--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কল্পনা কৰক আপুনি এখন উবেৰ বুক কৰিছে আৰু যেতিয়া গাড়ীখন আহি পায় আপুনি দেখে যে চালকৰ আসনত বহি আছে ভাৰত আৰু দক্ষিণ এছিয়াৰ উবেৰৰ মূৰব্বী প্ৰভজিৎ সিং। কেনে লাগিব তেতিয়া? যদি আপুনি ভাবে যে এনে হোৱাৰ সম্ভাৱনা ক্ষীণ তেন্তে আপুনি একেবাৰে ভুল ভাবিছে কিয়নো কিছুমান গ্ৰাহকে প্ৰায়ে উবেৰ বুক কৰোতে চালক হিচাপে লগ পায় ভাৰত আৰু দক্ষিণ এছিয়াৰ উবেৰৰ মূৰব্বী প্ৰভজিৎ সিঙক। শেহতীয়াকৈ অনন্যা দ্বিবেদী নামৰ এগৰাকী যুৱতীয়ে শ্বেয়াৰ কৰা এক পোষ্ট ভাইৰেল হৈ পৰিছে। অনন্যাই লিখিছিল ''মই বহুদিনৰ পাছত কাৰ্যালয়ৰ কাম কৰিবলৈ বাহিৰলৈ ওলাই আহিছিলো আৰু মই উবেৰ বুক কৰোতে মন কৰিছিলো যে কোনে গাড়ীখন চলাই আহিছিল। উবেৰ বুক কৰাৰ পাছত চালকজনৰ নাম প্ৰভজিৎ সিং বুলি দেখুৱাইছিল। মই নামটো দেখি ভাবিছিলো যে চালকজন ভাৰত আৰু দক্ষিণ এছিয়াৰ উবেৰৰ মূৰব্বী প্ৰভজিৎ সিং হয় কিন্তু মই নিশ্চিত হ'ব পৰা নাছিলোঁ। মই গুগলত তেওঁৰ নাম ছাৰ্চ কৰিছিলোঁ আৰু তেওঁৰ মুখখন মিলাই চাইছিলোঁ আৰু মিলি গৈছিল। মই যেতিয়া মোৰ গন্তব্যস্থল পাইছিলোঁ তেতিয়া মই তেতিয়া তেওঁক সুধিছিলো যে তেওঁৱেই সেইজন প্ৰভজিৎ সিং হয়নে? তেওঁ হয় বুলি উত্তৰ দিছিল। সেয়েহে মই মনৰ আনন্দত তেওঁৰ সৈতে এখন ফটো উঠাৰ লোভ সামৰিব নোৱাৰিলোঁ। এয়া আমাৰ বাবে সঁচাই প্ৰেৰণাদায়ক।'' অনন্যা দ্বিবেদীয়ে পোষ্টটো শ্বেয়াৰ কৰাৰ পাছত উবেৰ ইণ্ডিয়াইও তেওঁৰ পোষ্টটোৰ প্ৰতি সঁহাৰি জনাইছিল। উবেৰ ইণ্ডিয়াই লিখিছিল-''ভাৰত আৰু দক্ষিণ এছিয়াৰ উবেৰৰ মূৰব্বী প্ৰভজিৎ সিঙৰ সৈতে আপোনাৰ যাত্ৰা ভাগ বতৰা কৰাৰ বাবে আপোনাক ধন্যবাদ।'' অৱশ্যে উবেৰ ইণ্ডিয়াৰ মুৰব্বীক কেব চালক হিচাপে বিচাৰি পোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। এই পোষ্টটো ভাইৰেল হোৱাৰ পাছতে বহু কেইজন লোকেই প্ৰভজিৎ সিঙক কেব চালক হিচাপে লগ পোৱাৰ কথা সদৰী কৰে। আৰু পঢ়কঃ নৱজ্যোত সিং সিদ্ধুক পৰাস্ত কৰা জীৱনজ্যোত কৌৰ কোন? কিয় তেওঁক কোৱা হয় ‘পেড ৱমেন’? Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন