--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বালাচৰত ৰে'ল দুৰ্ঘটনাত ২৮৮ গৰাকী  লোক নিহত হৈছে। আজি পুনৰ সেই পৰিসংখ্যা সংশোধন কৰিলে ওড়িশা চৰকাৰে। আজি  দিনৰ ভাগত চৰকাৰে মৃতকৰ সংখ্যা ২৭৮ বুলি প্ৰকাশ কৰিছিল যদিও নিশাৰ ভাগত সেই সংখ্যা ২৮৮ বুলি সংশোধন কৰে।

ওড়িশাৰ  মুখ্য সচিব প্ৰদীপ কুমাৰ জেনাই কয়  যে নতুন পৰিসংখ্যাবোৰ মৃতদেহৰ প্ৰমাণীকৰণ, চিকিৎসালয়ত কেইবাজনো আহতৰ মৃত্যু আৰু জিলা সংগ্ৰাহকৰ পৰা প্ৰাপ্ত তথ্যৰ ওপৰত আধাৰিত।  ৰে'লৱেই দেওবাৰেই কৈছিল যে শুক্ৰবাৰে সংঘটিত দুৰ্ঘটনাত ২৮৮ জন লোক নিহত হৈছিল। কিন্তু ওড়িশা  চৰকাৰে দেওবাৰে কৈছিল যে দুৰ্ঘটনাটোত ২৭৫ জন লোকৰহে মৃত্যু হৈছিল। দুদিন পিছত ৰাজ্য চৰকাৰে মৃতকৰ পৰিসংখ্যা পৰ্যালোচনা কৰে আৰু ৰে'লৱেৰ মতৰ সৈতে সহমত  হয়।

 কৰমণ্ডল  এক্সপ্ৰেছ দুৰ্ঘটনাত আহত তিনি জন লোকৰ  আজি  মৃত্যু ঘটে।  এতিয়াও  চিনাক্তকৰণ নোহোৱাকৈ পৰি ৰৈছে ১০১  টা মৃতদেহ।  ভুৱনেশ্বৰৰ মৰ্গত ৰখা  বহু কেইটা  মৃতদেহ কোনো লোকেই চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই। 

শুকুৰবাৰে কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত ২৭৫ গৰাকী যাত্ৰী নিহত হোৱা বুলি প্ৰথমে চৰকাৰীভাবে প্ৰকাশ কৰা হৈছিল। এতিয়া সেই সংখ্যা বৃদ্ধি পাই ২৮৮ গৰাকী হৈছে। ইষ্টাৰ্ণ ৰে'লৱেৰ বিভাগীয় ৰে'ল ৱে মেনেজাৰ ৰিঙ্কেশ ৰয়ে কয়, "দুৰ্ঘটনাটোত ১,১০০ জন লোক আহত হৈছে। তাৰে ভিতৰত ৯০০  লোকক  চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে।’’  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস