--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌন নিৰ্যাতনৰ অভিযোগত জড়িত হৈ পা ভাৰতীয়  কুস্তি ফেডাৰেচনৰ মুৰব্বী তথা বিজেপি সাংসদ ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অব্যাহত থাকিব মল্লযোদ্ধাৰ প্ৰতিবাদ। এইকথা পুনৰ বাৰ স্পষ্ট কৰি দিলে অলিম্পিয়ান মল্লযোদ্ধা বজৰং পুনিয়াই। 

সৌসিদিনা পুনিয়াকে ধৰি কেইবাগৰাকীও প্ৰতিবাদকাৰী মল্লযোদ্ধাই অমিত শ্বাহৰে আলোচনাৰ পিছতে  প্ৰতিবাদ ত্যাগ কৰা বুলি একাংশ সংবাদমাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে মল্লযোদ্ধা সাক্ষী মালিকে লগে লগে টুইট কৰি সেয়া ভুৱা খবৰ বুলি কৈছিল আৰু কোনো পৰিস্থিতিতে প্ৰতিবাদৰ পথৰ পৰা বিচসিত নহয় বুলি স্পষ্ট কৰি দিছিল। । 

এনে সময়তে হজৰং পুনিয়ায়ো  গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত কয় যে তেওঁৰ সৈতে শ্বাহৰ  কোনো চুক্তি হোৱা নাই। গৃহমন্ত্ৰীয়ে কৈছে যে এই বিষয়ত এটা তদন্ত চলি আছে।মল্লযোদ্ধা বজৰং পুনিয়াই কয় যে সভাত তেওঁলোকক সভাৰ বিষয়ে বাহিৰত কথা নক'বলৈ মানা কৰা হৈছিল।পুনিয়াই কয় - ''গৃহ মন্ত্ৰীৰ সৈতে আমাৰ কোনো ছেটিং হোৱা নাই। আমি অমিত শ্বাহক  সুধিছিলো ব্ৰিজ ভূষণক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? ''এটা টিভি চেনেলক দিয়া সাক্ষাৎকাৰ পুনিয়াই কয়  ''প্ৰতিবাদী আন্দোলন শেষ হোৱা নাই, ই অব্যাহত থাকিব। আমি ইয়াক আগুৱাই নিয়াৰ বাবে ৰণনীতি প্ৰস্তুত কৰি আছো।''

 মল্লযোদ্ধাসকলে ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে এক নিৰপেক্ষ তদন্ত আৰু তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে৷  লিঙৰ  বিৰুদ্ধে এগৰাকী নাবালিকাকে  সাতগৰাকী মহিলা মল্লযোদ্ধাক  যৌন নিৰ্যাতন চলোৱাৰ  অভিযোগ উত্থাপন হৈ আহিছে। অমিত শ্বাহে মল্লযোদ্ধাসকলক আশ্বাস দিছিল যে আইন সকলোৰে বাবে সমান। বজৰং পুনিয়াই কয়  যে তেওঁ গৃহমন্ত্ৰীক সুধিছিল যে ব্ৰজ ভূষণ শৰণ সিঙক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু তেওঁক প্ৰকৃততে সুৰক্ষা দিয়া হৈছে নেকি? 

 নিজৰ ৰে'লৱেৰ চাকৰিলৈ উভতি অহা মল্লযোদ্ধাসকলক লৈ চলি থকা বিতৰ্ক  সন্দৰ্ভত শেহতীয়া কৈ মল্লযোদ্ধা বজৰং পুনিয়াই কয় যে তেওঁ চাকৰিৰ পৰা ছুটী  লৈছিল আৰু দিল্লীৰ যন্তৰ মন্তৰ প্ৰতিবাদস্থলীৰ পৰা উচ্ছেদ হোৱাৰ পিছত এদিনৰ বাবে যোগদান  কৰিবলৈ উভতি আহিছে। তেওঁ লগতে কয় যে প্ৰয়োজন হ’লে ন্যায়ৰ স্বাৰ্থত তেওঁ   চৰকাৰী চাকৰি ত্যাগ কৰিবলৈ সাজু। এয়া  কোনো ডাঙৰ কথা নহয়।

বজৰং পুনিয়াই কয়   ''এয়া  সন্মানৰ বাবে কৰি থকা  যুঁজ। আমি উৰাবাতৰি বা ৰে’লৰ চাকৰি হেৰুওৱাৰ বিষয়কলৈ ভয় নকৰোঁ। যদি কোনোবাই আমাৰ ওপৰত হেঁচা দিয়ে, আমি আমাৰ চাকৰি ত্যাগ কৰিম।''









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস