--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ উচ্চ শিক্ষা আয়োগে এতিয়া চাহ আমদানিৰ ব্যয় কৰ্তনৰ বাবে নতুন উপায়ৰ পৰামৰ্শ দিছে। শিক্ষা সংস্থাটোৱে উপাচাৰ্যসকলক লাছি, সাট্টুৰ দৰে স্থানীয় পানীয়ৰ সেৱনৰ প্ৰচাৰৰ বাবে অনুৰোধ জনাইছে। এইচ ই চিয়ে কয় যে,  এই পদক্ষেপে কেৱল নিয়োগ বৃদ্ধি কৰাই নহয়, দেশত চলি থকা অৰ্থনৈতিক সংকটৰ মাজতে জনসাধাৰণৰ বাবেও যথেষ্ট ফলপ্ৰসূ হ’ব।

উচ্চ শিক্ষা আয়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষই পাকিস্তানে সন্মুখীন হোৱা অৰ্থনৈতিক সংকটৰ কথা উল্লেখ কৰে। তেওঁ তেওঁলোকক নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰি কম আয়ৰ লোকসকলক সকাহ দিয়াৰ নতুন উপায়ৰ বিষয়ে চিন্তা কৰিবলৈ কয়। ইয়াৰে এটা পৰামৰ্শ দিয়া ব্যৱস্থাৰ ভিতৰত আছে স্থানীয় চাহ বাগিচাৰ প্ৰচাৰ আৰু স্থানীয়ভাৱে নিৰ্মিত তথা স্বাস্থ্যসন্মত পানীয় যেনে লাছি আৰু সাট্টু। আয়োগে কয় যে, এই পদক্ষেপৰ ফলত আয়ৰ ভাগ-বতৰা হ’ব আৰু এই পানীয়সমূহ নিৰ্মাণৰ ক্ষেত্ৰতো নিয়োগ সৃষ্টি হ’ব।

পাকিস্তানৰ পৰিকল্পনা মন্ত্রীয়ে দেশৰ জনসাধাৰণক চাহ সেৱন নিয়ন্ত্ৰণ কৰিবলৈ আহবান জনোৱাৰ কিছুদিন পিছতে এই বিবৃতি প্ৰকাশ কৰিছে। আচলতে চাহ আমদানি কৰিবলৈ পাকিস্তানে ধাৰ ল’ব লগা হৈছে। ভাইৰেল ভিডিঅ’যোগে মন্ত্ৰীগৰাকীয়ে কয় যে, ‘দেশবাসীক আহ্বান জনাইছো যে চাহ খোৱা ১-২ কাপ কৰ্তন কৰক, কিয়নো আমি ঋণ লৈ চাহ আমদানি কৰোঁ।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?