--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে যুৱৰাজ সিং এটি পুত্ৰৰ সন্তানৰ পিতৃ হৈছিল আৰু ইফালে ভাৰতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা হৈছিল মাতৃ। প্ৰিয়ংকা চোপ্ৰা তেওঁৰ অভিনয়ৰ বাবে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে জনপ্ৰিয়। অভিনয়ৰ দক্ষতাই তেওঁক বৰ্তমান সমগ্ৰ বিশ্বতে সুদৃঢ় কৰি তুলিছে।

ভাৰতীয় চিনেমাৰ লগতে হলিউডৰ কেইবাখনো চিনেমাত অভিনয় কৰি তেওঁ ভাৰতক এক সুকীয়া পৰিচয় দিছে। তেওঁৰ স্বামী হলিউডৰ জনপ্ৰিয় গায়ক নিক জ’নাছ। শেহতীয়াকৈ তেওঁলোক এগৰাকী কন্যা সন্তানৰ অভিভাৱক হৈছে। কিন্তু কন্যা সন্তানটিৰ নামৰ বাবেই প্ৰিয়ংকাই এক নতুন বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হৈছে। 

কিছুদিন পূৰ্বে কন্যা সন্তানক দিয়া অদ্ভুত নামৰ বাবে ছ’চিয়েল মিডিয়াত চৰ্চালৈ আহিছিল অভিনেত্ৰীগৰাকী। কিন্তু এইবাৰ তেওঁ অকলশৰীয়া নহয়, আন এজন তাৰকাও আছে যি একেটা কাৰণতে ছ’চিয়েল মিডিয়াৰ দৃষ্টিগোচৰ হৈছে। তেওঁ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা মহান বেটছমেন যুৱৰাজ সিং।

উল্লেখযোগ্য যে যুৱৰাজ সিং আৰু প্ৰিয়ংকা চোপ্ৰা দুয়োজনেই নিজৰ নিজৰ জগতত অতি জনপ্ৰিয় নাম কিন্তু ছ’চিয়েল মিডিয়াত তেনেকুৱা একো নহয়। আপুনি কিমান ডাঙৰ চেলিব্ৰেটী সেইটো ছ’চিয়েল মিডিয়াত বিচাৰ কৰা নহয়। যদি আপুনি ছ’চিয়েল মিডিয়াৰ ক্ষেত্ৰত কিবা অদ্ভুত কাম কৰিছে তেন্তে ছ’চিয়েল মিডিয়াৰ কটুক্তি শুনিব লাগিব। এনেকুৱাই হৈছিল প্ৰিয়ংকা চোপ্ৰাৰ ক্ষেত্ৰত।

কিছুদিন পূৰ্বে প্ৰিয়ংকাই নিজৰ কন্যাৰ নাম মালতী মেড্ডী চোপ্ৰা ৰাখিছিল। এই অদ্ভুত নামটো ৰাখি এতিয়াও ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰিয়ংকা চোপ্ৰাই সমালোচনাৰ সন্মুখীন হৈ আছে। আৰু এইবাৰ যুৱৰাজ সিঙে প্ৰিয়ংকা চোপ্ৰাৰ পদাংক অনুসৰণ কৰি সন্তানক এটা অদ্ভুত নাম দিলে যাৰ বাবে তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কটুক্তি শুনিবলগা হৈছে।

কিছুদিন পূৰ্বে যুৱৰাজ সিঙে এটি পুত্ৰৰ পিতৃ হৈছিল। তেওঁ নিজেই অনুৰাগীসকলৰ সৈতে এই খবৰটো শ্বেয়াৰ কৰিছিল। বহুতে তেওঁক অভিনন্দন বাৰ্তাৰে বৰষুণ দিছে। কিন্তু যুৱৰাজ সিংহৰ পুত্ৰৰ নাম শুনি তেওঁলোকে ঠাট্টা-মস্কৰা কৰা বন্ধ নকৰিলে। যুৱৰাজ সিঙে নিজৰ পুত্ৰৰ নাম ৰাখিছে অৰিয়ান কীচ সিং। 

যুৱৰাজ সিঙে ভাৰতীয় সংস্কৃতি পাহৰি এনে বিদেশী নাম দিছে বুলি কৈ বহুতে কটু সুৰত যুৱৰাজ সিঙক অভিযুক্ত কৰিছে। হয়তো যুৱৰাজ সিঙে নিজৰ উপাধি আৰু পত্নীৰ উপাধি একেলগে ব্যৱহাৰ কৰিবলৈ এনে এটা নাম বাছি লৈছিল। কিন্তু যিয়েই নহওক, যুৱৰাজ সিঙৰ সন্তানৰ এই নামটোৱে বৰ্তমান ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু