--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশিষ্ট অভিনেতা আশিস বিদ্যাৰ্থী হ'ল অসমৰ জোঁৱাই। বৃহস্পতিবাৰে এক অনুষ্ঠানত গুৱাহাটীৰ ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আশিস বিদ্যাৰ্থী।

জীৱনৰ ৬০ বছৰত বয়সত ৰূপালীৰ সৈতে পুনৰ জীৱনটো নতুনকৈ সজাবলৈ সাজু হৈছে অভিনেতাগৰাকী। ৰূপালী বৰুৱাৰ সৈতে এতিয়া সোণৰ সংসাৰ গঢ়িব আশিস বিদ্যাৰ্থীয়ে।

বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক শৈলধৰ বৰুৱাৰ ভতিজী ৰূপালী বৰুৱা। প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ প্ৰায় সংখ্যক ছবিৰে প্ৰযোজনা শৈলধৰ বৰুৱাৰ। 

১৯৬২ চনৰ ১৯ জুনত দিল্লীত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰবীণ অভিনেতাই নিজ কেৰিয়াৰত কেইবাখনো হিন্দী, তেলেগু, তামিল, কানাড়া, মালয়ালম, ইংৰাজী, ওডিয়া, মাৰাঠী আৰু বাংলা ছবিত কাম কৰিছে। ১৯৮৬ চনত অভিনয় জীৱনৰ পাতনি মেলিছিল আশিস বিদ্যাৰ্থীয়ে।

আজিলৈকে তেওঁ ১১টা ভাষাৰ ৩০০ৰো অধিক ছবিত কাম কৰিছে। আশিস বিদ্যাৰ্থীয়ে চৰ্দাৰ বল্লৱভাই পেটেলৰ জীৱনৰ আধাৰত নিৰ্মিত তেওঁৰ প্ৰথমখন চিনেমা চৰ্দাৰত ভিপি মেননৰ চৰিত্ৰত অভিনয় কৰিছিল।

কিন্তু তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবি আছিল দ্ৰোহকাল, যাৰ বাবে তেওঁ ১৯৯৫ চনত শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

'১৯৪২:এ লাভ ষ্ট’ৰী'ত আশুতোষৰ চৰিত্ৰৰ বাবেও তেওঁ পৰিচিত। আশিস বিদ্যাৰ্থীয়ে ১৯৯৬ চনৰ 'ইছ ৰাত কি সুবহ নহী' ছবিত কৰা নেগেটিভ ৰ’লৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ষ্টাৰ স্ক্ৰীণ বঁটাও লাভ কৰে।

ইয়াৰ পূৰ্বে জনপ্ৰিয় অভিনেতাগৰাকীয়ে ভাৰতীয় অভিনেত্ৰী, গায়িকা, নাট্যশিল্পী ৰাজোশী বিদ্যাৰ্থীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

''জয় বা পৰাজয়, সময় অসময়
কপালত জিলিকাই প্ৰেম নাহে
প্ৰেমে সময় নুবুজে
প্ৰেমে বয়স যে আৰু নুবুজে...''

ভূপেন হাজৰিকাই গাই যোৱা সেই গীতেই যেন আজি গুণগুণাইছে আশিস আৰু ৰূপালীয়ে। তেওঁলোকৰ যুগ্মজীৱন সুখৰ হবলৈ সকলোৱে জনাইছে আশিস আৰু শুভকামনা।










FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ