--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ কৰ’না ভাইৰাছৰ ডেল্টা ভেৰিয়েণ্টক অতিক্ৰম কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত সংক্ৰমণৰ ক্ষেত্ৰত অ’মিক্ৰনে প্ৰধান স্থান দখল কৰা পৰিলক্ষিত হৈছে। একে সময়তে, অ’মিক্ৰন আক্ৰান্ত শিশুৰ সংখ্যা বৃদ্ধি পাইছে আমেৰিকাত। ইতিমধ্যে ক’ভিড-১৯ ত আক্ৰান্ত শিশুসকলক চিকিৎসালয়ত ভৰ্তি কৰাৰ ক্ষেত্ৰতো অভিলেখ গঢ়িছে দেশখনে। আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’না নিয়ন্ত্ৰণৰ বাবে দায়বদ্ধ চৰকাৰী সংস্থা ‘চেণ্টাৰ ফ’ৰ ডিজিজ এণ্ড প্ৰিভেনছন অৰ্থাত্‍ (চিডিচি)ৰ মুৰব্বী ৰাছেল ৱালেনস্কিয়ে কয় যে, ‘ডিচেম্বৰ মাহৰ মাজভাগৰ পৰা অ’মিক্ৰনত আক্ৰান্ত শিশুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।’


তেওঁ লগতে কয় যে, ১৪ খন ৰাজ্যৰ ২৫০ খন চিকিৎসালয়ৰ পৰা প্ৰাপ্ত পৰিসংখ্যা অনুসৰি প্ৰতি ১০,০০০ ভুক্তভোগীৰ ভিতৰত ৫ বছৰ বা তাতোকৈ কম বয়সৰ শিশু ৪জন। ৫ ৰ পৰা ১৭ বছৰ বয়সৰ শিশু আৰু কিশোৰ কমেও এজন।’ আনহাতে, টিকাকৰণ নকৰা সংক্ৰমিত শিশু আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ ঘটনা উদ্বেগজনক বুলিও তেওঁ সদৰি কৰিছে। বিগত সময়চোৱাত সমগ্ৰ বিশ্বত পঞ্জীয়ন কৰা ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যাই ৩০০ কোটি অতিক্ৰম কৰিছে। কৰ’না সংক্ৰমণ বৃদ্ধি হোৱাৰ মাজতে, ব্ৰিটেইনে তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। সাম্প্ৰতিক পৰিস্থিতিত কৰ’না ভাইৰাছৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সাৱধানতামূলক চতুৰ্থ ভেকছিন দিয়াৰ কোনো প্ৰয়োজনীয়তা নাই বুলিও সদৰি কৰিছে ব্ৰিটেইনে। উল্লেখ্য যে, বিগত বৰ্ষৰ মে’ মাহৰ পৰাই ব্ৰিটেইনত ৫০ ঊৰ্দ্ধৰ ব্যক্তিক সাৱধানতামূলক তৃতীয় ভেকছিন প্ৰদান কৰা বুলি জানিবলৈ পোৱা গৈছে। ইফালে শিশুৰ আক্ৰান্তৰ হাৰে উদ্বিগ্ন কৰি তুলিছে আমেৰিকাক। কৰ’নাই কাবু কৰা দেশখনে এই মাৰন ভাইৰাছবিধৰ বিৰুদ্ধে অনাগত সময়ত কিদৰে আগবাঢ়ে সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ