--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউড মানেই সাধাৰণ নাগৰিকৰ বাবে এক অবুজ সাঁথৰ। বলীউডৰ মায়াময় জগতখনৰ খবৰৰ বাবে উদগ্ৰীৱ হৈ থাকে দেশৰ অযুত অনুৰাগী। বলীউড আৰু বিতৰ্ক- দুয়ো এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। চিনেমা জগতখনৰ তাৰকা সকলৰ বিভিন্ন কাৰ্যকলাপ তথা নিৰ্মিত ছবিক কেন্দ্ৰ কৰি দেশত প্ৰায়ে নিত্য নতুন বিতৰ্কৰ সৃষ্টি হয়। পিছে এই বিতৰ্ক সমূহ এতিয়া অতীত। শেহতীয়াকৈ বিতৰ্কক পিছলৈ ঠেলি অন্য এক কাৰকে বলীউডৰ মজিয়া গৰম কৰিছে, হৈ পৰিছে বাতৰিৰ শিৰোনাম। 

সম্প্ৰতি বলীউদত কালিকা লাগিছে। এই কালিকাৰ কবলত পৰিছে বলীউডৰ তাৰকা নায়ক-নায়িকা। এই কালিকাই কঢ়িয়াই আনিছে চিনেমা জগতখনৰ তাৰকালৈ জীৱনৰ ভাবুকি। নিৰাপত্তাৰ সংশয়ত ভুগিছে বলীউদৰ কলা-কুশলী সকলে। 

বলীউডৰ চুপাৰষ্টাৰ ছলমান খানে কিছুদিন পূৰ্বে অজ্ঞাত কোনো দুৰ্বৃত্তৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছিল। এখন বেনামী পত্ৰত তাৰকা গৰাকীক হত্যাৰ ভাবুকি দিছিল অচিনাকী দুৰ্বৃত্তই। ছলমান খানলৈ অহা এই ভাবুকিয়ে সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ। 

ছলমানৰ পিছতে বলীউডৰ আন এগৰাকী শক্তিশালী অভিনেত্ৰী স্বাৰা ভাস্কৰেও লাভ কৰিছিল মৃত্যুৰ ভাবুকি। অচিনাক্ত কোনো দুৰ্বৃত্তই স্বাৰা ভাস্কৰৰ বাসগৃহলৈ স্পীড পোষ্টৰ জৰিয়তে প্ৰেৰণ কৰা এখন বেনামী পত্ৰৰ দ্বাৰা মৃত্যুৰ ভাবুকি লাভ কৰিছিল।

এইবাৰ পুনৰ আন এক মৃত্যুৰ ভাবুকিয়ে খলকনি তুলিছে বলীউড জগতত। সাম্প্ৰতিক বলীউড জগতৰ অন্যতম চৰ্চিত দম্পতী অভিনেতা বিকি কৌশল আৰু কেটৰিনা কাইফক ছ'চিয়েল মিডিয়াৰ জৰিয়তে কোনো অচিনাক্ত ব্যক্তিয়ে মৃত্যুৰ ভাবুকি দিছে। ইতিমধ্যে এই সন্দৰ্ভত মুম্বাইৰ ছাণ্টাক্ৰুজ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। 

মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া মতে জনপ্ৰিয় ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত অচিনাক্ত দুৰ্বৃত্ত গৰাকীয়ে দীৰ্ঘদিনৰ পৰা কেটৰিনা কাইফক অনুসৰণ কৰি আছিল। ইনষ্টাগ্ৰামতে দুৰ্বৃত্ত গৰাকীয়ে দম্পতীহালক মৃত্যুৰ ভাবুকি দিছিল। ইতিমধ্যে ছাণ্টাক্ৰুজ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৬-২ আৰু ৩৫৪-ডিৰ অধীনত অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে। লগতে আই টি এক্টৰ ধাৰা ৬৭ ৰ অধীনতো আন এটা গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে সম্প্ৰতিএই গোচৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। অৱশ্যে এতিয়ালৈকে এই বিষয়ত কোনো লোককে গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ