--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পোৱা ভুৱা ঔষধ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঔষধৰ ওপৰত QR কোড লগোৱাৰ নিৰ্দেশ জাৰি কৰিছে। ভাৰতীয় ড্ৰাগছ কণ্ট্ৰল জেনেৰেলে ২০২৩ চনৰ ১ আগষ্টৰ পৰা ৩০০ টা ফাৰ্মা কোম্পানীক QR ক’ড স্থাপন কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশ অনুসৰি দেশৰ শীৰ্ষ ৩০০ ঔষধ ব্ৰেণ্ডে নিজৰ ঔষধত QR কোড লগাব লাগিব। ডিচিজিআইৰ নিৰ্দেশ নামানিলে ফাৰ্মাচিউটিকেল কোম্পানীসমূহে জৰিমনা ভৰিব লাগিব।

দেশৰ শীৰ্ষ ফাৰ্মা কোম্পানীসমূহে আজিৰে পৰা ঔষধত QR ক’ড লগাব। কেলপল, ড’লো, চেৰিডন, কম্বিফ্লেম আৰু এন্টিবায়টিক এজিথ্ৰেল, অগমেণ্টিন, চেফটামৰ পৰা আৰম্ভ কৰি এলাৰ্জী প্ৰতিৰোধী ঔষধ এলেগ্ৰা আৰু থাইৰয়ড ঔষধ থাইৰ’নৰ্মলৈকে সকলোতে এই সুবিধা থাকিব। এই নিৰ্দেশ পূৰণ নকৰা যিকোনো কোম্পানীক জৰিমনা বিহা হ’ব বুলি ডিচিজিআইয়ে জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰে মুঠ ৩০০ ঔষধত QR ক’ড স্থাপনৰ নিৰ্দেশ দিছে।

QR ক’ডে কেৱল প্ৰয়োজন হ’লে সফল বেচ ৰিকালৰ দৰে ট্ৰেকিং আৰু ট্ৰেচিং কৰাত সহায় কৰাই নহয়, ভুৱা ঔষধ চিনাক্তকৰণতো সহায় কৰিব। ঔষধ উদ্যোগৰ বিশেষজ্ঞসকলে কয় যে এনে পদক্ষেপে দেশত ভুৱা ঔষধৰ বিক্ৰী ৰোধ কৰাত সহায় কৰিব। ইউনিক প্ৰডাক্ট আইডেন্টিফিকেশ্যন কোডত ঔষধৰ জেনেৰিক নাম, ব্ৰেণ্ড নাম, প্ৰস্তুতকাৰকৰ নাম, ঔষধ নিৰ্মাণৰ তাৰিখৰ লগতে ইয়াৰ ম্যাদ উকলি যোৱাৰ তাৰিখ আৰু ঔষধ প্ৰস্তুত কৰা কোম্পানীটোৰ অনুজ্ঞাপত্ৰ নম্বৰ চিনাক্ত কৰা হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক