--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেতিয়াবা সফল আকৌ কেতিয়াবা বিফল মানুহৰ জীৱন এই দুটা শব্দৰ মাজতে আৱদ্ধ হৈ আছে। সফলতাৰ উদযাপন সদায় স্থায়ী নহয়, কেতবোৰ সময়ত বিফলতাৰেও আগুৰি ধৰে মানুহৰ জীৱন ।বলিউড পৰিচালক ফাৰাহ খানৰো ঠিক একেই হৈছিল। ব্যৰ্থতাই আগুৰি ধৰিছিল  ফাৰাহ খানক। অক্ষয় কুমাৰ অভিনীত আৰু ফাৰাহ খানৰ পৰিচালনাত নিৰ্মিত ‘টিছ মাৰ খান’ ছবিখনে বক্স অফিচত স্থান লাভ কৰে। তাৰ পিছত ডাইৰেক্টৰ ফাৰাহ খানে নিজকে ঘৰত আবদ্ধ কৰি ৰাখিছিল ।বাহ্যিক গ্লেমাৰটো চাই মানুহৰ ভিতৰৰ অৱস্থা বুজি পোৱাটো কঠিন। মুম্বাইৰ এটা সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত ফাৰাহে কয়, তিছ মাৰ খানৰ ব্যৰ্থতাই এক কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিলে।এগৰাকী নৃত্যশিল্পী হিচাপে তেওঁ সেই বঁটাত সুখী নাছিল ।

পৰিচালকগৰাকীয়ে কয়, "বহুত ধুমুহা আৰু বাধাৰ সৃষ্টি হৈছে। বহুত ঘূৰিলোঁ। এতিয়া আৰু মই নিৰাপত্তাহীনতাত ভুগি থকা নাই। সফলতাৰ লগতে বিফলতাকো মানি ল’বলৈ শিকিছো। মই যিদৰে আছো তেনেকৈয়ে থাকিম।"

৩০ বছৰ ধৰি ছবিজগতত কাম কৰি আহিছে ফাৰাহ খানে । শ্বাহৰুখ খানৰ পৰা কৰণ জোহৰলৈকে সকলোৰে প্ৰিয় তেওঁ। কিছুদিন পূৰ্বে তেওঁক ‘ডান্স দিৱানে জুনিয়ৰ’ত বিচাৰক হিচাপে দেখা পোৱা গৈছিল। ফাৰাহ খান এগৰাকী বলীউডৰ নৃত্য পৰিচালক, ছবি পৰিচালক, প্ৰযোজক আৰু অভিনেত্ৰী। জো জীতা ৱহী ছিকান্দৰ (১৯৯২)ত পেহলা নাছা নামৰ গীতটোৰ বাবে তেওঁ নৃত্য পৰিচালক হিচাপে চলচ্চিত্ৰ জগতত জনাজাত হৈছিল, উক্ত গীতটিৰ বাবে তেওঁক জনসাধাৰণ আৰু শীৰ্ষ পৰিচালকসকলৰ মাজত যথেষ্ট স্বীকৃতি লাভ কৰাত সহায় কৰিছিল। বলিউডৰ সংগীতৰ তালিকাত শীৰ্ষস্থান দখল কৰা চৈয়া চৈয়া গীতটিৰ সফলতাৰ পিছতে ফাৰাহৰ কেৰিয়াৰ দ্ৰুত গতিত আগবাঢ়ে। 

মনছুন ৱেডিং আৰু বম্বে ড্ৰিমছ আদি আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পতো কাম কৰি আহিছে ফাৰাহখানে। তেওঁ বলীউডৰ কেইবাটাও গীতৰ নৃত্য পৰিচালনাও কৰিছে, আৰু বহুবাৰ ফিল্মফেয়াৰত শ্ৰেষ্ঠ নৃত্য পৰিচালনা বঁটাও লাভ কৰিছে। মেইন হুন না (২০০৪) নামৰ ছবিখনেৰে পৰিচালক হিচাপে বলিউডত প্ৰথম খোজ পেলায় , যিয়ে জনসাধাৰণৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে তেওঁ পৰিচালনা কৰে ওম শান্তি ওম (২০০৭), টিছ মাৰ খান (২০১০), আৰু হেপি নিউ ইয়েৰ (২০১৪)।  ২০১৭ চনত বিক্ৰম ফাদনিছৰ পৰিচালনাত নিৰ্মিত মাৰাঠী নাটক হ্ৰুদয়ন্তৰত নৃত্য পৰিচালক হিচাপে কাম কৰিছিল। তেওঁৰ আন আন মুক্তিপ্ৰাপ্ত ছবিসমূহৰ ভিতৰত আছে ধড়ক (২০১৮) আৰু মিচেছ ছিৰিয়েল কিলাৰ (২০২০)।

পৰিচালকগৰাকীয়ে জীৱনৰ কঠিন সময়বোৰ অতিক্ৰম কৰি পুনৰ বলিউডত এক ন-উদ্যমেৰে কাম কৰক - এয়াই বৰ্তমানত তেওঁ সকলো শুভাকাংশীৰ একান্ত কামনা ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ