--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশ্ৰী কৃষ্ণৰ জন্ম ক’ত হৈছিল? এই প্ৰশ্নটোৱে শেহতীয়াকৈ পুনৰ বিতৰ্কৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। বহুতৰ মতে বৰ্তমান শ্বাহী মছজিদ য’ত আছে তাতেই শ্ৰী কৃষ্ণৰ জন্ম হৈছিল। সেয়ে শ্বাহী মছজিদত জন্মাষ্টমী উদযাপনৰ অনুমতি বিচাৰি 'ভক্ত'ই উত্তৰ প্ৰপদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ তেজেৰে চিঠি লিখিছে। 

যদি আদিত্যনাথে এই  আবেদন গ্ৰহণ নকৰে, তেন্তে ভক্তজনে মৃত্যুৰ অনুমতি বিচাৰিব বুলিও ভাবুকি দিছে।
শ্বাহি মছজিদ কৃষ্ণৰ জন্মস্থান বুলি দাবী কৰি অখিল ভাৰত হিন্দু মহাসভাৰ এজন সদস্যই মছজিদৰ ভিতৰত জন্মাষ্টমী উদযাপন কৰিবলৈ আহ্বান জনাইছে। তেওঁ এনে আহ্বান জনোৱাতে ক্ষান্ত নাথাকি   দাবীটো কাৰ্যকৰী কৰিবলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ তেজৰে এখন পত্ৰ লিখিছে।

উল্লেখ্য শ্ৰীকৃষ্ণ জন্মাষ্টমী ১৯ আগষ্টত উদযাপন কৰা হ'ব। দীনেশ শৰ্মা নামৰ এজন হিন্দু নেতাই দাবী কৰিছে যে তেওঁলোকে সেইদিনা শ্বাহি মছজিদৰ ভিতৰত প্ৰাৰ্থনা কৰিব বিচাৰিছে। তেওঁ মুখ্যমন্ত্ৰী আদিত্যনাথলৈ তেজেৰে লিখা পত্ৰ খনত এইবুলি লিখিছে "শ্ৰী কৃষ্ণক ইমান দিন ধৰি পূজা কৰা ঠাইবোৰৰ কোনোটোৱেই তেওঁৰ জন্মস্থান নহয়। শ্বাহী মছজিদ ইদগাহ কৃষ্ণৰ প্ৰকৃত জন্মস্থান। আদিত্যনাথক "হিন্দু দেৱতা হনুমানৰ অৱতাৰ" বুলি অভিহিত কৰি দীনেশে লগতে লিখিছে যে তেওঁ বিশ্বাস কৰে যে যোগীয়ে তেওঁৰ আবেদন গ্ৰহণ কৰিব আৰু জন্মষ্টমীৰ দিনা শ্বাহী মছজিদত প্ৰাৰ্থনা কৰাৰ অনুমতি দিব।

যদি সেই অনুমতি নাপায় তেন্তে  দীনেশে মৰিবলৈও সাজু বুলি কৈছে । তেওঁৰ মতে যদি  কৃষ্ণক তেওঁৰ জন্মস্থানৰ বাহিৰে আন যিকোনো ঠাইত উপাসনা কৰিবলগীয়া হয়, তেন্তে জীয়াই থকাৰ কোনো অৰ্থ নাই ।

কৃষ্ণৰ জন্মস্থানকলৈ বহুবাৰ বিতৰ্ক হৈছে।এই সম্পৰ্কীয় গোচৰো আদালতত চলি আছে। 
শ্বাই ইদগাহ মছজিদ শ্ৰীকৃষ্ণৰ জন্মস্থানৰ কাষতে আছে, য'ত ভগৱান কৃষ্ণৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। ২০২২ চনৰ মে’ মাহত  মথুৰাৰ এখন আদালতে শ্বাহি ইদগাহ আঁতৰোৱাৰ দাবী জনাই দাখিল কৰা  এখন আবেদনৰ শুনানি গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement