--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰেখা ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী শক্তিশালী অভিনেত্ৰী। ১৯৫৮ চনত নিৰ্মিত তেলেগু ছবি ইন্টি গুট্টুত তেওঁক শিশু শিল্পী হিচাপে দেখা গৈছিল। তেতিয়াৰ পৰাই ছবিজগতত ৰেখাৰ আৰম্ভ হৈছিল  এক নতুন যাত্ৰা । 

ইখনৰ পিছত সিখন পৰ্দাত এগৰাকী শক্তিশালী মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল ৰেখাই। তেওঁক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল বহু চিনেমা  অৰ্থাৎ বলীউড এসময়ত কেন্দ্ৰ  হৈ পৰিছিল ৰেখা।  বিভিন্ন ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ এটা সময়ত বহু টকাও উপাৰ্জন কৰিছিল। বৰ্তমান সময়ত সোণালী যুগৰ সেই কিংবদন্তি অভিনেত্ৰীগৰাকীক ৰূপালী পৰ্দাত আগৰ দৰে দেখা পোৱা নাযায়। অৱশ্যে বঁটা বিতৰণী অনুষ্ঠানসমূহত নিয়মীয়াকৈ উপস্থিত হয় অভিনেত্ৰীগৰাকী। হাতত চিনেমা নাথাকিলেও  এটা বিলাসী জীৱন কটাইছে ৰেখাই।  কিন্তু প্ৰশ্ন হয়  দামী শাৰী, দামী গাড়ীৰ খৰচ কেনেকৈ বহন কৰে  অভিনেত্ৰীগৰাকীয়ে? কেনেকৈ উপাৰ্জন কৰে? আচলতে উপাৰ্জনৰ বাবে ৰেখাৰ আছে একাধিক সমল । অভিনেত্ৰীগৰাকীৰ মুম্বাই আৰু দক্ষিণ ভাৰতত আছে বহু সংখ্যক ঘৰ , তাৰে কিছুমান ঘৰ ভাড়াতো আছে । আনহাতে এতিয়াও মাজে মাজে ৰূপালী পৰ্দাত অতিথি শিল্পী হিচাপে কাম কৰা দেখা যায় ৰেখাক।  বিজ্ঞাপনৰ জগতখনতো এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰে অভিনেত্ৰীগৰাকীয়ে ।পূৰ্বতে ৰাজনীতিৰ জগততো  দেখা পোৱা গৈছিল ৰেখাক। আৰু এনেদৰেই উপাৰ্জনৰ বিভিন্ন সমল আছে ৰেখাৰ হাতত ।

আনহাতে ৰেখাই সদায়  মধ্যবিত্তীয় চিন্তাধাৰাত বিশ্বাস কৰে।অধিক সঞ্চয়ৰ নীতিত বিশ্বাস কৰাৰ বাবেই আজিও ৰেখাই অভূতপূৰ্ব বিলাসী জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। ৰেখা বৰ্তমান বান্দ্ৰাৰ এটা বিলাসী ঘৰত থাকে। ঘৰৰ চাৰিওফালে ওখ বাঁহৰ বেৰ আৰু  নিৰাপত্তাৰক্ষী। ৰেখাই জীৱনটো কেনেকৈ পাৰ কৰিছে এতিয়া ? সেয়া বহুতে জানিব বিচাৰে। তাৰ উত্তৰ এটাই যে তেওঁ বেছি খৰচ নকৰে। তেওঁক নতুন কাপোৰ কিনা বা গাড়ী কিনাৰো চখ নাই । তেওঁ এতিয়াও পুৰণি শাৰী আৰু সোণৰ গহনাৰে নিজক সজাই ৰাখে।এগৰাকী কিংবদন্তি অভিনেত্ৰী হিচাপে সেয়াই হৈছে তেওঁৰ নিজস্ব ষ্টাইল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ