--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অ’মিক্ৰনৰ আতংক ত্ৰস্তমান বিশ্ববাসী। কৰ’নাৰ নতুন প্ৰকাৰ অ’মিক্ৰনে বিশ্বজুৰি পুনৰ নতুন আতংকৰ সৃষ্টি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া তথ্য অনুসৰি ক’ভিডৰ এইবিধ প্রজাতি পূৰ্বৰ প্ৰজাতিৰ তুলনাত দ্রুত সংক্রামক আৰু এই প্রজাতিয়ে অতি সঘনে নিজৰ স্বৰূপ সলনি কৰিব পাৰে। অৱশ্যে অ’মিক্রন কিমান ঘাতক সেয়া এতিয়ালৈকে জানিব পৰা হােৱা নাই বুলি গৱেষকসকলে সদৰী কৰিছে। ভাৰতত এই প্রজাতিৰ ভাইৰাছৰ সংক্রমণ প্রতিৰােধ কৰিবলৈ দেশৰ সকলো ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যই নৈশ সান্ধ্য আইনৰ পদক্ষেপ গ্ৰহণ কৰিছে৷

ক্ৰমাৎ আগ্ৰাসীৰূপ ধাৰণ কৰিছে অ’মিক্ৰনে৷ ইতিমধ্যে অ’মিক্ৰনে পশ্চিমীয়া দেশকেইখনত সন্ত্ৰাস আৰম্ভ কৰিছে৷ সংখ্যাতত্ত্বৰ সকলো হিচাপক চেৰাই গৈ দ্ৰুত হাৰত বিয়পিছে কৰ’না ভাইৰাছৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ। ভাৰততো অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা ৩০০ ৰ ঘৰ অতিক্ৰম কৰিলে৷ ইয়াৰ মাজতে দেশৰ পাঁচখন ৰাজ্যত নিৰ্বাচন সমাগত৷ সেইকেইখন হ’ল- গোৱা, মণিপুৰ, উত্তৰাখাণ্ড, পঞ্জাব, উত্তৰ প্ৰদেশ৷ এতিয়া বিজেপিৰ শেনচকু কেৱল উত্তৰ প্ৰদেশ বিধান নিৰ্বাচনৰ ওপৰত৷ কিয়নো উত্তৰ প্ৰদেশ বিধানসভা সমষ্টিত মুঠ ৪০৩ টা সমষ্টি আছে, আৰু এই সকলো বোৰ সমষ্টি আজুৰি অনাটোৱেই এতিয়া বিজেপিৰ লক্ষ্য৷ উত্তৰ প্ৰদেশত এতিয়া বলিছে মাথোঁ ৰাজনৈতিক বতাহ।

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে দেশৰ প্ৰতিটো ৰাজনৈতিক দল। ৰাজনৈতিক ক্ষেত্ৰৰ ৰথী-মহাৰথীসকল ব্যস্ত হৈ পৰিছে কেনেদৰে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব পাৰি তাৰ কুচকাৱাজ ৰচনা কৰাত। কিন্তু এতিয়া সেই উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন ক’ভিডৰ তৃতীয় ঢৌৰ হটস্পট হ’ব পাৰে বুলি আশংকা কৰিছে বিশেষজ্ঞসকলে৷ কিয়নো ৰাজ্যখনত প্ৰায় ২৪ কোটি জনসংখ্যাৰে পৰিপূৰ্ণ এখন বিশাল ৰাজ্য৷ উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এতিয়ালৈ বিশাল জনসমাৱেশেৰে ৫খনৰো অধিক নিৰ্বাচনী সভা কৰিলে৷

আটাইকেইখনতে সভাতে প্ৰায় ৬০ ৰ পৰা ৭০ হাজাৰ মানুহে অংশ লৈছিল এই সভাত৷ এতিয়ালৈকে উত্তৰ প্ৰদেশত প্ৰায় ৪০/৫০ খন নিৰ্বাচনী সভা অনুষ্ঠিত হ’ল৷ এতিয়া সকলোৱে আশংকা কৰিছে যে, উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচনে ভাৰতলৈ কঢ়িয়াই আনিব পাৰে কাল ক’ভিডৰ তৃতীয়টো ঢৌ৷ ইফালে আকৌ, ক’ভিডৰ দ্বিতীয়টো ঢৌ উত্তৰ প্ৰদেশৰ কুম্ভ মেলাই অভিকেন্দ্ৰ আছিল বুলি বহুতে ক’ৱ বিচাৰে, বৰ্তমান উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনে এক প্ৰকাৰৰ আতংক কঢ়িয়াই আনিছে ভাৰতবৰ্ষলৈ৷

ইফালে, এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী মোডী আৰু নিৰ্বাচন আয়োগক কোভিড-১৯ আৰু অ’মিক্ৰনৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন এক-দুমাহৰ বাবে সাময়িকভাৱে স্থগিত ৰখাৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। তদুপৰি অ’মিক্ৰনৰ প্ৰতি বাবে নিৰ্বাচনী প্ৰচাৰ আৰু বৃহৎ ৰে’লীসমূহ স্থগিত ৰাখিবৰ বাবে অনুৰোধ জনাইছে নিৰ্বাচনী আয়োগক। এইক্ষেত্ৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অনুৰোধ নিৰ্বাচন আয়োগে কিদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ