--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পোৱা ভুৱা ঔষধ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঔষধৰ ওপৰত QR কোড লগোৱাৰ নিৰ্দেশ জাৰি কৰিছে। ভাৰতীয় ড্ৰাগছ কণ্ট্ৰল জেনেৰেলে ২০২৩ চনৰ ১ আগষ্টৰ পৰা ৩০০ টা ফাৰ্মা কোম্পানীক QR ক’ড স্থাপন কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশ অনুসৰি দেশৰ শীৰ্ষ ৩০০ ঔষধ ব্ৰেণ্ডে নিজৰ ঔষধত QR কোড লগাব লাগিব। ডিচিজিআইৰ নিৰ্দেশ নামানিলে ফাৰ্মাচিউটিকেল কোম্পানীসমূহে জৰিমনা ভৰিব লাগিব।

দেশৰ শীৰ্ষ ফাৰ্মা কোম্পানীসমূহে আজিৰে পৰা ঔষধত QR ক’ড লগাব। কেলপল, ড’লো, চেৰিডন, কম্বিফ্লেম আৰু এন্টিবায়টিক এজিথ্ৰেল, অগমেণ্টিন, চেফটামৰ পৰা আৰম্ভ কৰি এলাৰ্জী প্ৰতিৰোধী ঔষধ এলেগ্ৰা আৰু থাইৰয়ড ঔষধ থাইৰ’নৰ্মলৈকে সকলোতে এই সুবিধা থাকিব। এই নিৰ্দেশ পূৰণ নকৰা যিকোনো কোম্পানীক জৰিমনা বিহা হ’ব বুলি ডিচিজিআইয়ে জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰে মুঠ ৩০০ ঔষধত QR ক’ড স্থাপনৰ নিৰ্দেশ দিছে।

QR ক’ডে কেৱল প্ৰয়োজন হ’লে সফল বেচ ৰিকালৰ দৰে ট্ৰেকিং আৰু ট্ৰেচিং কৰাত সহায় কৰাই নহয়, ভুৱা ঔষধ চিনাক্তকৰণতো সহায় কৰিব। ঔষধ উদ্যোগৰ বিশেষজ্ঞসকলে কয় যে এনে পদক্ষেপে দেশত ভুৱা ঔষধৰ বিক্ৰী ৰোধ কৰাত সহায় কৰিব। ইউনিক প্ৰডাক্ট আইডেন্টিফিকেশ্যন কোডত ঔষধৰ জেনেৰিক নাম, ব্ৰেণ্ড নাম, প্ৰস্তুতকাৰকৰ নাম, ঔষধ নিৰ্মাণৰ তাৰিখৰ লগতে ইয়াৰ ম্যাদ উকলি যোৱাৰ তাৰিখ আৰু ঔষধ প্ৰস্তুত কৰা কোম্পানীটোৰ অনুজ্ঞাপত্ৰ নম্বৰ চিনাক্ত কৰা হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস