--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফেচবুকত পোষ্ট এটা দিয়াৰ পিছত বহুতেই পোষ্টটোত কিমান লাইক, কমেণ্টছ আদি আহিছে সেয়া চাবলৈ উদগ্ৰীব হৈ পৰে। পোষ্টটো কিমান শ্বেয়াৰ হৈছে সেয়া জানিবলৈও বহুতে আগ্ৰহী হৈ পৰা দেখা যায়। ভাল পোষ্ট একোটাত যথেষ্ট লাইক , কমেণ্টছ আদি আহেই। পোষ্টটো ভাল লাগিলেও আনেও সেয়া শ্বেয়াৰ কৰে। 

ভাৰ্চুৱেল পৃথিৱীখনকে সকলো বুলি ভবা উত্তৰ প্ৰদেশৰ এজন লোকে ফেচবুকত দিয়া তেওঁৰ পোষ্টত অধিক হাৰত লাইক, কমেণ্টছ আদি হোৱাটো বিচাৰি আহিছিল যদিও তেনে হোৱা নাছিল। সেয়ে লাইক, কমেণ্টছৰ আশাতে লোকজনে নিজৰ পত্নীৰে গাধোৱা  দৃশ্য গোপনে ৰেকৰ্ডিং কৰি সেই ভিডিঅ’ ফেচবুকত পোষ্ট কৰিলে!

উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ বাসিন্দা সন্দীপ নামৰ লোকজনে কৰিছে এই দুষ্কাৰ্য। চাৰ্কাছত কাম কৰা সন্দীপে  প্ৰায়ে তেওঁৰ ভিডিঅ'বোৰ ফেচবুকত পোষ্ট কৰিছিল।কিন্তু সেই ভিডিঅ’ বোৰত নগন্য  সংখ্যক লাইক, কমেণ্টছহে আহিছিল।সেয়ে লাইক, কমেণ্টছ বঢ়াবলৈ ব্যাকুল হৈ পৰিছিল লোকজন। সন্দীপে তেওঁৰ পত্নীক এটা ভিডিঅ' কল কৰিছিল।

 সেই সময়ত তেওঁৰ পত্নীয়ে গা ধুই আছিল। সেই পৰিস্থিতিতে তেওঁ ভিডিঅ' কলটো ধৰিলে। সন্দীপে তেওঁৰ অজ্ঞাতে পত্নীৰ গা ধোৱাৰ দৃশ্যটো ৰেকৰ্ড কৰি ৰাখিছিল।  পিছত তেওঁ ভিডিঅ'টো ফেচবুকত পোষ্ট কৰে ।ভিডিঅ'টো পোষ্ট কৰাৰ  লগে লগে ধুমুহাৰ গতিত সেয়া   শ্বেয়াৰ হ’বলৈ আৰম্ভ কৰে।

ভিডিঅ'টো সন্দীপৰ পত্নীয়েও তেওঁৰ নিজৰ ফেচবুকত  দেখিবলৈ পায়।ভিডিঅ’টো দেখি তেওঁ হতবাক হৈ পৰে। তেওঁ সন্দীপক ভিডিঅ'টো তৎক্ষণাৎ ভিডিঅ’টো ডিলিট কৰিবলৈ কয় যদিও   সন্দীপে তেওঁৰ পত্নীৰ কথা শুনা নাছিল। অৱশেষত  পত্নীয়ে আৰক্ষীৰ ওচৰলৈ যোৱাৰ লগে লগে সন্দীপে ভয়তে  ভিডিঅ'টো ডিলিট কৰে। কিন্তু তেতিয়ালৈকে ভিডিঅ'টো ভাইৰেল হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু