--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফেচবুকত পোষ্ট এটা দিয়াৰ পিছত বহুতেই পোষ্টটোত কিমান লাইক, কমেণ্টছ আদি আহিছে সেয়া চাবলৈ উদগ্ৰীব হৈ পৰে। পোষ্টটো কিমান শ্বেয়াৰ হৈছে সেয়া জানিবলৈও বহুতে আগ্ৰহী হৈ পৰা দেখা যায়। ভাল পোষ্ট একোটাত যথেষ্ট লাইক , কমেণ্টছ আদি আহেই। পোষ্টটো ভাল লাগিলেও আনেও সেয়া শ্বেয়াৰ কৰে। 

ভাৰ্চুৱেল পৃথিৱীখনকে সকলো বুলি ভবা উত্তৰ প্ৰদেশৰ এজন লোকে ফেচবুকত দিয়া তেওঁৰ পোষ্টত অধিক হাৰত লাইক, কমেণ্টছ আদি হোৱাটো বিচাৰি আহিছিল যদিও তেনে হোৱা নাছিল। সেয়ে লাইক, কমেণ্টছৰ আশাতে লোকজনে নিজৰ পত্নীৰে গাধোৱা  দৃশ্য গোপনে ৰেকৰ্ডিং কৰি সেই ভিডিঅ’ ফেচবুকত পোষ্ট কৰিলে!

উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ বাসিন্দা সন্দীপ নামৰ লোকজনে কৰিছে এই দুষ্কাৰ্য। চাৰ্কাছত কাম কৰা সন্দীপে  প্ৰায়ে তেওঁৰ ভিডিঅ'বোৰ ফেচবুকত পোষ্ট কৰিছিল।কিন্তু সেই ভিডিঅ’ বোৰত নগন্য  সংখ্যক লাইক, কমেণ্টছহে আহিছিল।সেয়ে লাইক, কমেণ্টছ বঢ়াবলৈ ব্যাকুল হৈ পৰিছিল লোকজন। সন্দীপে তেওঁৰ পত্নীক এটা ভিডিঅ' কল কৰিছিল।

 সেই সময়ত তেওঁৰ পত্নীয়ে গা ধুই আছিল। সেই পৰিস্থিতিতে তেওঁ ভিডিঅ' কলটো ধৰিলে। সন্দীপে তেওঁৰ অজ্ঞাতে পত্নীৰ গা ধোৱাৰ দৃশ্যটো ৰেকৰ্ড কৰি ৰাখিছিল।  পিছত তেওঁ ভিডিঅ'টো ফেচবুকত পোষ্ট কৰে ।ভিডিঅ'টো পোষ্ট কৰাৰ  লগে লগে ধুমুহাৰ গতিত সেয়া   শ্বেয়াৰ হ’বলৈ আৰম্ভ কৰে।

ভিডিঅ'টো সন্দীপৰ পত্নীয়েও তেওঁৰ নিজৰ ফেচবুকত  দেখিবলৈ পায়।ভিডিঅ’টো দেখি তেওঁ হতবাক হৈ পৰে। তেওঁ সন্দীপক ভিডিঅ'টো তৎক্ষণাৎ ভিডিঅ’টো ডিলিট কৰিবলৈ কয় যদিও   সন্দীপে তেওঁৰ পত্নীৰ কথা শুনা নাছিল। অৱশেষত  পত্নীয়ে আৰক্ষীৰ ওচৰলৈ যোৱাৰ লগে লগে সন্দীপে ভয়তে  ভিডিঅ'টো ডিলিট কৰে। কিন্তু তেতিয়ালৈকে ভিডিঅ'টো ভাইৰেল হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ