰাকেশ টিকাইত আৰু তেওঁৰ সমৰ্থকসকলে বুধবাৰে দিল্লী-উত্তৰ প্ৰদেশ সীমান্তৰ গাজীপুৰৰ পৰা তেওঁলোকৰ ঘৰলৈ ৰাওনা হয়৷


ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ টিকাইতে আজি পশ্চিম উত্তৰ প্ৰদেশৰ মুজাফফৰনগৰ জিলাৰ চিচাউলি গাঁৱত উপস্থিত হ'বলৈ গাজীপুৰৰ পৰা ওলাই যাওঁতে তেওঁৰ কনভয়ৰ অভ্যৰ্থনাৰ ফটো আৰু ভিডিঅ' ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। ৰাকেশ টিকাইতে এটা টুইতত এইদৰে লিখিছে- “ৰাস্তাত তেৰ মাহৰ সংগ্ৰাম আৰু আজি ঘৰলৈ উভতি আহিছে। দেশৰ নাগৰিকসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ৷”

যেতিয়াই যোৱা এবছৰ ধৰি প্ৰতিবাদ সমাপ্ত কৰাৰ বিষয়ে কৃষকসকলক প্ৰৰোচিত কৰা হৈছিল, বিকেইউৰ সভাপতি নৰেশ টিকাইটৰ সৰু ভায়েক ৰাকেশ টিকাইতে প্ৰায়ে উত্তৰ দিছিল, ‘বিল ৱাপচি চে ঘৰ ৱাপচি হোগী।’

প্ৰতিবাদৰ পৰা উভতি অহা কৃষকসকলে যাত্ৰাপথত নায়কৰ আদৰণি লাভ কৰাৰ সময়ত, টিকাইট পৰিয়ালৰ স্থানীয় গাঁও আৰু বিকেইউৰ মুখ্য কাৰ্যালয় চিচাউলিও তেওঁলোকৰ অভ্যৰ্থনাৰ বাবে ৰাতিটোৰ ভিতৰতে সজ্জিত হৈ পৰিছিল।

ভাৰতীয় কিষাণ ইউনিয়ন হৈছে এক প্ৰভাৱশালী কৃষক সংঘ, যি সংযুক্ত কিষাণ মৰ্চাৰ (এছকেএম) এক অংশ, তেওঁলোকেই কৃষক উৎপাদন বাণিজ্য (প্ৰচাৰ আৰু সুবিধা) আইন, ২০২০, মূল্য নিশ্চিতি আৰু কৃষি সেৱা আইন, ২০২০ আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন, ২০২০ৰ বিৰুদ্ধে প্ৰতিবাদৰ বলিষ্ঠ নেতৃত্ব দিছিল। আৰু, নেতৃত্বৰ সমুখৰ শাৰীত আছিল ৰাকেশ টিকাইত৷ যিগৰাকী মহাযোদ্ধা আজি ৩৮৩ দিনৰ পাছত ঘৰলৈ উভতিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম