--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না আৰু লকডাউনৰ বাবে এজন চিকিৎসকে হঠাতে এক সিদ্ধান্ত ল’লে৷ তেওঁ ঔষধ, চিকিৎসা সেৱা এৰি ইউপিএছচিৰ বাবে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিলে। ইউপিএছচিৰ পৰীক্ষাৰ প্ৰথম প্ৰচেষ্টাতে তেওঁ IAS হৈ পৰে। 

ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ মানুহে বছৰ বছৰ ধৰি প্ৰস্তুতি চলায়। কিন্তু সঠিক কৌশলেৰে কঠোৰ পৰিশ্ৰম কৰি বহুতে প্ৰথম প্ৰচেষ্টাতে সফল হোৱাই নহয়, টপাৰ হোৱাও দেখা যায়। এই কাহিনীও ঠিক একেধৰণৰ। প্ৰথম প্ৰয়াসতে IAS হয় ডা০ পৱন দত্ত৷ পৱন দত্তই ইউপিএছচি পৰীক্ষাত ২২ নম্বৰ স্থান দখল কৰে।

কৰ’না মহামাৰীৰ সময়ত পৱনে সফল প্ৰশাসনিক ব্যৱস্থাপনা দেখি অনুভৱ কৰিলে যে এজন IAS বিষয়াৰ প্ৰভাৱ এজন চিকিৎসকৰ প্ৰভাৱতকৈ হাজাৰগুণ বেছি। ই বৃহৎ পৰিসৰত জীৱন সলনি কৰিব পাৰে। যিটো এজন ডাক্তৰে কেতিয়াও কৰিব নোৱাৰে। ইয়াৰ পৰাই পৱনে IAS হ’বলৈ প্ৰেৰণা পাইছিল আৰু তেওঁ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সিদ্ধান্ত লৈছিল।

আইএএছ বিষয়া পৱন দত্ত তামিলনাডুৰ তিৰুপতি জিলাৰ বাসিন্দা। তেওঁৰ পিতৃ ভেংকটেশ্বৰলুৱে অন্নমায়া জিলাৰ ৰাজপেটত এল আই চি ইণ্ডিয়াত কাম কৰে। তেওঁৰ মাতৃ এছ ললিতা কুমাৰীয়ে কোডুৰুৰ জিলা পৰিষদ হাইস্কুলত শিক্ষকতা কৰে। পৱন দত্তই সৰুৰে পৰা আইএএছ নহয় ডাক্তৰ হ’ব বিচাৰিছিল। সেয়ে হায়দৰাবাদৰ নাৰায়ণ মহাবিদ্যালয়ৰ পৰা মধ্যমীয়া শিক্ষা সমাপ্ত কৰি তিৰুপতিৰ এছ ভি মেডিকেল কলেজৰ পৰা তেওঁ এমবিবিএছ ডিগ্ৰী লাভ কৰে।

পৱনে যেতিয়া ইউ পি এছ চি পৰীক্ষাৰ কথা ভাবিছিল তেতিয়া তেওঁৰ হাতত প্রিলিমছৰ প্রস্তুতিৰ বাবে মাত্র কেইমাহমান সময় আছিল৷ এনে পৰিস্থিতিত তেওঁ ইউপিএছচি প্ৰিলিমছত অৱতীৰ্ণ হ’বলৈ কোনো কৌশল ৰচনা কৰা নাছিল। বৰঞ্চ উচ্চ লক্ষ্য নিৰ্ধাৰণ কৰি সেই অনুসৰি প্ৰস্তুতি আৰম্ভ কৰিলে পৱনে। 

পৱনে কয় যে তেওঁ প্ৰিলিমছৰ বাবে কোনো নোট বনোৱা নাছিল। মেইনছৰ সময়ত কাৰেণ্ট এয়েৱাৰ্চৰ বাবে তেওঁ চৰ্ট নোট প্ৰস্তুত কৰে। মেইনছত অতি খৰকৈ লিখিবলৈ সাজু হ’ল। অৱশ্যে ঐচ্ছিক বিষয়ৰ বাবে কোচিং লৈছিল আৰু কিছুমান মক ইন্টাৰভিউও দিছিল পৱন দত্তই। 

সাক্ষাৎকাৰৰ অভিজ্ঞতা শ্বেয়াৰ কৰি পৱনে কয় যে ইউ পি এছ চিৰ সাক্ষাৎকাৰত ৯৫% প্ৰশ্ন তেওঁৰ চিকিৎসা পটভূমিৰ সৈতে জড়িত আছিল। সেই প্ৰশ্নবোৰত তেওঁ সন্তোষজনক উত্তৰ দিবলৈ সক্ষম হ’ল।

পৱনে কয় যে ইউ পি এছ চিৰ প্ৰস্তুতিৰ সময়ত তেঁৱো বহুবাৰ আৱেগিক ভাঙোনৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু তেওঁ প্ৰতিবাৰেই ফিনিক্স পক্ষীৰ দৰে ওলাই আহিছিল আৰু সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ইউ পি এছ চিৰ বাবে প্ৰস্তুতি চলোৱাসকলক কঠিন অধ্যৱসায় কৰিবলৈ, পৰীক্ষাটো বৰ ডাঙৰ বুলি বিবেচনা কৰি মানসিক চাপ বৃদ্ধি নকৰিবলৈ আৰু যিমান পাৰে সিমান অনুশীলন কৰিবলৈ পৰামৰ্শ দিয়ে পৱন দত্তই।











FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'