--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না আৰু লকডাউনৰ বাবে এজন চিকিৎসকে হঠাতে এক সিদ্ধান্ত ল’লে৷ তেওঁ ঔষধ, চিকিৎসা সেৱা এৰি ইউপিএছচিৰ বাবে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিলে। ইউপিএছচিৰ পৰীক্ষাৰ প্ৰথম প্ৰচেষ্টাতে তেওঁ IAS হৈ পৰে। 

ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ মানুহে বছৰ বছৰ ধৰি প্ৰস্তুতি চলায়। কিন্তু সঠিক কৌশলেৰে কঠোৰ পৰিশ্ৰম কৰি বহুতে প্ৰথম প্ৰচেষ্টাতে সফল হোৱাই নহয়, টপাৰ হোৱাও দেখা যায়। এই কাহিনীও ঠিক একেধৰণৰ। প্ৰথম প্ৰয়াসতে IAS হয় ডা০ পৱন দত্ত৷ পৱন দত্তই ইউপিএছচি পৰীক্ষাত ২২ নম্বৰ স্থান দখল কৰে।

কৰ’না মহামাৰীৰ সময়ত পৱনে সফল প্ৰশাসনিক ব্যৱস্থাপনা দেখি অনুভৱ কৰিলে যে এজন IAS বিষয়াৰ প্ৰভাৱ এজন চিকিৎসকৰ প্ৰভাৱতকৈ হাজাৰগুণ বেছি। ই বৃহৎ পৰিসৰত জীৱন সলনি কৰিব পাৰে। যিটো এজন ডাক্তৰে কেতিয়াও কৰিব নোৱাৰে। ইয়াৰ পৰাই পৱনে IAS হ’বলৈ প্ৰেৰণা পাইছিল আৰু তেওঁ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সিদ্ধান্ত লৈছিল।

আইএএছ বিষয়া পৱন দত্ত তামিলনাডুৰ তিৰুপতি জিলাৰ বাসিন্দা। তেওঁৰ পিতৃ ভেংকটেশ্বৰলুৱে অন্নমায়া জিলাৰ ৰাজপেটত এল আই চি ইণ্ডিয়াত কাম কৰে। তেওঁৰ মাতৃ এছ ললিতা কুমাৰীয়ে কোডুৰুৰ জিলা পৰিষদ হাইস্কুলত শিক্ষকতা কৰে। পৱন দত্তই সৰুৰে পৰা আইএএছ নহয় ডাক্তৰ হ’ব বিচাৰিছিল। সেয়ে হায়দৰাবাদৰ নাৰায়ণ মহাবিদ্যালয়ৰ পৰা মধ্যমীয়া শিক্ষা সমাপ্ত কৰি তিৰুপতিৰ এছ ভি মেডিকেল কলেজৰ পৰা তেওঁ এমবিবিএছ ডিগ্ৰী লাভ কৰে।

পৱনে যেতিয়া ইউ পি এছ চি পৰীক্ষাৰ কথা ভাবিছিল তেতিয়া তেওঁৰ হাতত প্রিলিমছৰ প্রস্তুতিৰ বাবে মাত্র কেইমাহমান সময় আছিল৷ এনে পৰিস্থিতিত তেওঁ ইউপিএছচি প্ৰিলিমছত অৱতীৰ্ণ হ’বলৈ কোনো কৌশল ৰচনা কৰা নাছিল। বৰঞ্চ উচ্চ লক্ষ্য নিৰ্ধাৰণ কৰি সেই অনুসৰি প্ৰস্তুতি আৰম্ভ কৰিলে পৱনে। 

পৱনে কয় যে তেওঁ প্ৰিলিমছৰ বাবে কোনো নোট বনোৱা নাছিল। মেইনছৰ সময়ত কাৰেণ্ট এয়েৱাৰ্চৰ বাবে তেওঁ চৰ্ট নোট প্ৰস্তুত কৰে। মেইনছত অতি খৰকৈ লিখিবলৈ সাজু হ’ল। অৱশ্যে ঐচ্ছিক বিষয়ৰ বাবে কোচিং লৈছিল আৰু কিছুমান মক ইন্টাৰভিউও দিছিল পৱন দত্তই। 

সাক্ষাৎকাৰৰ অভিজ্ঞতা শ্বেয়াৰ কৰি পৱনে কয় যে ইউ পি এছ চিৰ সাক্ষাৎকাৰত ৯৫% প্ৰশ্ন তেওঁৰ চিকিৎসা পটভূমিৰ সৈতে জড়িত আছিল। সেই প্ৰশ্নবোৰত তেওঁ সন্তোষজনক উত্তৰ দিবলৈ সক্ষম হ’ল।

পৱনে কয় যে ইউ পি এছ চিৰ প্ৰস্তুতিৰ সময়ত তেঁৱো বহুবাৰ আৱেগিক ভাঙোনৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু তেওঁ প্ৰতিবাৰেই ফিনিক্স পক্ষীৰ দৰে ওলাই আহিছিল আৰু সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ইউ পি এছ চিৰ বাবে প্ৰস্তুতি চলোৱাসকলক কঠিন অধ্যৱসায় কৰিবলৈ, পৰীক্ষাটো বৰ ডাঙৰ বুলি বিবেচনা কৰি মানসিক চাপ বৃদ্ধি নকৰিবলৈ আৰু যিমান পাৰে সিমান অনুশীলন কৰিবলৈ পৰামৰ্শ দিয়ে পৱন দত্তই।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক