--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউড মানেই সাধাৰণ নাগৰিকৰ বাবে এক অবুজ সাঁথৰ। বলীউডৰ মায়াময় জগতখনৰ খবৰৰ বাবে উদগ্ৰীৱ হৈ থাকে দেশৰ অযুত অনুৰাগী। বলীউড আৰু বিতৰ্ক- দুয়ো এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। চিনেমা জগতখনৰ তাৰকা সকলৰ বিভিন্ন কাৰ্যকলাপ তথা নিৰ্মিত ছবিক কেন্দ্ৰ কৰি দেশত প্ৰায়ে নিত্য নতুন বিতৰ্কৰ সৃষ্টি হয়। পিছে এই বিতৰ্ক সমূহ এতিয়া অতীত। শেহতীয়াকৈ বিতৰ্কক পিছলৈ ঠেলি অন্য এক কাৰকে বলীউডৰ মজিয়া গৰম কৰিছে, হৈ পৰিছে বাতৰিৰ শিৰোনাম। সম্প্ৰতি বলীউদত কালিকা লাগিছে। এই কালিকাৰ কবলত পৰিছে বলীউডৰ তাৰকা নায়ক-নায়িকা। এই কালিকাই কঢ়িয়াই আনিছে চিনেমা জগতখনৰ তাৰকালৈ জীৱনৰ ভাবুকি।

বলীউডৰ চুপাৰষ্টাৰ ছলমান খানে কিছুদিন পূৰ্বে অজ্ঞাত কোনো দুৰ্বৃত্তৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছিল। এখন বেনামী পত্ৰত তাৰকা গৰাকীক হত্যাৰ ভাবুকি দিছিল অচিনাকী দুৰ্বৃত্তই। ছলমান খানলৈ অহা এই ভাবুকিয়ে সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ। ছলমানৰ পিছত এইবাৰ আন এগৰাকী বলীউড তাৰকালৈ আহিছে মৃত্যুৰ ভাবুকি। অভিনেত্ৰী স্বাৰা ভাস্কৰে তেওঁৰ বাসগৃহত স্পীড পোষ্টৰ জৰিয়তে প্ৰেৰণ কৰা এখন বেনামী পত্ৰৰ দ্বাৰা মৃত্যুৰ ভাবুকি লাভ কৰিছে। 

অজ্ঞাত কোনো লোকৰ পৰা অহা এই পত্ৰখন মুম্বাইৰ ভাৰ্ছোভাত অৱস্থিত অভিনেত্ৰীগৰাকীৰ বাসগৃহলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পিছতে স্বাৰা ভাস্কৰ ভাৰ্ছোভা আৰক্ষী থানাৰ কাষ চাপে আৰু পত্ৰ প্ৰেৰণ কৰা অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। অভিনেত্ৰী গৰাকীৰ পৰা অভিযোগ লাভ কৰাৰ পিছতে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

হিন্দীত লিখা পত্ৰখনত সাভাৰকাৰক অপমান কৰাৰ বিৰুদ্ধে সতৰ্ক কৰি স্বাৰাৰ জীৱনৰ প্ৰতি পোনপটীয়াকৈ ভাবুকি দিয়াৰ লগতে অভিনেত্ৰীগৰাকীক দুৰ্ব্যৱহাৰ কৰা হয়। দেশৰ নতুন প্ৰজন্মৰ অংশ হিচাপে স্বাক্ষৰিত পত্ৰখনত দেশৰ যুৱক-যুৱতীসকলে বীৰ সাভাৰকাৰৰ অপমান সহ্য নকৰিব বুলি উল্লেখ কৰা হৈছে।

অৱশ্যে ছলমান খানলৈ অহা মৃত্যুৰ ভাবুকিতকৈ স্বাৰা ভাস্কৰলৈ অহা ভাবুকিৰ এক পৃথক দিশ আছে। অভিনেত্ৰীগৰাকীয়ে সময়ে সময়ে সামাজিক-ৰাজনৈতিক বিষয়বোৰৰ ওপৰত যথেষ্ট সৰৱ হৈ আহিছে। বিশেষকৈ বিজেপি চৰকাৰ তথা দল আৰু হিন্দুত্ববাদী ধাৰণা পোষণ কৰা শিবিৰটোক প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ভাস্কৰে। কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ জনবিৰোধী নীতিৰ বিৰুদ্ধেও কঠোৰ সমালোচক হৈ পৰিছিল অভিনেত্ৰীগৰাকী। দেশজুৰি হোৱা কৃষক আন্দোলন আৰু নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী আন্দোলনতো সক্ৰিয় অংশগ্ৰহণ কৰিছিল ভাস্কৰে।

স্বাৰা ভাস্কৰক বেনামী পত্ৰখনত মূলত: সাভাৰকাৰ সন্দৰ্ভত মন্তব্যৰ বাবে সকীয়াই দিয়া হৈছে। পূৰ্বে কেইবাবাৰো সাভাৰকাৰৰ নীতিক উপহাস কৰাৰ লগতে তীব্ৰ সমালোচনা কৰাৰ বাবেই তেওঁলৈ এই ভাবুকি প্ৰেৰণ কৰা হৈছে বুলিব পাৰি। ২০১৭ চনত তেওঁ এটা টুইটত লিখিছিল যে সাভাৰকাৰে ব্ৰিটিছ চৰকাৰৰ ওচৰত ক্ষমা বিচাৰিছিল। কাৰাগাৰৰ পৰা বাহিৰ কৰাবলৈ অনুৰোধ কৰিছিল! সেয়া নিশ্চিতভাৱে বীৰৰ লক্ষ্যণ নহয়।

২০১৯ চনতো অভিনেত্ৰীগৰাকীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰি এক টুইট যোগে সাভাৰকাৰক আটাইতকৈ কাপুৰুষ 'সাহসী' বুজাবুজি "বীৰ" বুলি উপহাস কৰি সাভাৰকাৰক পৰিকল্পিতভাৱে কিদৰে নতুনকৈ গঢ় দিবলৈ চেষ্টা কৰা হৈছিল, সেয়া আঙুলিয়াই দিছিল। ইয়াৰোপৰি আন কেইবাবাৰো তেওঁ নিজ মন্তব্যত সাভাৰকাৰক তীব্ৰ সমালোচনা কৰাৰ নজিৰ আছে।

দেশৰ হিন্দুত্ববাদী মহলৰ পিতামহ স্বৰূপ সাভাৰকাৰৰ প্ৰতি স্বাৰা ভাস্কৰৰ এই নিন্দা তথা সমালোচনাই স্বাভাৱিকতেই হিন্দুত্ববাদী মহলক ভাস্কৰৰ বিৰুদ্ধে ক্ষোভিত কৰি তুলিছিল। এই ক্ষোভৰ বহিৰ্প্ৰকাশ হিচাপেই যে অভিনেত্ৰীগৰাকীক এইদৰে ভাবুকি দিয়া হৈছে ই প্ৰায় নিশ্চিত হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ