--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌন নিৰ্যাতনৰ অভিযোগত জড়িত হৈ পা ভাৰতীয়  কুস্তি ফেডাৰেচনৰ মুৰব্বী তথা বিজেপি সাংসদ ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অব্যাহত থাকিব মল্লযোদ্ধাৰ প্ৰতিবাদ। এইকথা পুনৰ বাৰ স্পষ্ট কৰি দিলে অলিম্পিয়ান মল্লযোদ্ধা বজৰং পুনিয়াই। 

সৌসিদিনা পুনিয়াকে ধৰি কেইবাগৰাকীও প্ৰতিবাদকাৰী মল্লযোদ্ধাই অমিত শ্বাহৰে আলোচনাৰ পিছতে  প্ৰতিবাদ ত্যাগ কৰা বুলি একাংশ সংবাদমাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে মল্লযোদ্ধা সাক্ষী মালিকে লগে লগে টুইট কৰি সেয়া ভুৱা খবৰ বুলি কৈছিল আৰু কোনো পৰিস্থিতিতে প্ৰতিবাদৰ পথৰ পৰা বিচসিত নহয় বুলি স্পষ্ট কৰি দিছিল। । 

এনে সময়তে হজৰং পুনিয়ায়ো  গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত কয় যে তেওঁৰ সৈতে শ্বাহৰ  কোনো চুক্তি হোৱা নাই। গৃহমন্ত্ৰীয়ে কৈছে যে এই বিষয়ত এটা তদন্ত চলি আছে।মল্লযোদ্ধা বজৰং পুনিয়াই কয় যে সভাত তেওঁলোকক সভাৰ বিষয়ে বাহিৰত কথা নক'বলৈ মানা কৰা হৈছিল।পুনিয়াই কয় - ''গৃহ মন্ত্ৰীৰ সৈতে আমাৰ কোনো ছেটিং হোৱা নাই। আমি অমিত শ্বাহক  সুধিছিলো ব্ৰিজ ভূষণক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? ''এটা টিভি চেনেলক দিয়া সাক্ষাৎকাৰ পুনিয়াই কয়  ''প্ৰতিবাদী আন্দোলন শেষ হোৱা নাই, ই অব্যাহত থাকিব। আমি ইয়াক আগুৱাই নিয়াৰ বাবে ৰণনীতি প্ৰস্তুত কৰি আছো।''

 মল্লযোদ্ধাসকলে ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে এক নিৰপেক্ষ তদন্ত আৰু তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে৷  লিঙৰ  বিৰুদ্ধে এগৰাকী নাবালিকাকে  সাতগৰাকী মহিলা মল্লযোদ্ধাক  যৌন নিৰ্যাতন চলোৱাৰ  অভিযোগ উত্থাপন হৈ আহিছে। অমিত শ্বাহে মল্লযোদ্ধাসকলক আশ্বাস দিছিল যে আইন সকলোৰে বাবে সমান। বজৰং পুনিয়াই কয়  যে তেওঁ গৃহমন্ত্ৰীক সুধিছিল যে ব্ৰজ ভূষণ শৰণ সিঙক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু তেওঁক প্ৰকৃততে সুৰক্ষা দিয়া হৈছে নেকি? 

 নিজৰ ৰে'লৱেৰ চাকৰিলৈ উভতি অহা মল্লযোদ্ধাসকলক লৈ চলি থকা বিতৰ্ক  সন্দৰ্ভত শেহতীয়া কৈ মল্লযোদ্ধা বজৰং পুনিয়াই কয় যে তেওঁ চাকৰিৰ পৰা ছুটী  লৈছিল আৰু দিল্লীৰ যন্তৰ মন্তৰ প্ৰতিবাদস্থলীৰ পৰা উচ্ছেদ হোৱাৰ পিছত এদিনৰ বাবে যোগদান  কৰিবলৈ উভতি আহিছে। তেওঁ লগতে কয় যে প্ৰয়োজন হ’লে ন্যায়ৰ স্বাৰ্থত তেওঁ   চৰকাৰী চাকৰি ত্যাগ কৰিবলৈ সাজু। এয়া  কোনো ডাঙৰ কথা নহয়।

বজৰং পুনিয়াই কয়   ''এয়া  সন্মানৰ বাবে কৰি থকা  যুঁজ। আমি উৰাবাতৰি বা ৰে’লৰ চাকৰি হেৰুওৱাৰ বিষয়কলৈ ভয় নকৰোঁ। যদি কোনোবাই আমাৰ ওপৰত হেঁচা দিয়ে, আমি আমাৰ চাকৰি ত্যাগ কৰিম।''









FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ