--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰেখা ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী শক্তিশালী অভিনেত্ৰী। ১৯৫৮ চনত নিৰ্মিত তেলেগু ছবি ইন্টি গুট্টুত তেওঁক শিশু শিল্পী হিচাপে দেখা গৈছিল। তেতিয়াৰ পৰাই ছবিজগতত ৰেখাৰ আৰম্ভ হৈছিল  এক নতুন যাত্ৰা । 

ইখনৰ পিছত সিখন পৰ্দাত এগৰাকী শক্তিশালী মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল ৰেখাই। তেওঁক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল বহু চিনেমা  অৰ্থাৎ বলীউড এসময়ত কেন্দ্ৰ  হৈ পৰিছিল ৰেখা।  বিভিন্ন ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ এটা সময়ত বহু টকাও উপাৰ্জন কৰিছিল। বৰ্তমান সময়ত সোণালী যুগৰ সেই কিংবদন্তি অভিনেত্ৰীগৰাকীক ৰূপালী পৰ্দাত আগৰ দৰে দেখা পোৱা নাযায়। অৱশ্যে বঁটা বিতৰণী অনুষ্ঠানসমূহত নিয়মীয়াকৈ উপস্থিত হয় অভিনেত্ৰীগৰাকী। হাতত চিনেমা নাথাকিলেও  এটা বিলাসী জীৱন কটাইছে ৰেখাই।  কিন্তু প্ৰশ্ন হয়  দামী শাৰী, দামী গাড়ীৰ খৰচ কেনেকৈ বহন কৰে  অভিনেত্ৰীগৰাকীয়ে? কেনেকৈ উপাৰ্জন কৰে? আচলতে উপাৰ্জনৰ বাবে ৰেখাৰ আছে একাধিক সমল । অভিনেত্ৰীগৰাকীৰ মুম্বাই আৰু দক্ষিণ ভাৰতত আছে বহু সংখ্যক ঘৰ , তাৰে কিছুমান ঘৰ ভাড়াতো আছে । আনহাতে এতিয়াও মাজে মাজে ৰূপালী পৰ্দাত অতিথি শিল্পী হিচাপে কাম কৰা দেখা যায় ৰেখাক।  বিজ্ঞাপনৰ জগতখনতো এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰে অভিনেত্ৰীগৰাকীয়ে ।পূৰ্বতে ৰাজনীতিৰ জগততো  দেখা পোৱা গৈছিল ৰেখাক। আৰু এনেদৰেই উপাৰ্জনৰ বিভিন্ন সমল আছে ৰেখাৰ হাতত ।

আনহাতে ৰেখাই সদায়  মধ্যবিত্তীয় চিন্তাধাৰাত বিশ্বাস কৰে।অধিক সঞ্চয়ৰ নীতিত বিশ্বাস কৰাৰ বাবেই আজিও ৰেখাই অভূতপূৰ্ব বিলাসী জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। ৰেখা বৰ্তমান বান্দ্ৰাৰ এটা বিলাসী ঘৰত থাকে। ঘৰৰ চাৰিওফালে ওখ বাঁহৰ বেৰ আৰু  নিৰাপত্তাৰক্ষী। ৰেখাই জীৱনটো কেনেকৈ পাৰ কৰিছে এতিয়া ? সেয়া বহুতে জানিব বিচাৰে। তাৰ উত্তৰ এটাই যে তেওঁ বেছি খৰচ নকৰে। তেওঁক নতুন কাপোৰ কিনা বা গাড়ী কিনাৰো চখ নাই । তেওঁ এতিয়াও পুৰণি শাৰী আৰু সোণৰ গহনাৰে নিজক সজাই ৰাখে।এগৰাকী কিংবদন্তি অভিনেত্ৰী হিচাপে সেয়াই হৈছে তেওঁৰ নিজস্ব ষ্টাইল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?