--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সকলোৱে জানিছিল চাৰিওজন বৰ নলে লগা বন্ধু। কিছুমানে তেওঁলোকৰ বন্ধুত্বক লৈ ঈৰ্ষাও কৰিছিল। প্ৰতিটো সুখ আৰু দুখৰ মূহুৰ্তত ইজনে সিজনৰ লগ এৰা নাছিল। শৈশৱৰ পৰা গঢ় লোৱা সেই বন্ধুত্ব চাৰিও যেন পালন কৰি গ'ল মৃত্যু পৰ্যন্ত। জীৱনৰ অন্তিমখন ছেলফী লোৱাৰ কেইঘণ্টামানৰ পাছতে একেলগে মৃত্যুক আঁকোৱালি ল'লে নলে গলে লগা চাৰি বন্ধুৱে। নিয়তিয়েও যেন বিচাৰিছিল মৃত্যুৰ পাছতো চাৰি বন্ধু একেলগে থাকক। বাল্যকালৰ পৰা একেলগে থাকি ডাঙৰ-দীঘল হৈ একেলগে ব্যৱসায়ো আৰম্ভ কৰিছিল আছাদ খান, ছুহেল খান আৰু দুই বিলাল খানে। বিলাল খান নামটো দুজন বন্ধুৰে একে নাম আছিল। ফুৰিবলৈ বুলি গৈ বৰফৰ মাজত আৱদ্ধ হৈ বাহনৰ ভিতৰতে প্ৰাণ হেৰুৱালে চাৰি বন্ধুৱে। এই ঘটনা পাকিস্তান অধিকৃত পঞ্জাৱ প্ৰদেশৰ। ২,২৯১ মিটাৰ উচ্চতাত অৱস্থিত পাকিস্তানৰ আটাইতকৈ প্ৰিয় পৰ্যটনস্থলী হ'ল মুৰী। মুৰীৰ তুষাৰপাতে সকলো পৰ্যটককে বৰ আকৰ্ষণ কৰে।

সেই মুৰী ভ্ৰমণ কৰিবলৈ যোৱাই কাল হ'ল চাৰি বন্ধুৰ বাবে। মৃত্যু হোৱাৰ পূৰ্বে দিনৰ ভাগতে সুন্দৰভাৱে ঘুৰা ফুৰা কৰি ছেলফীয়ো লৈছিল চাৰিও। যোৱা ৪৮ ঘণ্টাত মুৰী আৰু ইয়াৰ চাৰিওফালৰ পাহাৰীয়া অঞ্চলত প্ৰচণ্ড তুষাৰপাত হয়, যাৰ ফলত ৰাস্তাত কেইবাখনো বাহন আৱদ্ধ হৈ পৰিছিল। কিন্তু সেইনিশাই অঞ্চলটোত অধিক তুষাৰপাত হোৱাৰ বাবে বাটতে আৱদ্ধ হৈ পৰে বহু কেইখন বাহন। আৱদ্ধ বাহন কেইখনৰ মাজত চাৰি বন্ধুৰ গাড়ীখনো আছিল। ৪ ফুট বৰফৰে ভৰ্তি পথবোৰ পৰিষ্কাৰ কৰিবলৈ সংগ্ৰাম কৰি থকাৰ সময়ত যান-জঁটত আৱদ্ধ হৈ থকা হাজাৰ হাজাৰ পৰ্যটকে তেওঁলোকৰ গাড়ীত ৰাতিটো কটাইছিল। বহুতে তেওঁলোকৰ গাড়ীৰ ইঞ্জিন ষ্টাৰ্ট কৰি ৰাখিছিল আৰু বাহিৰত জমা হোৱা শীতল বৰফৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ হিটাৰবোৰ জ্বলাই ৰাখিছিল। আনকি নিশা ৯ মান বজাত চাৰি বন্ধুৱে নিজ নিজ ঘৰলৈ ফোন কৰিও জনাইছিল সুস্থ হৈ থকাৰ বাৰ্তা।

আছাদ খান, ছুহেল খান আৰু বিলাল খানহঁতে তেওঁলোকৰ গাড়ীৰ চাৰিওফালে তুষাৰপাত হোৱাৰ ফলত চাইলেন্সাৰটো বন্ধ কৰি দিছিল, যাৰ ফলত কাৰ্বন মন'অক্সাইড গাড়ীলৈ উভতি অহা বাবে চাৰিওজনৰ মূৰ ঘূৰাইছিল আৰু উশাহত কষ্ট পাইছিল তাৰপাছত তেওঁলোকৰ মৃত্যু হৈছিল। স্থানীয় লোকসকলে চাৰিওকে গাড়ীত অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল আৰু হাস্পতালত তেওঁলোকক মৃত বুলি ঘোষণা কৰা হয়। সেই দিনটোত অত্যধিক তুষাৰপাতৰ ফলত মুঠ ২২ জন লোকে প্ৰাণ হেৰুৱায়। মধুৰ স্মৃতি সুঁৱৰিবলৈ চাৰি বন্ধুয়ে তোলা ছেলফীখন ভাইৰেল হৈ পৰিছে আৰু সকলোকে আৱেগিক কৰি তুলিছে।

আৰু পঢ়কঃ বিশেষজ্ঞৰ সকীয়নি-এই ভুলৰ বাবে পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ! কি ভুল?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ