--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ কৰ’না ভাইৰাছৰ ডেল্টা ভেৰিয়েণ্টক অতিক্ৰম কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত সংক্ৰমণৰ ক্ষেত্ৰত অ’মিক্ৰনে প্ৰধান স্থান দখল কৰা পৰিলক্ষিত হৈছে। একে সময়তে, অ’মিক্ৰন আক্ৰান্ত শিশুৰ সংখ্যা বৃদ্ধি পাইছে আমেৰিকাত। ইতিমধ্যে ক’ভিড-১৯ ত আক্ৰান্ত শিশুসকলক চিকিৎসালয়ত ভৰ্তি কৰাৰ ক্ষেত্ৰতো অভিলেখ গঢ়িছে দেশখনে। আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’না নিয়ন্ত্ৰণৰ বাবে দায়বদ্ধ চৰকাৰী সংস্থা ‘চেণ্টাৰ ফ’ৰ ডিজিজ এণ্ড প্ৰিভেনছন অৰ্থাত্‍ (চিডিচি)ৰ মুৰব্বী ৰাছেল ৱালেনস্কিয়ে কয় যে, ‘ডিচেম্বৰ মাহৰ মাজভাগৰ পৰা অ’মিক্ৰনত আক্ৰান্ত শিশুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।’


তেওঁ লগতে কয় যে, ১৪ খন ৰাজ্যৰ ২৫০ খন চিকিৎসালয়ৰ পৰা প্ৰাপ্ত পৰিসংখ্যা অনুসৰি প্ৰতি ১০,০০০ ভুক্তভোগীৰ ভিতৰত ৫ বছৰ বা তাতোকৈ কম বয়সৰ শিশু ৪জন। ৫ ৰ পৰা ১৭ বছৰ বয়সৰ শিশু আৰু কিশোৰ কমেও এজন।’ আনহাতে, টিকাকৰণ নকৰা সংক্ৰমিত শিশু আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ ঘটনা উদ্বেগজনক বুলিও তেওঁ সদৰি কৰিছে। বিগত সময়চোৱাত সমগ্ৰ বিশ্বত পঞ্জীয়ন কৰা ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যাই ৩০০ কোটি অতিক্ৰম কৰিছে। কৰ’না সংক্ৰমণ বৃদ্ধি হোৱাৰ মাজতে, ব্ৰিটেইনে তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। সাম্প্ৰতিক পৰিস্থিতিত কৰ’না ভাইৰাছৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সাৱধানতামূলক চতুৰ্থ ভেকছিন দিয়াৰ কোনো প্ৰয়োজনীয়তা নাই বুলিও সদৰি কৰিছে ব্ৰিটেইনে। উল্লেখ্য যে, বিগত বৰ্ষৰ মে’ মাহৰ পৰাই ব্ৰিটেইনত ৫০ ঊৰ্দ্ধৰ ব্যক্তিক সাৱধানতামূলক তৃতীয় ভেকছিন প্ৰদান কৰা বুলি জানিবলৈ পোৱা গৈছে। ইফালে শিশুৰ আক্ৰান্তৰ হাৰে উদ্বিগ্ন কৰি তুলিছে আমেৰিকাক। কৰ’নাই কাবু কৰা দেশখনে এই মাৰন ভাইৰাছবিধৰ বিৰুদ্ধে অনাগত সময়ত কিদৰে আগবাঢ়ে সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু