--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ স্বাস্থ্য সেৱাৰ প্ৰকৃত স্বৰূপ আজি পুনৰবাৰ উদঙালে এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুৱ। এগৰাকী ২১ বছৰীয়া গৰ্ভৱতী জনজাতীয় মহিলাই এখন গাওঁৰ পৰা সাত কিলোমিটাৰ খোজকাঢ়ি গৈছিল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ (পিএইচচি)। কিন্তু বাটতে তেওঁৰ বাবে যেন কাল ৰৈ আছিল।  চিকিৎসালয়ৰ পৰা  পালঘৰ জিলাত থকা ঘৰলৈ  উভতি অহাৰ সময়তে মহিলাগৰাকীয়ে চানষ্ট্ৰোকত মৃত্যু বৰণ কৰে।

পালঘৰ জিলাৰ অসামৰিক শল্য চিকিৎসক ড০ সঞ্জয় বোদাদে  জনোৱা অনুসৰি দহানু তালুকাৰ ওছাৰ বীৰা গাঁৱৰ সোণালী ৱাঘাটে প্ৰখৰ ৰ'দৰ মাজতে  ৩.৫ কিলোমিটাৰ খোজ কাঢ়ি ওচৰৰ এখন চিকিৎসালয়ত  উপস্থিত হৈছিল । তাৰ পৰা   তেওঁ তাৱা পিএইচচিলৈ এখন অটো-ৰিক্সা লৈছিল।গৰ্ভধাৰণৰ নৱম মাহত থকা মহিলাগৰাকীক পিএইচচিত চিকিৎসা কৰা হৈছিল আৰু ঘৰলৈ প্ৰেৰণ কৰা হৈছিল। 

কিন্তু  প্ৰচণ্ড গৰমৰ মাজৰে  তেওঁ  পুনৰ ৰাজপথেৰে ঘৰলৈ উভতি আৰু ৩.৫  কিলোমিটাৰ পথ  খোজ কাঢ়িবলগীয়া হৈছিল। কাৰণ তেওঁৰ গাওঁ খনলৈ কোনো বাহন যোৱাৰ সূচল পথ নাই। এনেদৰ ৰ’দৰ মাজৰে খোজকাঢ়ি যোৱাৰ ফলত তেওঁ অলিস্থ হৈ পৰে আৰু তেওঁক  ধুণ্ডালৱাড়ী পিএইচচিলৈ লৈ যোৱা হয়। তাৰ পৰা তেওঁক  কাছা উপ-বিভাগীয় চিকিৎসালয়লৈ (এছডিএইচ) প্ৰেৰণ কৰা হয় । চিকিৎসকে তেওঁক  উন্নত  চিকিৎসাৰ বাবে  দহানুৰ ধুণ্ডালৱাড়ীৰ এখন বিশেষ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও এম্বুলেন্সতে তেওঁৰ মৃত্যু ঘটে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস