--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকত এতিয়া নিয়ম সংশোধনৰ ৰাজনীতি। বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা আইন পুনৰীক্ষণ কৰিব কংগ্ৰেছ চৰকাৰে। ধৰ্মৰ ভিত্তিত প্ৰৱৰ্তন কৰা নীতি-নিয়ম পুনৰীক্ষণ কৰাৰ হুংকাৰ নৱগঠিত কংগ্ৰেছ চৰকাৰে। পুনৰীক্ষণ কৰিব হিজাব নিষিদ্ধকৰণ, হালাল মাংস নিষিদ্ধকৰণৰ দৰে বিজেপিয়ে প্ৰৱৰ্তন কৰা নিয়ম। 

পূৰ্বে বিজেপি চৰকাৰে হিজাব, হালাল, গো-ৰক্ষা আদিৰ নামত প্ৰৱৰ্তন কৰিছিল বিশেষ আইন। বিশেষকৈ বিজেপি চৰকাৰৰ দিনত হিজাবকেন্দ্ৰিক বিতৰ্কই দেশজুৰি সৃষ্টি কৰিছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধকৰণৰ ঘোষণা কৰিছিল বাসৱৰাজ বোম্মাই নেতৃত্বাধীন বিজেপি চৰকাৰে। হিজাব নিষিদ্ধকৰণক লৈ উত্তাল হৈছিল দেশৰ ৰাজনীতি। বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদত নামিছিল একাংশ মুছলমান ধৰ্মাৱলম্বী শিক্ষাৰ্থীয়ে। এই সিদ্ধান্তক লৈ বোকা ছটিওৱাৰ খেলো আৰম্ভ হৈছিল দেশৰ ৰাজনীতিত। 

দেশৰ প্ৰায়সংখ্যক বিৰোধী দলে বিৰোধিতা কৰিছিল বিজেপিৰ চৰকাৰৰ এই সিদ্ধান্তক। দেশৰ পৰিধি ভাঙি বিদেশতো চৰ্চা লাভ কৰিছিল হিজাব নিষিদ্ধকৰণৰ সিদ্ধান্তই। এমনেষ্টি ইণ্টাৰনেচনেলৰ দৰে মানৱ অধিকাৰ সংস্থাই হিজাব নিষিদ্ধকৰণক লৈ প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। ইয়াৰ দ্বাৰা একাংশ শিক্ষাৰ্থীৰ অধিকাৰ খৰ্ব কৰা বুলি অভিযোগ তুলিছিল মানৱ অধিকাৰ সংস্থাটোৱে। 

বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ আনকি দৃষ্টি আকৰ্ষণ কৰিছিল ইছলামিক সন্ত্ৰাসবাদী সংগঠন অল-কায়দাৰ। ঠিক সেইদৰে হিজাব নিষিদ্ধকৰণৰ সৈতে কৰ্ণাটকত হালাল মাংসৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছিল চৰকাৰে। তাৰোপৰি গো-হত্যা প্ৰতিৰোধী আইনো প্ৰৱৰ্তন কৰিছিল কৰ্ণাটক বিজেপি চৰকাৰে। বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা এই আইনসমূহৰ পুনৰীক্ষণ কৰিব এতিয়া নৱগঠিত কংগ্ৰেছ চৰকাৰে। 

পূৰ্ণাংগ কেবিনেট গঠন হোৱাৰ পাছতে এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত ল’ব কংগ্ৰেছ চৰকাৰে। অৱশ্যে চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে এই সম্পৰ্কত বিস্তৃতভাৱে দলৰ মজিয়াত হ’ব আলোচনাও। ’২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ এই সিদ্ধান্তই দলটোক শ’লঠেকত পেলাব নেকি তাকে লৈও হ’ব আলোচনা। লোকসভা নিৰ্বাচনত বিজেপিয়ে পুনৰ ইয়াক ইচ্ছ্যু হিচাপে ল’ব নেকি তাকে লৈও সন্দিহান কংগ্ৰেছৰ এটা শিবিৰ। 

উল্লেখ্য যে নিৰ্বাচনী ইস্তাহাৰত বজৰং দল নিষিদ্ধকৰণো ঘোষণা কৰিছিল কংগ্ৰেছে। কিন্তু বাস্তৱ ক্ষেত্ৰত হয়টো এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিব দলটোৱে। ২০২৪ৰ পূৰ্বে এইসমূহ বিষয়ে যাতে বিজেপিক সহায় কৰিব নোৱাৰে তাৰ বাবে সচেষ্ট কংগ্ৰেছ। সমগ্ৰ বিষয় সন্দৰ্ভত কংগ্ৰেছে কি সিদ্ধান্ত গ্ৰহণ কৰে তাৰ বাবে বাট চাব লাগিব অনাগত দিনলৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস