--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কল্পনা কৰক আপুনি এখন উবেৰ বুক কৰিছে আৰু যেতিয়া গাড়ীখন আহি পায় আপুনি দেখে যে চালকৰ আসনত বহি আছে ভাৰত আৰু দক্ষিণ এছিয়াৰ উবেৰৰ মূৰব্বী প্ৰভজিৎ সিং। কেনে লাগিব তেতিয়া? যদি আপুনি ভাবে যে এনে হোৱাৰ সম্ভাৱনা ক্ষীণ তেন্তে আপুনি একেবাৰে ভুল ভাবিছে কিয়নো কিছুমান গ্ৰাহকে প্ৰায়ে উবেৰ বুক কৰোতে চালক হিচাপে লগ পায় ভাৰত আৰু দক্ষিণ এছিয়াৰ উবেৰৰ মূৰব্বী প্ৰভজিৎ সিঙক। শেহতীয়াকৈ অনন্যা দ্বিবেদী নামৰ এগৰাকী যুৱতীয়ে শ্বেয়াৰ কৰা এক পোষ্ট ভাইৰেল হৈ পৰিছে। অনন্যাই লিখিছিল ''মই বহুদিনৰ পাছত কাৰ্যালয়ৰ কাম কৰিবলৈ বাহিৰলৈ ওলাই আহিছিলো আৰু মই উবেৰ বুক কৰোতে মন কৰিছিলো যে কোনে গাড়ীখন চলাই আহিছিল। উবেৰ বুক কৰাৰ পাছত চালকজনৰ নাম প্ৰভজিৎ সিং বুলি দেখুৱাইছিল। মই নামটো দেখি ভাবিছিলো যে চালকজন ভাৰত আৰু দক্ষিণ এছিয়াৰ উবেৰৰ মূৰব্বী প্ৰভজিৎ সিং হয় কিন্তু মই নিশ্চিত হ'ব পৰা নাছিলোঁ। মই গুগলত তেওঁৰ নাম ছাৰ্চ কৰিছিলোঁ আৰু তেওঁৰ মুখখন মিলাই চাইছিলোঁ আৰু মিলি গৈছিল। মই যেতিয়া মোৰ গন্তব্যস্থল পাইছিলোঁ তেতিয়া মই তেতিয়া তেওঁক সুধিছিলো যে তেওঁৱেই সেইজন প্ৰভজিৎ সিং হয়নে? তেওঁ হয় বুলি উত্তৰ দিছিল। সেয়েহে মই মনৰ আনন্দত তেওঁৰ সৈতে এখন ফটো উঠাৰ লোভ সামৰিব নোৱাৰিলোঁ। এয়া আমাৰ বাবে সঁচাই প্ৰেৰণাদায়ক।'' অনন্যা দ্বিবেদীয়ে পোষ্টটো শ্বেয়াৰ কৰাৰ পাছত উবেৰ ইণ্ডিয়াইও তেওঁৰ পোষ্টটোৰ প্ৰতি সঁহাৰি জনাইছিল। উবেৰ ইণ্ডিয়াই লিখিছিল-''ভাৰত আৰু দক্ষিণ এছিয়াৰ উবেৰৰ মূৰব্বী প্ৰভজিৎ সিঙৰ সৈতে আপোনাৰ যাত্ৰা ভাগ বতৰা কৰাৰ বাবে আপোনাক ধন্যবাদ।'' অৱশ্যে উবেৰ ইণ্ডিয়াৰ মুৰব্বীক কেব চালক হিচাপে বিচাৰি পোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। এই পোষ্টটো ভাইৰেল হোৱাৰ পাছতে বহু কেইজন লোকেই প্ৰভজিৎ সিঙক কেব চালক হিচাপে লগ পোৱাৰ কথা সদৰী কৰে। আৰু পঢ়কঃ নৱজ্যোত সিং সিদ্ধুক পৰাস্ত কৰা জীৱনজ্যোত কৌৰ কোন? কিয় তেওঁক কোৱা হয় ‘পেড ৱমেন’? Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
চুলি সুন্দৰ কৰি ৰাখিবলৈ মহিলাসকলে প্ৰতিদিনে খাওক এইবোৰ বস্তু
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ