--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে এতিয়া শংকিত কৰি তুলিছে বিজেপিৰ বহুতকে। দক্ষিণ ভাৰতত শাসনত থকা একমাত্ৰ ৰাজ্য খনৰ পৰা বিতাড়িত হোৱা কৰ্ণাটকত বহু কেইটা সমষ্টিত আনকি বিজেপি প্ৰাৰ্থীয়ে হেৰুৱালে আমানতৰ ধনো। 

সেই সমষ্টি সমূহৰ ভিৰত কৃষ্ণৰাজনগৰ সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছে মাত্ৰ ২৩৫০ টা ভোট, হোলেনাৰাচিপুৰত বিজেপি প্ৰাৰ্থীয়ে পাইছে ৪৮৫০ টা ভোট, হুনচুৰ সমষ্টিত ৬২৫৮ টা, শ্ৰৱণবেলাগোলাত ৫৬৪৮ টা, শ্ৰীনিবাসপুৰত ৬৬৪৪টা,আৰ্চিকেৰত ৬৫৩৮ টা,মেলুকোটত ৬৪৭০ টা, নাগামঙ্গলাত বিজেপি প্ৰাৰ্থীয়ে লাভ কৰা ভোটৰ সংখ্যা হৈছে ৭৭০০ টা, পাৱাগদাত ৭২০৬ টা, পিৰিয়াপাটনা সমষ্টিত ৭৩৭৩ টা, গৌৰীবিদানুৰতল ১৩২ টা ,মুলবাগালত ৯১০৩ টা,বাঙ্গাৰাপেটত ৮৯৭২ টা ,ৰামনগৰমত ১২৯১২ টা,পুলাকেশীনগৰত ১০৬২৪ টা ,চিদ্লাঘাট্টাত ১৫৪৪৬ টা,গুৰমিৎকাল সমষ্টিত ১৪৫৭১ টা, মাধুগিনত ১৫৬১২ টা, মাগাদিত ২০১৯৭ টা,আৰ্কাইগুডত ১৯৫৭৫ টা ,কনকপুৰত ১৯৭৫৩ টা ,চিন্তামণিত ২১৭১১ টা, বিদাৰত ১৭৭৭৯ টা, তনাৰাচীপুৰত ২০৩৮৯ টা, মালাভালত ২৫১১৬ , চান্নাগিন ২১৪৬৭, ভদ্ৰৱতীত ২১২৭০ টা, কোৰাটাগেৰ ২৪০১৯ , হাগানবোম্মানাহাল্লিত ২৭০২৫ টা ,মাদ্দুৰত  ২৮৯৯৫ টা ।

 দক্ষিণৰ ৰাজ্যখনৰ এক বৃহৎ অংশত হিন্দুত্বৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত যদিও বিজেপিয়ে সেইসকল ভোটাৰক এইবাৰ মুহিব নোৱাৰিলে।   বিজেপিয়ে একমাত্ৰ দক্ষিণৰ ৰাজ্যখনত চাৰিবাৰ শাসন কৰিছে। এইবাৰো গেৰুৱা দলটোৱে বিধানসভা নিৰ্বাচনৰ বাবে ইয়াৰ প্ৰচাৰত হিন্দুত্ব আৰু ধৰ্মীয় বিভাজনক অস্ত্ৰ-শস্ত্ৰৱ হিচাবে  ব্যৱহাৰ কৰাৰ  চেষ্টা কৰিছিল বুলি বহুতে আলোচনা কৰিছে। গেৰুৱা দলটো নিৰ্বাচনৰ আগতে প্ৰায় এবছৰ ধৰি হিজাব আৰু হালালৰ দৰে বিষয়কলৈ ব্যস্ত আছিল। নিৰ্বাচনী প্ৰচাৰৰ একেবাৰে শেষত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ ইস্তাহাৰত বজৰং দলক নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতিকলৈ কংগ্ৰেছক চোকা সমালোচনা কৰিছিল ।

আনহাতে কংগ্ৰেছে বিজেপিৰ মেৰুকৰণৰ ফান্দত ভৰি নিদি আৰু মুখ্যতঃ ৰুটি-কাপড়া-মকানৰ বিষয়কলৈ  নিৰ্বাচনত যুঁজ দিছিল। ৰাজ্যখনৰ অৰ্থনীতি, নিবনুৱা সমস্যা, আৰু সৰ্বোপৰি দুৰ্নীতিৰ বিষকলৈ কংগ্ৰেছে ভোটাৰৰ কাষ চাপিছিল। কংগ্ৰেছৰ 'পেচিএম' শ্লোগান, '৪০ শতাংশৰ চৰকাৰ', সকলোবোৰ মুখ্যতঃ অৰ্থনীতি কেন্দ্ৰিক আছিল। আনকি ভোটগ্ৰহণৰ দিনাও কংগ্ৰেছ কৰ্মীসকলে ভোটকেন্দ্ৰলৈ যোৱাৰ আগতে গেছ চিলিণ্ডাৰৰ পূজা কৰাৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। অৰ্থাৎ, কংগ্ৰেছে সম্পূৰ্ণৰূপে জনসাধাৰণৰ অৰ্থনৈতিক সমস্যাৰ বিষয়ত গুৰুত্ব দি ভোটাৰক আশ্বস্ত কৰিব বিচাৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত