--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশিষ্ট অভিনেতা আশিস বিদ্যাৰ্থী হ'ল অসমৰ জোঁৱাই। বৃহস্পতিবাৰে এক অনুষ্ঠানত গুৱাহাটীৰ ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আশিস বিদ্যাৰ্থী।

জীৱনৰ ৬০ বছৰত বয়সত ৰূপালীৰ সৈতে পুনৰ জীৱনটো নতুনকৈ সজাবলৈ সাজু হৈছে অভিনেতাগৰাকী। ৰূপালী বৰুৱাৰ সৈতে এতিয়া সোণৰ সংসাৰ গঢ়িব আশিস বিদ্যাৰ্থীয়ে।

বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক শৈলধৰ বৰুৱাৰ ভতিজী ৰূপালী বৰুৱা। প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ প্ৰায় সংখ্যক ছবিৰে প্ৰযোজনা শৈলধৰ বৰুৱাৰ। 

১৯৬২ চনৰ ১৯ জুনত দিল্লীত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰবীণ অভিনেতাই নিজ কেৰিয়াৰত কেইবাখনো হিন্দী, তেলেগু, তামিল, কানাড়া, মালয়ালম, ইংৰাজী, ওডিয়া, মাৰাঠী আৰু বাংলা ছবিত কাম কৰিছে। ১৯৮৬ চনত অভিনয় জীৱনৰ পাতনি মেলিছিল আশিস বিদ্যাৰ্থীয়ে।

আজিলৈকে তেওঁ ১১টা ভাষাৰ ৩০০ৰো অধিক ছবিত কাম কৰিছে। আশিস বিদ্যাৰ্থীয়ে চৰ্দাৰ বল্লৱভাই পেটেলৰ জীৱনৰ আধাৰত নিৰ্মিত তেওঁৰ প্ৰথমখন চিনেমা চৰ্দাৰত ভিপি মেননৰ চৰিত্ৰত অভিনয় কৰিছিল।

কিন্তু তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবি আছিল দ্ৰোহকাল, যাৰ বাবে তেওঁ ১৯৯৫ চনত শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

'১৯৪২:এ লাভ ষ্ট’ৰী'ত আশুতোষৰ চৰিত্ৰৰ বাবেও তেওঁ পৰিচিত। আশিস বিদ্যাৰ্থীয়ে ১৯৯৬ চনৰ 'ইছ ৰাত কি সুবহ নহী' ছবিত কৰা নেগেটিভ ৰ’লৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ষ্টাৰ স্ক্ৰীণ বঁটাও লাভ কৰে।

ইয়াৰ পূৰ্বে জনপ্ৰিয় অভিনেতাগৰাকীয়ে ভাৰতীয় অভিনেত্ৰী, গায়িকা, নাট্যশিল্পী ৰাজোশী বিদ্যাৰ্থীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

''জয় বা পৰাজয়, সময় অসময়
কপালত জিলিকাই প্ৰেম নাহে
প্ৰেমে সময় নুবুজে
প্ৰেমে বয়স যে আৰু নুবুজে...''

ভূপেন হাজৰিকাই গাই যোৱা সেই গীতেই যেন আজি গুণগুণাইছে আশিস আৰু ৰূপালীয়ে। তেওঁলোকৰ যুগ্মজীৱন সুখৰ হবলৈ সকলোৱে জনাইছে আশিস আৰু শুভকামনা।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস