--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে এতিয়া শংকিত কৰি তুলিছে বিজেপিৰ বহুতকে। দক্ষিণ ভাৰতত শাসনত থকা একমাত্ৰ ৰাজ্য খনৰ পৰা বিতাড়িত হোৱা কৰ্ণাটকত বহু কেইটা সমষ্টিত আনকি বিজেপি প্ৰাৰ্থীয়ে হেৰুৱালে আমানতৰ ধনো। 

সেই সমষ্টি সমূহৰ ভিৰত কৃষ্ণৰাজনগৰ সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছে মাত্ৰ ২৩৫০ টা ভোট, হোলেনাৰাচিপুৰত বিজেপি প্ৰাৰ্থীয়ে পাইছে ৪৮৫০ টা ভোট, হুনচুৰ সমষ্টিত ৬২৫৮ টা, শ্ৰৱণবেলাগোলাত ৫৬৪৮ টা, শ্ৰীনিবাসপুৰত ৬৬৪৪টা,আৰ্চিকেৰত ৬৫৩৮ টা,মেলুকোটত ৬৪৭০ টা, নাগামঙ্গলাত বিজেপি প্ৰাৰ্থীয়ে লাভ কৰা ভোটৰ সংখ্যা হৈছে ৭৭০০ টা, পাৱাগদাত ৭২০৬ টা, পিৰিয়াপাটনা সমষ্টিত ৭৩৭৩ টা, গৌৰীবিদানুৰতল ১৩২ টা ,মুলবাগালত ৯১০৩ টা,বাঙ্গাৰাপেটত ৮৯৭২ টা ,ৰামনগৰমত ১২৯১২ টা,পুলাকেশীনগৰত ১০৬২৪ টা ,চিদ্লাঘাট্টাত ১৫৪৪৬ টা,গুৰমিৎকাল সমষ্টিত ১৪৫৭১ টা, মাধুগিনত ১৫৬১২ টা, মাগাদিত ২০১৯৭ টা,আৰ্কাইগুডত ১৯৫৭৫ টা ,কনকপুৰত ১৯৭৫৩ টা ,চিন্তামণিত ২১৭১১ টা, বিদাৰত ১৭৭৭৯ টা, তনাৰাচীপুৰত ২০৩৮৯ টা, মালাভালত ২৫১১৬ , চান্নাগিন ২১৪৬৭, ভদ্ৰৱতীত ২১২৭০ টা, কোৰাটাগেৰ ২৪০১৯ , হাগানবোম্মানাহাল্লিত ২৭০২৫ টা ,মাদ্দুৰত  ২৮৯৯৫ টা ।

 দক্ষিণৰ ৰাজ্যখনৰ এক বৃহৎ অংশত হিন্দুত্বৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত যদিও বিজেপিয়ে সেইসকল ভোটাৰক এইবাৰ মুহিব নোৱাৰিলে।   বিজেপিয়ে একমাত্ৰ দক্ষিণৰ ৰাজ্যখনত চাৰিবাৰ শাসন কৰিছে। এইবাৰো গেৰুৱা দলটোৱে বিধানসভা নিৰ্বাচনৰ বাবে ইয়াৰ প্ৰচাৰত হিন্দুত্ব আৰু ধৰ্মীয় বিভাজনক অস্ত্ৰ-শস্ত্ৰৱ হিচাবে  ব্যৱহাৰ কৰাৰ  চেষ্টা কৰিছিল বুলি বহুতে আলোচনা কৰিছে। গেৰুৱা দলটো নিৰ্বাচনৰ আগতে প্ৰায় এবছৰ ধৰি হিজাব আৰু হালালৰ দৰে বিষয়কলৈ ব্যস্ত আছিল। নিৰ্বাচনী প্ৰচাৰৰ একেবাৰে শেষত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ ইস্তাহাৰত বজৰং দলক নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতিকলৈ কংগ্ৰেছক চোকা সমালোচনা কৰিছিল ।

আনহাতে কংগ্ৰেছে বিজেপিৰ মেৰুকৰণৰ ফান্দত ভৰি নিদি আৰু মুখ্যতঃ ৰুটি-কাপড়া-মকানৰ বিষয়কলৈ  নিৰ্বাচনত যুঁজ দিছিল। ৰাজ্যখনৰ অৰ্থনীতি, নিবনুৱা সমস্যা, আৰু সৰ্বোপৰি দুৰ্নীতিৰ বিষকলৈ কংগ্ৰেছে ভোটাৰৰ কাষ চাপিছিল। কংগ্ৰেছৰ 'পেচিএম' শ্লোগান, '৪০ শতাংশৰ চৰকাৰ', সকলোবোৰ মুখ্যতঃ অৰ্থনীতি কেন্দ্ৰিক আছিল। আনকি ভোটগ্ৰহণৰ দিনাও কংগ্ৰেছ কৰ্মীসকলে ভোটকেন্দ্ৰলৈ যোৱাৰ আগতে গেছ চিলিণ্ডাৰৰ পূজা কৰাৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। অৰ্থাৎ, কংগ্ৰেছে সম্পূৰ্ণৰূপে জনসাধাৰণৰ অৰ্থনৈতিক সমস্যাৰ বিষয়ত গুৰুত্ব দি ভোটাৰক আশ্বস্ত কৰিব বিচাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ