--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ত ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন অব্যাহত ৰাখিছে। আৰু এইবাৰ দেশে দৌৰৰ পৰা পদক লাভ কৰাৰ সম্ভাৱনা আছে। লনবলত সোণৰ পদক জয় কৰা নয়নমণি শইকীয়াৰ পাছত বাৰ্মিংহামত আন এক কমনৱেলথ পদকৰ সম্ভাৱনা জীয়াই ৰাখিলে আন এগৰাকী অসম সন্তানে। তেওঁ আন কোনো নহয়, তেওঁ হৈছে অসম কন্যা ধিং এক্সপ্ৰেছ হিমা দাস। অসমবাসীৰ হাজাৰ হেঁপাহ, প্ৰত্যাশা কঢ়িয়াই কমনৱেলথ গেমছত ছেমিফাইনেললৈ অগ্ৰসৰ হৈছে হিমা দাস। 

আজি অনুষ্ঠিত হোৱা ২০০ মিটাৰ দৌৰৰ প্ৰথম ৰাউণ্ডত হিট ২ ত প্ৰথম স্থানেৰে ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰে হিমাই। হিমাই ২৩.৪২ চেকেণ্ড সময় লৈ ট্ৰেকত নিজৰ দৌৰ সমাপ্ত কৰে। হিট ২ ত দ্বিতীয় স্থানত থকা জাম্বিয়াৰ প্ৰতিদ্বন্দী গৰাকীতকৈ .৪৩ চেকেণ্ড কম সময়ত দৌৰ সমাপ্ত কৰে হিমা দাসে। হিমাই প্ৰথমে দৌৰ লেহেমীয়াকৈ আৰম্ভ কৰিছিল যদিও শেষলৈ তেওঁ জয়ৰ দিশলৈ গতি কৰিবলৈ সক্ষম হয়। লাভলীনা বৰগোঁহাইয়ে কমনৱেলথ যাত্ৰা আধাতে সামৰাৰ পাছত এতিয়া প্ৰতিজন অসমীয়াই হিমা দাসৰ জয়যাত্ৰালৈ আশাৰে বাট চাইছে। হিমা দাসৰ ওপৰত কেৱল অসমবাসীয়ে নহয় সমগ্ৰ দেশবাসীয়ে আশা কৰিছে।

দেশবাসীৰ আশীৰ্বাদ শিৰত লৈ কাইলৈ ছেমিফাইনেলত ট্ৰেকত অৱতীৰ্ণ হ’ব হিমা। ২২ বছৰীয়া হিমা দাসে প্ৰথমৰে পৰা ৫গৰাকী মহিলা দৌৰবিদৰ হিটত আগবাঢ়ি আছিল। জাম্বিয়াৰ ৰোডা নাজোবভুৱে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে উগাণ্ডাৰ জেচেণ্ট নিয়ামাহুংগে তৃতীয় স্থান লাভ কৰে।
কমনৱেলথ গেমছ ২০২২ত ভাৰতীয় দলৰ প্ৰদৰ্শন অতি উত্তম। মেডেল তালিকাত সপ্তম স্থানত আছে ভাৰত। টীম ইণ্ডিয়াই বৰ্তমানলৈকে ১৮টা পদক লাভ কৰিছে য’ত আছে ৫টা সোণ, ৬টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু