--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে যুৱৰাজ সিং এটি পুত্ৰৰ সন্তানৰ পিতৃ হৈছিল আৰু ইফালে ভাৰতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা হৈছিল মাতৃ। প্ৰিয়ংকা চোপ্ৰা তেওঁৰ অভিনয়ৰ বাবে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে জনপ্ৰিয়। অভিনয়ৰ দক্ষতাই তেওঁক বৰ্তমান সমগ্ৰ বিশ্বতে সুদৃঢ় কৰি তুলিছে।

ভাৰতীয় চিনেমাৰ লগতে হলিউডৰ কেইবাখনো চিনেমাত অভিনয় কৰি তেওঁ ভাৰতক এক সুকীয়া পৰিচয় দিছে। তেওঁৰ স্বামী হলিউডৰ জনপ্ৰিয় গায়ক নিক জ’নাছ। শেহতীয়াকৈ তেওঁলোক এগৰাকী কন্যা সন্তানৰ অভিভাৱক হৈছে। কিন্তু কন্যা সন্তানটিৰ নামৰ বাবেই প্ৰিয়ংকাই এক নতুন বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হৈছে। 

কিছুদিন পূৰ্বে কন্যা সন্তানক দিয়া অদ্ভুত নামৰ বাবে ছ’চিয়েল মিডিয়াত চৰ্চালৈ আহিছিল অভিনেত্ৰীগৰাকী। কিন্তু এইবাৰ তেওঁ অকলশৰীয়া নহয়, আন এজন তাৰকাও আছে যি একেটা কাৰণতে ছ’চিয়েল মিডিয়াৰ দৃষ্টিগোচৰ হৈছে। তেওঁ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা মহান বেটছমেন যুৱৰাজ সিং।

উল্লেখযোগ্য যে যুৱৰাজ সিং আৰু প্ৰিয়ংকা চোপ্ৰা দুয়োজনেই নিজৰ নিজৰ জগতত অতি জনপ্ৰিয় নাম কিন্তু ছ’চিয়েল মিডিয়াত তেনেকুৱা একো নহয়। আপুনি কিমান ডাঙৰ চেলিব্ৰেটী সেইটো ছ’চিয়েল মিডিয়াত বিচাৰ কৰা নহয়। যদি আপুনি ছ’চিয়েল মিডিয়াৰ ক্ষেত্ৰত কিবা অদ্ভুত কাম কৰিছে তেন্তে ছ’চিয়েল মিডিয়াৰ কটুক্তি শুনিব লাগিব। এনেকুৱাই হৈছিল প্ৰিয়ংকা চোপ্ৰাৰ ক্ষেত্ৰত।

কিছুদিন পূৰ্বে প্ৰিয়ংকাই নিজৰ কন্যাৰ নাম মালতী মেড্ডী চোপ্ৰা ৰাখিছিল। এই অদ্ভুত নামটো ৰাখি এতিয়াও ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰিয়ংকা চোপ্ৰাই সমালোচনাৰ সন্মুখীন হৈ আছে। আৰু এইবাৰ যুৱৰাজ সিঙে প্ৰিয়ংকা চোপ্ৰাৰ পদাংক অনুসৰণ কৰি সন্তানক এটা অদ্ভুত নাম দিলে যাৰ বাবে তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কটুক্তি শুনিবলগা হৈছে।

কিছুদিন পূৰ্বে যুৱৰাজ সিঙে এটি পুত্ৰৰ পিতৃ হৈছিল। তেওঁ নিজেই অনুৰাগীসকলৰ সৈতে এই খবৰটো শ্বেয়াৰ কৰিছিল। বহুতে তেওঁক অভিনন্দন বাৰ্তাৰে বৰষুণ দিছে। কিন্তু যুৱৰাজ সিংহৰ পুত্ৰৰ নাম শুনি তেওঁলোকে ঠাট্টা-মস্কৰা কৰা বন্ধ নকৰিলে। যুৱৰাজ সিঙে নিজৰ পুত্ৰৰ নাম ৰাখিছে অৰিয়ান কীচ সিং। 

যুৱৰাজ সিঙে ভাৰতীয় সংস্কৃতি পাহৰি এনে বিদেশী নাম দিছে বুলি কৈ বহুতে কটু সুৰত যুৱৰাজ সিঙক অভিযুক্ত কৰিছে। হয়তো যুৱৰাজ সিঙে নিজৰ উপাধি আৰু পত্নীৰ উপাধি একেলগে ব্যৱহাৰ কৰিবলৈ এনে এটা নাম বাছি লৈছিল। কিন্তু যিয়েই নহওক, যুৱৰাজ সিঙৰ সন্তানৰ এই নামটোৱে বৰ্তমান ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ