--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অ’মিক্ৰনৰ আতংক ত্ৰস্তমান বিশ্ববাসী। কৰ’নাৰ নতুন প্ৰকাৰ অ’মিক্ৰনে বিশ্বজুৰি পুনৰ নতুন আতংকৰ সৃষ্টি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া তথ্য অনুসৰি ক’ভিডৰ এইবিধ প্রজাতি পূৰ্বৰ প্ৰজাতিৰ তুলনাত দ্রুত সংক্রামক আৰু এই প্রজাতিয়ে অতি সঘনে নিজৰ স্বৰূপ সলনি কৰিব পাৰে। অৱশ্যে অ’মিক্রন কিমান ঘাতক সেয়া এতিয়ালৈকে জানিব পৰা হােৱা নাই বুলি গৱেষকসকলে সদৰী কৰিছে। ভাৰতত এই প্রজাতিৰ ভাইৰাছৰ সংক্রমণ প্রতিৰােধ কৰিবলৈ দেশৰ সকলো ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যই নৈশ সান্ধ্য আইনৰ পদক্ষেপ গ্ৰহণ কৰিছে৷

ক্ৰমাৎ আগ্ৰাসীৰূপ ধাৰণ কৰিছে অ’মিক্ৰনে৷ ইতিমধ্যে অ’মিক্ৰনে পশ্চিমীয়া দেশকেইখনত সন্ত্ৰাস আৰম্ভ কৰিছে৷ সংখ্যাতত্ত্বৰ সকলো হিচাপক চেৰাই গৈ দ্ৰুত হাৰত বিয়পিছে কৰ’না ভাইৰাছৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ। ভাৰততো অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা ৩০০ ৰ ঘৰ অতিক্ৰম কৰিলে৷ ইয়াৰ মাজতে দেশৰ পাঁচখন ৰাজ্যত নিৰ্বাচন সমাগত৷ সেইকেইখন হ’ল- গোৱা, মণিপুৰ, উত্তৰাখাণ্ড, পঞ্জাব, উত্তৰ প্ৰদেশ৷ এতিয়া বিজেপিৰ শেনচকু কেৱল উত্তৰ প্ৰদেশ বিধান নিৰ্বাচনৰ ওপৰত৷ কিয়নো উত্তৰ প্ৰদেশ বিধানসভা সমষ্টিত মুঠ ৪০৩ টা সমষ্টি আছে, আৰু এই সকলো বোৰ সমষ্টি আজুৰি অনাটোৱেই এতিয়া বিজেপিৰ লক্ষ্য৷ উত্তৰ প্ৰদেশত এতিয়া বলিছে মাথোঁ ৰাজনৈতিক বতাহ।

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে দেশৰ প্ৰতিটো ৰাজনৈতিক দল। ৰাজনৈতিক ক্ষেত্ৰৰ ৰথী-মহাৰথীসকল ব্যস্ত হৈ পৰিছে কেনেদৰে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব পাৰি তাৰ কুচকাৱাজ ৰচনা কৰাত। কিন্তু এতিয়া সেই উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন ক’ভিডৰ তৃতীয় ঢৌৰ হটস্পট হ’ব পাৰে বুলি আশংকা কৰিছে বিশেষজ্ঞসকলে৷ কিয়নো ৰাজ্যখনত প্ৰায় ২৪ কোটি জনসংখ্যাৰে পৰিপূৰ্ণ এখন বিশাল ৰাজ্য৷ উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এতিয়ালৈ বিশাল জনসমাৱেশেৰে ৫খনৰো অধিক নিৰ্বাচনী সভা কৰিলে৷

আটাইকেইখনতে সভাতে প্ৰায় ৬০ ৰ পৰা ৭০ হাজাৰ মানুহে অংশ লৈছিল এই সভাত৷ এতিয়ালৈকে উত্তৰ প্ৰদেশত প্ৰায় ৪০/৫০ খন নিৰ্বাচনী সভা অনুষ্ঠিত হ’ল৷ এতিয়া সকলোৱে আশংকা কৰিছে যে, উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচনে ভাৰতলৈ কঢ়িয়াই আনিব পাৰে কাল ক’ভিডৰ তৃতীয়টো ঢৌ৷ ইফালে আকৌ, ক’ভিডৰ দ্বিতীয়টো ঢৌ উত্তৰ প্ৰদেশৰ কুম্ভ মেলাই অভিকেন্দ্ৰ আছিল বুলি বহুতে ক’ৱ বিচাৰে, বৰ্তমান উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনে এক প্ৰকাৰৰ আতংক কঢ়িয়াই আনিছে ভাৰতবৰ্ষলৈ৷

ইফালে, এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী মোডী আৰু নিৰ্বাচন আয়োগক কোভিড-১৯ আৰু অ’মিক্ৰনৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন এক-দুমাহৰ বাবে সাময়িকভাৱে স্থগিত ৰখাৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। তদুপৰি অ’মিক্ৰনৰ প্ৰতি বাবে নিৰ্বাচনী প্ৰচাৰ আৰু বৃহৎ ৰে’লীসমূহ স্থগিত ৰাখিবৰ বাবে অনুৰোধ জনাইছে নিৰ্বাচনী আয়োগক। এইক্ষেত্ৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অনুৰোধ নিৰ্বাচন আয়োগে কিদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু