--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰে পৰা কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিল সিদ্দাৰামাইয়া।  বেংগালুৰুৰ কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে সিদ্দাৰমাইয়াই। ডি কে শিৱকুমাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

উল্লেখ্য যে সিদ্দাৰামাইয়া দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছে। শনিবাৰে কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলটে নতুন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াক শপত গ্ৰহণ কৰোৱায়।

শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীও উপস্থিত থাকে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন উপস্থিত থকাৰ বিপৰীতে নাথাকিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতাৰ অনুপস্থিতিক লৈ হৈছে তীব্ৰ চৰ্চা।
  
আনহাতে, সিদ্দাৰামায়াৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা বিধায়কৰ প্ৰথমখন তালিকা প্ৰকাশ কৰা হৈছে। সেইমতে বিভিন্ন বিভাগৰ নতুন মন্ত্ৰীসকল হ’ল- জি পৰমেশ্বৰ, কে এইচ মুনিয়াপ্পা, কে জে জৰ্জ, এম বি পাটিল, সতীশ জাৰ্কিহোলী, প্ৰিয়াংক খাৰ্গে, ৰামলিংগ ৰেড্ডী, বি জেড জমিৰ আহমেদ খান।

উল্লেখ্য যে এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে হ’ল শপত গ্ৰহণ কৰা দলটোৰ আটাইতকৈ কম বয়সীয়া মন্ত্ৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ