--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশ্ৰী কৃষ্ণৰ জন্ম ক’ত হৈছিল? এই প্ৰশ্নটোৱে শেহতীয়াকৈ পুনৰ বিতৰ্কৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। বহুতৰ মতে বৰ্তমান শ্বাহী মছজিদ য’ত আছে তাতেই শ্ৰী কৃষ্ণৰ জন্ম হৈছিল। সেয়ে শ্বাহী মছজিদত জন্মাষ্টমী উদযাপনৰ অনুমতি বিচাৰি 'ভক্ত'ই উত্তৰ প্ৰপদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ তেজেৰে চিঠি লিখিছে। 

যদি আদিত্যনাথে এই  আবেদন গ্ৰহণ নকৰে, তেন্তে ভক্তজনে মৃত্যুৰ অনুমতি বিচাৰিব বুলিও ভাবুকি দিছে।
শ্বাহি মছজিদ কৃষ্ণৰ জন্মস্থান বুলি দাবী কৰি অখিল ভাৰত হিন্দু মহাসভাৰ এজন সদস্যই মছজিদৰ ভিতৰত জন্মাষ্টমী উদযাপন কৰিবলৈ আহ্বান জনাইছে। তেওঁ এনে আহ্বান জনোৱাতে ক্ষান্ত নাথাকি   দাবীটো কাৰ্যকৰী কৰিবলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ তেজৰে এখন পত্ৰ লিখিছে।

উল্লেখ্য শ্ৰীকৃষ্ণ জন্মাষ্টমী ১৯ আগষ্টত উদযাপন কৰা হ'ব। দীনেশ শৰ্মা নামৰ এজন হিন্দু নেতাই দাবী কৰিছে যে তেওঁলোকে সেইদিনা শ্বাহি মছজিদৰ ভিতৰত প্ৰাৰ্থনা কৰিব বিচাৰিছে। তেওঁ মুখ্যমন্ত্ৰী আদিত্যনাথলৈ তেজেৰে লিখা পত্ৰ খনত এইবুলি লিখিছে "শ্ৰী কৃষ্ণক ইমান দিন ধৰি পূজা কৰা ঠাইবোৰৰ কোনোটোৱেই তেওঁৰ জন্মস্থান নহয়। শ্বাহী মছজিদ ইদগাহ কৃষ্ণৰ প্ৰকৃত জন্মস্থান। আদিত্যনাথক "হিন্দু দেৱতা হনুমানৰ অৱতাৰ" বুলি অভিহিত কৰি দীনেশে লগতে লিখিছে যে তেওঁ বিশ্বাস কৰে যে যোগীয়ে তেওঁৰ আবেদন গ্ৰহণ কৰিব আৰু জন্মষ্টমীৰ দিনা শ্বাহী মছজিদত প্ৰাৰ্থনা কৰাৰ অনুমতি দিব।

যদি সেই অনুমতি নাপায় তেন্তে  দীনেশে মৰিবলৈও সাজু বুলি কৈছে । তেওঁৰ মতে যদি  কৃষ্ণক তেওঁৰ জন্মস্থানৰ বাহিৰে আন যিকোনো ঠাইত উপাসনা কৰিবলগীয়া হয়, তেন্তে জীয়াই থকাৰ কোনো অৰ্থ নাই ।

কৃষ্ণৰ জন্মস্থানকলৈ বহুবাৰ বিতৰ্ক হৈছে।এই সম্পৰ্কীয় গোচৰো আদালতত চলি আছে। 
শ্বাই ইদগাহ মছজিদ শ্ৰীকৃষ্ণৰ জন্মস্থানৰ কাষতে আছে, য'ত ভগৱান কৃষ্ণৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। ২০২২ চনৰ মে’ মাহত  মথুৰাৰ এখন আদালতে শ্বাহি ইদগাহ আঁতৰোৱাৰ দাবী জনাই দাখিল কৰা  এখন আবেদনৰ শুনানি গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি
চলচ্চিত্র মহোৎসৱত পাঁচটা বঁটাৰে উজলিল 'বোর্খা-দ্য ভেইল'