--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন ব্যৱহাৰ নকৰে কৰ্ণাটকৰ আগন্তুক মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই। সেয়ে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ হ’লে যিকোনো ব্যৰ্কিয়ে মুখ্যমন্ত্ৰীজনৰ ব্যক্তিগত সহায়কৰ সৈতে যোগাযোগ কৰিব লাগিব। 

৭৬ বছৰীয়া নেতাজনক দুখীয়া মানুহৰ ‘ত্ৰাণকৰ্তা’ বুলি জনা যায়। যোৱা বছৰৰ আগষ্ট মাহত যেতিয়া তেওঁ ৭৫ সংখ্যক জন্মদিন পালন কৰিছিল, তেতিয়া ইয়াৰ নাম দিয়া হৈছিল ‘সিদ্দামহোৎসৱ!’। তাত ৬ লাখ মানুহ সমবেত হৈছিল। আনকি ৰাহুল গান্ধী তালৈ যাওঁতেও ঘণ্টাৰ পিছত ঘণ্টা যান-জঁটত আবদ্ধ হৈ থাকিবলগা হৈছিল।

সমালোচকসকলেও তেওঁক ‘সিদ্দামুল্লাহ’ বুলি কয়। কিন্তু এইজন ‘অহিন্দা’ নেতা (কৰ্ণাটকৰ ৰাজনীতিত ব্যৱহৃত বিশেষ শব্দ) সেই কথাত অসন্তুষ্ট বা অসুখী নহয়।

সিদ্দাৰামাইয়া সদায় স্পষ্টবাদী ৰাজনীতিবিদ।  ১৯৪৭ চনত মাইশূৰু জিলাৰ সিদ্দাৰমনাহুণ্ডী গাঁৱৰ এটা দৰিদ্ৰ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সিদ্দাৰমাইয়াই। তেওঁলোক ইমানেই দুখীয়া আছিল যে তেওঁ ১০ বছৰ বয়সলৈকে স্কুললৈ যোৱা নাছিল। কিন্তু পিছলৈ তেওঁ পঢ়া-শুনা আৰম্ভ কৰি মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা বি এ আৰু আইনত উত্তীৰ্ণ হয়। প্ৰাথমিক জীৱনত তেওঁ আছিল এজন উকীল। ৰাজনীতিত ভৰি দিয়াৰ আগতে তেওঁ মাইশূৰু অঞ্চলৰ কৃষকৰ কণ্ঠস্বৰ হৈ পৰিছিল। ‘কৃষক অধিবক্তা’ নামেৰেও পৰিচিত হৈ পৰিছিল।

২০১৩ চনত কংগ্ৰেছে ২২৪খন বিধানসভাৰ আসনৰ ভিতৰত ১২২খন আসন লাভ কৰিছিল। ‘সিদ্দা’ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়।

যদি এইবাৰ ৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব পাৰে, তেন্তে তেওঁ ইতিহাস ৰচনা কৰিব। কাৰণ কৰ্ণাটকৰ কোনো নেতাই এই পৰ্যন্ত শীৰ্ষ পদত দুটা কাৰ্যকাল সম্পূৰ্ণ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ