--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বালাচৰত ৰে'ল দুৰ্ঘটনাত ২৮৮ গৰাকী  লোক নিহত হৈছে। আজি পুনৰ সেই পৰিসংখ্যা সংশোধন কৰিলে ওড়িশা চৰকাৰে। আজি  দিনৰ ভাগত চৰকাৰে মৃতকৰ সংখ্যা ২৭৮ বুলি প্ৰকাশ কৰিছিল যদিও নিশাৰ ভাগত সেই সংখ্যা ২৮৮ বুলি সংশোধন কৰে।

ওড়িশাৰ  মুখ্য সচিব প্ৰদীপ কুমাৰ জেনাই কয়  যে নতুন পৰিসংখ্যাবোৰ মৃতদেহৰ প্ৰমাণীকৰণ, চিকিৎসালয়ত কেইবাজনো আহতৰ মৃত্যু আৰু জিলা সংগ্ৰাহকৰ পৰা প্ৰাপ্ত তথ্যৰ ওপৰত আধাৰিত।  ৰে'লৱেই দেওবাৰেই কৈছিল যে শুক্ৰবাৰে সংঘটিত দুৰ্ঘটনাত ২৮৮ জন লোক নিহত হৈছিল। কিন্তু ওড়িশা  চৰকাৰে দেওবাৰে কৈছিল যে দুৰ্ঘটনাটোত ২৭৫ জন লোকৰহে মৃত্যু হৈছিল। দুদিন পিছত ৰাজ্য চৰকাৰে মৃতকৰ পৰিসংখ্যা পৰ্যালোচনা কৰে আৰু ৰে'লৱেৰ মতৰ সৈতে সহমত  হয়।

 কৰমণ্ডল  এক্সপ্ৰেছ দুৰ্ঘটনাত আহত তিনি জন লোকৰ  আজি  মৃত্যু ঘটে।  এতিয়াও  চিনাক্তকৰণ নোহোৱাকৈ পৰি ৰৈছে ১০১  টা মৃতদেহ।  ভুৱনেশ্বৰৰ মৰ্গত ৰখা  বহু কেইটা  মৃতদেহ কোনো লোকেই চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই। 

শুকুৰবাৰে কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত ২৭৫ গৰাকী যাত্ৰী নিহত হোৱা বুলি প্ৰথমে চৰকাৰীভাবে প্ৰকাশ কৰা হৈছিল। এতিয়া সেই সংখ্যা বৃদ্ধি পাই ২৮৮ গৰাকী হৈছে। ইষ্টাৰ্ণ ৰে'লৱেৰ বিভাগীয় ৰে'ল ৱে মেনেজাৰ ৰিঙ্কেশ ৰয়ে কয়, "দুৰ্ঘটনাটোত ১,১০০ জন লোক আহত হৈছে। তাৰে ভিতৰত ৯০০  লোকক  চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে।’’  

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ