--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰে পৰা কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিল সিদ্দাৰামাইয়া।  বেংগালুৰুৰ কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে সিদ্দাৰমাইয়াই। ডি কে শিৱকুমাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

উল্লেখ্য যে সিদ্দাৰামাইয়া দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছে। শনিবাৰে কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলটে নতুন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াক শপত গ্ৰহণ কৰোৱায়।

শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীও উপস্থিত থাকে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন উপস্থিত থকাৰ বিপৰীতে নাথাকিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতাৰ অনুপস্থিতিক লৈ হৈছে তীব্ৰ চৰ্চা।
  
আনহাতে, সিদ্দাৰামায়াৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা বিধায়কৰ প্ৰথমখন তালিকা প্ৰকাশ কৰা হৈছে। সেইমতে বিভিন্ন বিভাগৰ নতুন মন্ত্ৰীসকল হ’ল- জি পৰমেশ্বৰ, কে এইচ মুনিয়াপ্পা, কে জে জৰ্জ, এম বি পাটিল, সতীশ জাৰ্কিহোলী, প্ৰিয়াংক খাৰ্গে, ৰামলিংগ ৰেড্ডী, বি জেড জমিৰ আহমেদ খান।

উল্লেখ্য যে এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে হ’ল শপত গ্ৰহণ কৰা দলটোৰ আটাইতকৈ কম বয়সীয়া মন্ত্ৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস