--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ কৰ’নাৰ বিভীষিকাই বিধ্বস্ত কৰি তুলিছে সাধাৰণ জনজীৱন। কৰ’না নামৰ ভাইৰাছৰ বাবেই নানা নাভুত-নাশ্ৰূত ঘটনাৰ সাক্ষী হ’ব লগীয়া হৈছে আমাৰ সমাজে। কেতবোৰ কথাই চকু কপাল তুলিছে সচেতন মহলৰ। শেহতীয়াকৈ পোহৰলৈ অহা এটি হৃদয়বিদাৰক ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন গাড়ীৰ ডিকীত কৰ’না আক্ৰান্ত নিজ সন্তানক ভৰাই ৰখাৰ খবৰ আহিছে। নিজ সন্তানক এইদৰে গাড়ীৰ ডিকীত ভৰাই ৰখাৰ অপৰাধত শিশুটিৰ মাতৃক গ্ৰেপ্তাৰো কৰিছে আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰা শিক্ষয়ত্ৰীগৰাকীৰ নাম ছাৰাহ বিয়াম। জানিবলৈ পোৱা মতে, মহিলাগৰাকীৰ বয়স ৪১। পুত্ৰৰ দেহৰ পৰা কৰ’না সংক্ৰমিত হ’ব পাৰে বুলি ভাবিয়েই ছাৰাহ বিয়ামে গাড়ীৰ পিছফালে নিজ সন্তানক ডিকীত ভৰাই কৰ’না পৰীক্ষা কৰিবলৈ গৈছিল।

মন কৰিবলগীয়া যে, ৩ জানুৱাৰীত টেক্সাছৰ হাৰিছ পল্লীত এখন গাড়ীৰ পিছফালৰ পৰা শব্দ পোৱাৰ পাছত এজন ব্যক্তিয়ে জৰুৰীকালীন সেৱালৈ ফোন কৰি বিষয়টো সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে খবৰ পোৱাৰ পাছতে শিশুটিক গাড়ীৰ ডিকীৰ পৰা উদ্ধাৰ কৰে আৰু শিশুটিৰ মাতৃ ছাৰাহ বিয়ামক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পুত্ৰ কৰ’নাত আক্ৰান্ত হৈছিল আৰু সেইবাবে পুত্ৰক গাড়ীৰ ডিকীত ভৰাই থৈ কৰ’না পৰীক্ষা কৰিবলৈ গৈছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে শিক্ষয়ত্ৰীগৰাকীয়ে। জানিবলৈ পোৱা মতে, তেওঁ ২০১১ চনৰ পৰা এখন স্থানীয় উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যাপনা কৰি আছে। ঘটনাটোৰ পাছত, তেওঁক বিদ্যালয়ৰ পৰা বাধ্যতামূলক ছুটিত প্ৰেৰণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ