--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱ বিধানসভা নিৰ্বাচনত নৱজ্যোত সিং সিদ্ধুক পৰাস্ত কৰি চৰ্চাত আহিছে এগৰাকী নেত্ৰী। আম আদমী পাৰ্টী(আপ)ৰ প্ৰাৰ্থী জীৱনজ্যোত কৌৰে পৰাস্ত কৰিছে কংগ্ৰেছৰ নৱজ্যোত সিং সিদ্ধুক। আম আদমী পাৰ্টীয়ে পঞ্জাৱ বিধানসভা নিৰ্বাচনত একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু দলটোৱে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। এই নিৰ্বাচনত জীৱনজ্যোত কৌৰে অমৃতসৰ পূব আসনৰ পৰা কংগ্ৰেছৰ ৰাজ্যিক সভাপতি নৱজ্যোত সিং সিদ্ধু আৰু আকালি দলৰ নেতা বিক্ৰম সিং মাজিথিয়াক পৰাস্ত কৰে।

জীৱনজ্যোত কৌৰ কোন? কিয় তেওঁক কোৱা হয় 'পেড ৱমেন'?

প্ৰথমবাৰৰ বাবে নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰা জীৱনজ্যোত কৌৰক 'পেড ৱমেন' বুলি জনা যায়। জীৱনজ্যোতে এক কাৰ্যসূচীৰ অধীনত সমগ্ৰ পঞ্জাৱৰ কাৰাগাৰত থকা মহিলা বন্দীসকলক চেনিটাৰী নেপকিন প্ৰদান কৰিছিল। জীৱনজ্যোত কৌৰে দৰিদ্ৰ মহিলাসকলৰ মাজত চেনিটাৰী পেড ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সজাগতা আনিছিল, সেয়েহে তেওঁ 'পেড ৱমেন' নামেৰে পৰিচিতি লাভ কৰে।

জীৱনজ্যোত কৌৰ হৈছে S.H.E. Society(Sri Hemkunt Education Society)ৰ প্ৰতিষ্ঠাপক

জীৱনজ্যোত কৌৰ S.H.E. Societyৰ প্ৰতিষ্ঠাপক আৰু তেওঁৰ সংগঠনে সমাজৰ দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে কাম কৰি আছে। জীৱনজ্যোত কৌৰ এটা বিদেশী কোম্পানীৰ সৈতেও চুক্তিবদ্ধ হৈছে, যি গ্ৰাম্য মহিলাসকলক বিনামূলীয়াকৈ চেনিটাৰী পেড প্ৰদান কৰে।

কন্যা দন্ত চিকিৎসক আৰু পুত্ৰ উচ্চ ন্যায়ালয়ৰ এজন উকীল

আম আদমী পাৰ্টিৰ (আপ) নেত্ৰী জীৱনজ্যোত কৌৰৰ কন্যা এগৰাকী দন্ত চিকিৎসক আৰু তেওঁৰ পুত্ৰ উচ্চ ন্যায়ালয়ৰ এজন উকীল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁৰ কন্যা আৰু পুত্ৰইও প্ৰচাৰ চলাইছিল। ইয়াৰ বাহিৰেও তেওঁৰ পিতৃ-মাতৃ, স্বামী আৰু শহুৰেকেও জীৱনজ্যোত কৌৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল। আৰু পঢ়কঃ কৰ্কটৰ নিবনুৱাৰ বাবে সুখবৰ,কন্যাৰ স্বাস্থ্যক লৈ চিন্তা! চাওঁক আজিৰ ৰাশিফল BFC new

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন