--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১ জুলাইৰ পৰা দেশত নিষিদ্ধ হ’ব একক ব্যৱহাৰযোগ্য প্লাষ্টিক৷ ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে কালি এক জাননীযোগে সদৰী কৰিছে যে চৰকাৰে ১ জুলাইৰ পৰা সমগ্ৰ দেশত চিনাক্ত কৰা একক ব্যৱহাৰৰ প্লাষ্টিক সামগ্ৰী নিষিদ্ধ কৰিব।

বিবৃতিত কোৱা হৈছে, ভাৰতে ১ জুলাই, ২০২২ৰ পৰা সমগ্ৰ দেশতে নিম্ন উপযোগিতা আৰু অত্যধিক লেতেৰা কৰাৰ সম্ভাৱনা থকা চিনাক্ত কৰা একক ব্যৱহাৰৰ প্লাষ্টিক সামগ্ৰীৰ নিৰ্মাণ, আমদানি, মজুত, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিব৷ 

সামুদ্ৰিক পৰিৱেশকে ধৰি স্থলজ আৰু জলজ পৰিস্থিতিতন্ত্ৰৰ ওপৰত প্লাষ্টিকৰ আৱৰ্জনাযুক্ত একক ব্যৱহাৰৰ প্লাষ্টিক সামগ্ৰীৰ প্ৰতিকূল প্ৰভাৱ বিশ্বব্যাপী স্বীকৃত। একক ব্যৱহাৰৰ ফলত হোৱা প্ৰদূষণৰ মোকাবিলা কৰাটো সকলো দেশে সন্মুখীন হোৱা এক গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বান হৈ পৰিছে বুলি এই বিবৃতিযোগে কোৱা হৈছে।

১ জুলাইৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে ১৯বিধ প্লাষ্টিকজাতীয় সামগ্ৰী বন্ধ কৰাৰ বাবে অভিযান আৰম্ভ কৰিব। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে, ১৯ বিধ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ উৎপাদন, আমদানি, জমা কৰি ৰখা, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। কেৱল দিল্লীতে নহয় সমগ্ৰ দেশজুৰি কেইবাবিধো প্লাষ্টিকজাতীয় সামগ্ৰী নিষিদ্ধ কৰা হৈছে।  

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, চৰকাৰে বন্ধ কৰিবলগীয়া এই সামগ্ৰী ১৯ বিধ হৈছে এয়াৰ বাড, বেলুনত ব্যৱহাৰ কৰা প্লাষ্টিক ষ্টীক, পতাকা, চামুছ, চকলেটৰ ঠাৰি, আইচক্ৰীমৰ ঠাৰি, থাৰ্ম’কল প্লেট, কাপ, গিলাছ, কাঁটা চামুছ, ছুৰী, ষ্ট্ৰ, ট্ৰে, মিঠাইৰ টোপোলাত মেৰিওৱা বা টোপোলা বন্ধা কাগজ, আমন্ত্ৰণী পত্ৰ, চিগাৰেট পেকেট, ১০০ মাইক্ৰ’নছতকৈ কম প্লাষ্টিক বা পিভিচি বেনাৰ আদি। 

এগৰাকী জ্যেষ্ঠ বিষয়াই এই বিষয়াই এই বিষয়ে প্ৰকাশ কৰি কৈছে যে, ‘আমি এনে ১৯ বিধ সামগ্ৰীৰ উৎপাদন, বিতৰণ, ব্যৱহাৰ, বিক্ৰী আদি নিষিদ্ধ কৰাৰ বাবে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছোঁ। এই নিৰ্দেশনা নমনা প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হ’ব।

বিষয়াবৰ্গই এনে সামগ্ৰী উৎপাদন কৰা প্ৰতিষ্ঠানবোৰত অভিযানো চলাব। উল্লেখ্য যে, চৰকাৰে কেৱল এই সামগ্ৰীসমূহ বন্ধ কৰাই নহয়, ইয়াৰ বিকল্পসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে ১ জুলাইৰ পৰা এখন তিনিদিনীয়া মেলাৰো আয়োজন কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প