--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেতিয়াবা সফল আকৌ কেতিয়াবা বিফল মানুহৰ জীৱন এই দুটা শব্দৰ মাজতে আৱদ্ধ হৈ আছে। সফলতাৰ উদযাপন সদায় স্থায়ী নহয়, কেতবোৰ সময়ত বিফলতাৰেও আগুৰি ধৰে মানুহৰ জীৱন ।বলিউড পৰিচালক ফাৰাহ খানৰো ঠিক একেই হৈছিল। ব্যৰ্থতাই আগুৰি ধৰিছিল  ফাৰাহ খানক। অক্ষয় কুমাৰ অভিনীত আৰু ফাৰাহ খানৰ পৰিচালনাত নিৰ্মিত ‘টিছ মাৰ খান’ ছবিখনে বক্স অফিচত স্থান লাভ কৰে। তাৰ পিছত ডাইৰেক্টৰ ফাৰাহ খানে নিজকে ঘৰত আবদ্ধ কৰি ৰাখিছিল ।বাহ্যিক গ্লেমাৰটো চাই মানুহৰ ভিতৰৰ অৱস্থা বুজি পোৱাটো কঠিন। মুম্বাইৰ এটা সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত ফাৰাহে কয়, তিছ মাৰ খানৰ ব্যৰ্থতাই এক কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিলে।এগৰাকী নৃত্যশিল্পী হিচাপে তেওঁ সেই বঁটাত সুখী নাছিল ।

পৰিচালকগৰাকীয়ে কয়, "বহুত ধুমুহা আৰু বাধাৰ সৃষ্টি হৈছে। বহুত ঘূৰিলোঁ। এতিয়া আৰু মই নিৰাপত্তাহীনতাত ভুগি থকা নাই। সফলতাৰ লগতে বিফলতাকো মানি ল’বলৈ শিকিছো। মই যিদৰে আছো তেনেকৈয়ে থাকিম।"

৩০ বছৰ ধৰি ছবিজগতত কাম কৰি আহিছে ফাৰাহ খানে । শ্বাহৰুখ খানৰ পৰা কৰণ জোহৰলৈকে সকলোৰে প্ৰিয় তেওঁ। কিছুদিন পূৰ্বে তেওঁক ‘ডান্স দিৱানে জুনিয়ৰ’ত বিচাৰক হিচাপে দেখা পোৱা গৈছিল। ফাৰাহ খান এগৰাকী বলীউডৰ নৃত্য পৰিচালক, ছবি পৰিচালক, প্ৰযোজক আৰু অভিনেত্ৰী। জো জীতা ৱহী ছিকান্দৰ (১৯৯২)ত পেহলা নাছা নামৰ গীতটোৰ বাবে তেওঁ নৃত্য পৰিচালক হিচাপে চলচ্চিত্ৰ জগতত জনাজাত হৈছিল, উক্ত গীতটিৰ বাবে তেওঁক জনসাধাৰণ আৰু শীৰ্ষ পৰিচালকসকলৰ মাজত যথেষ্ট স্বীকৃতি লাভ কৰাত সহায় কৰিছিল। বলিউডৰ সংগীতৰ তালিকাত শীৰ্ষস্থান দখল কৰা চৈয়া চৈয়া গীতটিৰ সফলতাৰ পিছতে ফাৰাহৰ কেৰিয়াৰ দ্ৰুত গতিত আগবাঢ়ে। 

মনছুন ৱেডিং আৰু বম্বে ড্ৰিমছ আদি আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পতো কাম কৰি আহিছে ফাৰাহখানে। তেওঁ বলীউডৰ কেইবাটাও গীতৰ নৃত্য পৰিচালনাও কৰিছে, আৰু বহুবাৰ ফিল্মফেয়াৰত শ্ৰেষ্ঠ নৃত্য পৰিচালনা বঁটাও লাভ কৰিছে। মেইন হুন না (২০০৪) নামৰ ছবিখনেৰে পৰিচালক হিচাপে বলিউডত প্ৰথম খোজ পেলায় , যিয়ে জনসাধাৰণৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে তেওঁ পৰিচালনা কৰে ওম শান্তি ওম (২০০৭), টিছ মাৰ খান (২০১০), আৰু হেপি নিউ ইয়েৰ (২০১৪)।  ২০১৭ চনত বিক্ৰম ফাদনিছৰ পৰিচালনাত নিৰ্মিত মাৰাঠী নাটক হ্ৰুদয়ন্তৰত নৃত্য পৰিচালক হিচাপে কাম কৰিছিল। তেওঁৰ আন আন মুক্তিপ্ৰাপ্ত ছবিসমূহৰ ভিতৰত আছে ধড়ক (২০১৮) আৰু মিচেছ ছিৰিয়েল কিলাৰ (২০২০)।

পৰিচালকগৰাকীয়ে জীৱনৰ কঠিন সময়বোৰ অতিক্ৰম কৰি পুনৰ বলিউডত এক ন-উদ্যমেৰে কাম কৰক - এয়াই বৰ্তমানত তেওঁ সকলো শুভাকাংশীৰ একান্ত কামনা ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু