--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ উচ্চ শিক্ষা আয়োগে এতিয়া চাহ আমদানিৰ ব্যয় কৰ্তনৰ বাবে নতুন উপায়ৰ পৰামৰ্শ দিছে। শিক্ষা সংস্থাটোৱে উপাচাৰ্যসকলক লাছি, সাট্টুৰ দৰে স্থানীয় পানীয়ৰ সেৱনৰ প্ৰচাৰৰ বাবে অনুৰোধ জনাইছে। এইচ ই চিয়ে কয় যে,  এই পদক্ষেপে কেৱল নিয়োগ বৃদ্ধি কৰাই নহয়, দেশত চলি থকা অৰ্থনৈতিক সংকটৰ মাজতে জনসাধাৰণৰ বাবেও যথেষ্ট ফলপ্ৰসূ হ’ব।

উচ্চ শিক্ষা আয়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষই পাকিস্তানে সন্মুখীন হোৱা অৰ্থনৈতিক সংকটৰ কথা উল্লেখ কৰে। তেওঁ তেওঁলোকক নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰি কম আয়ৰ লোকসকলক সকাহ দিয়াৰ নতুন উপায়ৰ বিষয়ে চিন্তা কৰিবলৈ কয়। ইয়াৰে এটা পৰামৰ্শ দিয়া ব্যৱস্থাৰ ভিতৰত আছে স্থানীয় চাহ বাগিচাৰ প্ৰচাৰ আৰু স্থানীয়ভাৱে নিৰ্মিত তথা স্বাস্থ্যসন্মত পানীয় যেনে লাছি আৰু সাট্টু। আয়োগে কয় যে, এই পদক্ষেপৰ ফলত আয়ৰ ভাগ-বতৰা হ’ব আৰু এই পানীয়সমূহ নিৰ্মাণৰ ক্ষেত্ৰতো নিয়োগ সৃষ্টি হ’ব।

পাকিস্তানৰ পৰিকল্পনা মন্ত্রীয়ে দেশৰ জনসাধাৰণক চাহ সেৱন নিয়ন্ত্ৰণ কৰিবলৈ আহবান জনোৱাৰ কিছুদিন পিছতে এই বিবৃতি প্ৰকাশ কৰিছে। আচলতে চাহ আমদানি কৰিবলৈ পাকিস্তানে ধাৰ ল’ব লগা হৈছে। ভাইৰেল ভিডিঅ’যোগে মন্ত্ৰীগৰাকীয়ে কয় যে, ‘দেশবাসীক আহ্বান জনাইছো যে চাহ খোৱা ১-২ কাপ কৰ্তন কৰক, কিয়নো আমি ঋণ লৈ চাহ আমদানি কৰোঁ।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ ভূমিত জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰাৰ নিৰ্দেশ নগাৰ
কানাডাত ভূমিকম্পৰ আশংকা! ১২ হাজাৰ বছৰৰ পিছত জাগ্ৰত হোৱাৰ লক্ষণ ইউকন ফল্ট
বিশ্বনাথত নৱ বিবাহিতা মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
ৰাতিপুৱা স্কুললৈ গৈছিল... কিন্তু ঘূৰি নাহিল বিট্টু ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পিতৃৰ
মাটিবাৰী সংক্ৰান্তীয় কন্দলৰ ভয়ংকৰ পৰিণতি!  এগৰাকী মহিলাক চুলিত ধৰি টানি চোঁচৰাই গুৰুলাগুৰুলকৈ প্ৰহাৰ আত্মীয়ৰ
মাৰ্ঘেৰিটাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট এজন সেনা জোৱান
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক
এই ৩ টা বস্তু হৃদযন্ত্ৰৰ বাবে বৰ উপকাৰী! বহু সমস্যাও আঁতৰত থাকে
ট্রাম্পৰ শুল্কযুদ্ধই কঁপাইছে দেশ, ৰাছিয়াকো সমালোচনা
পিতৃৰ মৃত্যু, প্ৰেমিকৰ সৈতে মাতৃৰ পলায়ন! নাবালক পুত্ৰই থানাত এজাহাৰ দি ক'লে- সিহঁতে মোক মাৰি পেলাব
ঘাইপথত হঠাতে ব্ৰেক মৰাটো অমনোযোগিতাৰ পৰিচায়ক! পথ দুর্ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ মন্তব্য
টি চি এছৰ কৰ্মচাৰী চাটাইৰ সিদ্ধান্তৰ পাছতেই আন এক তথ্য প্রযুক্তি কোম্পানীয়ে আনিলে আশাৰ বতৰা