--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিজাবৰ পাছত এইবাৰ কৰ্ণাটকত সৃষ্টি হৈছে নতুন বিতৰ্ক৷ কৰ্ণাটকৰ বিদ্যালয়ত খ্ৰীষ্টান ধৰ্মাৱলম্বী শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ বাধ্যতামূলকভাৱে বাইবেল লৈ আনিবলগীয়া হোৱা বিষয়টোত জাঙুৰ খাই উঠিছে ৰাজ্যখনৰ হিন্দুত্ববাদী সংগঠন৷ 

বিদ্যালয়লৈ বাইবেল লৈ অহা বিষয়টোক সহজভাৱে লোৱা নাই হিন্দু জনজাগ্ৰুতি সমিতিয়ে৷ সংগঠনটোৱে শীঘ্ৰে কৰ্ণাটকৰ শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি বাইবেল বাধ্যতামূলক কৰা বিষয়ত সংগঠনটোৰ উদ্বেগ প্ৰকাশ কৰিব বুলি সংগঠনটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰমেশ চিন্দেয়ে সদৰী কৰে৷ 

জানিব পৰা মতে, বাংগালুৰুৰ এখন বিদ্যালয়ে অভিভাৱকৰ পৰা প্ৰতিশ্ৰুতি লৈছে যে তেওঁলোকে তেওঁলোকৰ সন্তানে বাইবেল শ্ৰেণীলৈ লৈ যোৱাত আপত্তি নকৰে। হিন্দু জনজাগ্ৰুতি সমিতিয়ে বাংগালুৰুৰ ক্লেৰেঞ্চ হাইস্কুল কৰ্তৃপক্ষক ছাত্ৰ-ছাত্ৰীসকলে বাধ্যতামূলকভাৱে বাইবেল কঢ়িয়াই নিয়া বিষয়ত অভিযোগ উত্থাপন কৰে। জনজাগ্ৰুতি সমিতিৰ ৰাজ্যিক মুখপাত্ৰ গৌড়াই অভিযোগ কৰি কয় যে, বিদ্যালয়খনে অ-খ্ৰীষ্টান শিক্ষাৰ্থীসকলকো বাধ্যতামূলকভাৱে বাইবেল কঢ়িয়াই নিবলৈ আৰু পঢ়িবলৈ কৈছে আৰু লগতে তেওঁলোকে অভিযোগ কৰি কয় যে, এই নীতিয়ে সংবিধানৰ অনুচ্ছেদ ২৫ আৰু ৩০ উলংঘা কৰিছে।

ক্লেৰেঞ্চ হাইস্কুলৰ অধ্যক্ষ জেৰী জৰ্জ মেথিউৱে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানক কৈছিল যে, আমি অৱগত যে কিছুসংখ্যক লোক আমাৰ বিদ্যালয়ৰ এটা নীতিৰ বাবে ক্ষোভিত। আমি এখন শান্তিপ্ৰেমী আৰু আইন পালনকাৰী বিদ্যালয়। আমি এই বিষয়ত আমাৰ অধিবক্তাসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছোঁ আৰু আমি তেওঁলোকৰ পৰামৰ্শ অনুসৰণ কৰিম। আমি দেশৰ আইন ভংগ নকৰোঁ। ইপিনে, পৰিস্থিতিৰ বুজ ল’বলৈ ব্লক শিক্ষা বিষয়াও বিদ্যালয়খনত উপস্থিত হৈছিল। তেওঁ কয়, মই বিদ্যালয় কৰ্তৃপক্ষৰ পৰা প্ৰতিবেদন পাবলৈ ইয়ালৈ আহিছোঁ।

শেহতীয়াকৈ বিষয়টো সম্পৰ্কত মুখ খুলিছে কৰ্ণাটকৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষামন্ত্ৰী বি চি নাগেশে৷ তেওঁ কয় যে, কোনো শিক্ষানুষ্ঠানে মানুহক এক নিৰ্দিষ্ট ধৰ্মীয় অনুশীলন অনুসৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰে আৰু যদি প্ৰতিষ্ঠানসমূহে এনে কৰা দেখা যায় তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁ লগতে কয়, কোনো প্ৰতিষ্ঠানে ধৰ্মীয় পাঠ্যপুথি শিকাব নোৱাৰে। আপুনি জানে যে বাইবেল হৈছে খ্ৰীষ্টান ধৰ্ম্মৰ এক ধৰ্মগ্ৰন্থ। আমাৰ প্ৰতিষ্ঠানসমূহত এনে ধৰণৰ কথা শিকাব নোৱাৰি। সেয়া সংখ্যালঘু প্ৰতিষ্ঠানে হওক বা আন প্ৰতিষ্ঠানে হওক। বিদ্যালয়ত কোনো ধৰ্মীয় প্ৰথাৰ অনুমতি দিয়া নহয়৷

উল্লেখযোগ্য যে, শেহতীয়াকৈ ৰাজ্য চৰকাৰখনে বিদ্যালয়সমূহত ভাগৱত গীতাক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা ঘোষণা কৰিছিল৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ