--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ত ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন অব্যাহত ৰাখিছে। আৰু এইবাৰ দেশে দৌৰৰ পৰা পদক লাভ কৰাৰ সম্ভাৱনা আছে। লনবলত সোণৰ পদক জয় কৰা নয়নমণি শইকীয়াৰ পাছত বাৰ্মিংহামত আন এক কমনৱেলথ পদকৰ সম্ভাৱনা জীয়াই ৰাখিলে আন এগৰাকী অসম সন্তানে। তেওঁ আন কোনো নহয়, তেওঁ হৈছে অসম কন্যা ধিং এক্সপ্ৰেছ হিমা দাস। অসমবাসীৰ হাজাৰ হেঁপাহ, প্ৰত্যাশা কঢ়িয়াই কমনৱেলথ গেমছত ছেমিফাইনেললৈ অগ্ৰসৰ হৈছে হিমা দাস। 

আজি অনুষ্ঠিত হোৱা ২০০ মিটাৰ দৌৰৰ প্ৰথম ৰাউণ্ডত হিট ২ ত প্ৰথম স্থানেৰে ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰে হিমাই। হিমাই ২৩.৪২ চেকেণ্ড সময় লৈ ট্ৰেকত নিজৰ দৌৰ সমাপ্ত কৰে। হিট ২ ত দ্বিতীয় স্থানত থকা জাম্বিয়াৰ প্ৰতিদ্বন্দী গৰাকীতকৈ .৪৩ চেকেণ্ড কম সময়ত দৌৰ সমাপ্ত কৰে হিমা দাসে। হিমাই প্ৰথমে দৌৰ লেহেমীয়াকৈ আৰম্ভ কৰিছিল যদিও শেষলৈ তেওঁ জয়ৰ দিশলৈ গতি কৰিবলৈ সক্ষম হয়। লাভলীনা বৰগোঁহাইয়ে কমনৱেলথ যাত্ৰা আধাতে সামৰাৰ পাছত এতিয়া প্ৰতিজন অসমীয়াই হিমা দাসৰ জয়যাত্ৰালৈ আশাৰে বাট চাইছে। হিমা দাসৰ ওপৰত কেৱল অসমবাসীয়ে নহয় সমগ্ৰ দেশবাসীয়ে আশা কৰিছে।

দেশবাসীৰ আশীৰ্বাদ শিৰত লৈ কাইলৈ ছেমিফাইনেলত ট্ৰেকত অৱতীৰ্ণ হ’ব হিমা। ২২ বছৰীয়া হিমা দাসে প্ৰথমৰে পৰা ৫গৰাকী মহিলা দৌৰবিদৰ হিটত আগবাঢ়ি আছিল। জাম্বিয়াৰ ৰোডা নাজোবভুৱে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে উগাণ্ডাৰ জেচেণ্ট নিয়ামাহুংগে তৃতীয় স্থান লাভ কৰে।
কমনৱেলথ গেমছ ২০২২ত ভাৰতীয় দলৰ প্ৰদৰ্শন অতি উত্তম। মেডেল তালিকাত সপ্তম স্থানত আছে ভাৰত। টীম ইণ্ডিয়াই বৰ্তমানলৈকে ১৮টা পদক লাভ কৰিছে য’ত আছে ৫টা সোণ, ৬টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement