--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়ে বজাৰত দুই ধৰণৰ আঙুৰ দেখিবলৈ পায়। এই দুয়োবিধ আঙুৰেই সোৱাদযুক্ত। কিন্তু আমি স্বাস্থ্যৰ বাবে কোনবিধ আঙুৰ অধিক উপকাৰী সেই কথা নাজানো। ক'লা আঙুৰ হৈছে পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম আৰু ভিটামিন-Cৰ উৎস। আনহাতে, এই আঙুৰত প্ৰ'টিন, ফাইবাৰ, ভিটামিন-C আৰু ভিটামিন-Kৰেও সমৃদ্ধ। কিন্তু এই দুয়োবিধ আঙুৰৰ ভিতৰত কোনটো অধিক উপকাৰী। ক’লা আঙুৰৰ লাভালাভ- ১) ক'লা আঙুৰ চকুৰ বাবে যথেষ্ট উপকাৰী। ই চকুৰ ৰশ্মি বৃদ্ধি কৰাত সহায় কৰে ২) ক'লা আঙুৰত পটাছিয়াম থাকে, সেয়েহে হৃদযন্ত্ৰৰ বাবেও উপকাৰী ৩) ডায়েবেটিচ ৰোগীৰ বাবে ক'লা আঙুৰ অতি উপকাৰী ৪) ক'লা আঙুৰে শৰীৰত সঞ্চিত অতিৰিক্ত চৰ্বি সহজে নিৰ্মূল কৰিব পাৰে ৫) ক'লা আঙুৰে বৃক্ক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰাৰ লগতে মল-মূত্ৰনলী পৰিষ্কাৰ কৰে ৬) ভিটামিন-E ক'লা আঙুৰত পোৱা যায়, যিয়ে চুলি আৰু ছালৰ বাবে অতি উপকাৰী   সেউজীয়া আঙুৰৰ লাভালাভ- ১) সেউজীয়া আঙুৰৰ পৰা যথেষ্ট পুষ্টি পোৱা যায়। ই হৃদৰোগৰ আশংকাও হ্ৰাস কৰে ২) সেউজীয়া আঙুৰত ফাইটোকেমিকেল থাকে। ইয়াৰ ব্যৱহাৰে মগজুৰ ওপৰত বয়সৰ প্ৰভাৱ হ্ৰাস কৰে ৩) সেউজীয়া আঙুৰত অধিক আঁহ থাকে বাবে ই ওজন হ্ৰাস কৰাতো সহায় কৰে ৪) সেউজীয়া আঙুৰে কোষ্ঠকাঠিন্য দৰে সমস্যাৰ পৰাও সকাহ দিয়ে ক'লা আৰু সেউজীয়া আঙুৰৰ ভিতৰত দুয়ো প্ৰকাৰৰ আঙুৰেই স্বাস্থ্যৰ বাবে উপকাৰী। সেয়েহে দুয়োবিধ আঙুৰেই স্বাস্থ্যৰ বাবে উপযোগী হোৱা হেতুকে আমি খোৱা উচিত। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা