--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল মোদী আৰু হিন্দুত্বই যথেষ্ট নহয়! বিজেপিৰ প্ৰতি এইদৰে সকিয়নী প্ৰেৰণ কৰিলে খোদ আৰএছএছ-এ। আৰএছএছৰ ইংৰাজী মাউথপিছ ‘অৰ্গেনাইজাৰ’ৰে এই সতৰ্ক বাণী কৰিছে।

কিছুদিন পূৰ্বে ‘অৰ্গেনাইজাৰ’ত প্ৰকাশিত সম্পাদকীয় এটাই স্পষ্ট কৰি দিছে যে কেৱল মোদীৰ জনপ্ৰিয়তা বা হিন্দুত্বই বিজেপিক শক্তিশালী কৰিব নোৱাৰে। বিজেপিয়ে যদি জয়ী হ’ব বিচাৰে তেন্তে দেশত শক্তিশালী নেতৃত্ব গঢ়ি তোলাৰ প্ৰয়োজন।

‘অৰ্গেনাইজাৰ’ৰ সম্পাদকীয় স্তম্ভত কোৱা হৈছে যে কেৱল মোদীৰ ভাবমূর্তি আৰু হিন্দুত্ববাদী ৰাজনীতিৰে নির্বাচনত জয়ী হ’বলৈ যথেষ্ট নহয়৷ আঞ্চলিক পৰ্যায়ত দক্ষ নেতৃত্ব গঢ়ি তোলাৰ প্ৰয়োজন। সেই সম্পাদকীয়ত লগতে কোৱা হৈছে যে এইটোৱেই বিজেপিৰ জ্ঞানলৈ অহাৰ উপযুক্ত সময়।

উল্লেখ্য যে শেহতীয়াকৈ বিভিন্ন সমীক্ষা সংস্থাৰ মতে, দেশৰ জনপ্ৰিয় নেতাৰ শীৰ্ষত থাকিলেও এতিয়া বিজেপিৰ জয়ৰ বাবে কেৱল নৰেন্দ্ৰ মোদীৰ মুখখনেই এতিয়া যথেষ্ট নহয়। বিগত কেইটামান নিৰ্বাচনত, বিশেষকৈ পশ্চিমবংগ, হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত মোদীৰ ইমেজ আৰু যাদু দুয়োটাই বেয়াকৈ মুখথেকেচা খাইছে।

আৰএছএছ-এ এই তিনিটা নিৰ্বাচনত বিজেপিয়ে পৰাস্ত হোৱাৰ পাছত গেৰুৱা শিবিৰৰ বাবে আগন্তুক পথ যে পূৰ্বৰ দৰে সহজ হৈ থকা নাই সেয়া স্বীকাৰ কৰি লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
বিলাসীপাৰাত বাছ আৰু এল্টোৰ মুখামুখি সংঘৰ্ষ! আহত বহুজন
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ