--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ স্বাস্থ্য সেৱাৰ প্ৰকৃত স্বৰূপ আজি পুনৰবাৰ উদঙালে এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুৱ। এগৰাকী ২১ বছৰীয়া গৰ্ভৱতী জনজাতীয় মহিলাই এখন গাওঁৰ পৰা সাত কিলোমিটাৰ খোজকাঢ়ি গৈছিল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ (পিএইচচি)। কিন্তু বাটতে তেওঁৰ বাবে যেন কাল ৰৈ আছিল।  চিকিৎসালয়ৰ পৰা  পালঘৰ জিলাত থকা ঘৰলৈ  উভতি অহাৰ সময়তে মহিলাগৰাকীয়ে চানষ্ট্ৰোকত মৃত্যু বৰণ কৰে।

পালঘৰ জিলাৰ অসামৰিক শল্য চিকিৎসক ড০ সঞ্জয় বোদাদে  জনোৱা অনুসৰি দহানু তালুকাৰ ওছাৰ বীৰা গাঁৱৰ সোণালী ৱাঘাটে প্ৰখৰ ৰ'দৰ মাজতে  ৩.৫ কিলোমিটাৰ খোজ কাঢ়ি ওচৰৰ এখন চিকিৎসালয়ত  উপস্থিত হৈছিল । তাৰ পৰা   তেওঁ তাৱা পিএইচচিলৈ এখন অটো-ৰিক্সা লৈছিল।গৰ্ভধাৰণৰ নৱম মাহত থকা মহিলাগৰাকীক পিএইচচিত চিকিৎসা কৰা হৈছিল আৰু ঘৰলৈ প্ৰেৰণ কৰা হৈছিল। 

কিন্তু  প্ৰচণ্ড গৰমৰ মাজৰে  তেওঁ  পুনৰ ৰাজপথেৰে ঘৰলৈ উভতি আৰু ৩.৫  কিলোমিটাৰ পথ  খোজ কাঢ়িবলগীয়া হৈছিল। কাৰণ তেওঁৰ গাওঁ খনলৈ কোনো বাহন যোৱাৰ সূচল পথ নাই। এনেদৰ ৰ’দৰ মাজৰে খোজকাঢ়ি যোৱাৰ ফলত তেওঁ অলিস্থ হৈ পৰে আৰু তেওঁক  ধুণ্ডালৱাড়ী পিএইচচিলৈ লৈ যোৱা হয়। তাৰ পৰা তেওঁক  কাছা উপ-বিভাগীয় চিকিৎসালয়লৈ (এছডিএইচ) প্ৰেৰণ কৰা হয় । চিকিৎসকে তেওঁক  উন্নত  চিকিৎসাৰ বাবে  দহানুৰ ধুণ্ডালৱাড়ীৰ এখন বিশেষ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও এম্বুলেন্সতে তেওঁৰ মৃত্যু ঘটে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ