--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকত এতিয়া নিয়ম সংশোধনৰ ৰাজনীতি। বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা আইন পুনৰীক্ষণ কৰিব কংগ্ৰেছ চৰকাৰে। ধৰ্মৰ ভিত্তিত প্ৰৱৰ্তন কৰা নীতি-নিয়ম পুনৰীক্ষণ কৰাৰ হুংকাৰ নৱগঠিত কংগ্ৰেছ চৰকাৰে। পুনৰীক্ষণ কৰিব হিজাব নিষিদ্ধকৰণ, হালাল মাংস নিষিদ্ধকৰণৰ দৰে বিজেপিয়ে প্ৰৱৰ্তন কৰা নিয়ম। 

পূৰ্বে বিজেপি চৰকাৰে হিজাব, হালাল, গো-ৰক্ষা আদিৰ নামত প্ৰৱৰ্তন কৰিছিল বিশেষ আইন। বিশেষকৈ বিজেপি চৰকাৰৰ দিনত হিজাবকেন্দ্ৰিক বিতৰ্কই দেশজুৰি সৃষ্টি কৰিছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধকৰণৰ ঘোষণা কৰিছিল বাসৱৰাজ বোম্মাই নেতৃত্বাধীন বিজেপি চৰকাৰে। হিজাব নিষিদ্ধকৰণক লৈ উত্তাল হৈছিল দেশৰ ৰাজনীতি। বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদত নামিছিল একাংশ মুছলমান ধৰ্মাৱলম্বী শিক্ষাৰ্থীয়ে। এই সিদ্ধান্তক লৈ বোকা ছটিওৱাৰ খেলো আৰম্ভ হৈছিল দেশৰ ৰাজনীতিত। 

দেশৰ প্ৰায়সংখ্যক বিৰোধী দলে বিৰোধিতা কৰিছিল বিজেপিৰ চৰকাৰৰ এই সিদ্ধান্তক। দেশৰ পৰিধি ভাঙি বিদেশতো চৰ্চা লাভ কৰিছিল হিজাব নিষিদ্ধকৰণৰ সিদ্ধান্তই। এমনেষ্টি ইণ্টাৰনেচনেলৰ দৰে মানৱ অধিকাৰ সংস্থাই হিজাব নিষিদ্ধকৰণক লৈ প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। ইয়াৰ দ্বাৰা একাংশ শিক্ষাৰ্থীৰ অধিকাৰ খৰ্ব কৰা বুলি অভিযোগ তুলিছিল মানৱ অধিকাৰ সংস্থাটোৱে। 

বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ আনকি দৃষ্টি আকৰ্ষণ কৰিছিল ইছলামিক সন্ত্ৰাসবাদী সংগঠন অল-কায়দাৰ। ঠিক সেইদৰে হিজাব নিষিদ্ধকৰণৰ সৈতে কৰ্ণাটকত হালাল মাংসৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছিল চৰকাৰে। তাৰোপৰি গো-হত্যা প্ৰতিৰোধী আইনো প্ৰৱৰ্তন কৰিছিল কৰ্ণাটক বিজেপি চৰকাৰে। বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা এই আইনসমূহৰ পুনৰীক্ষণ কৰিব এতিয়া নৱগঠিত কংগ্ৰেছ চৰকাৰে। 

পূৰ্ণাংগ কেবিনেট গঠন হোৱাৰ পাছতে এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত ল’ব কংগ্ৰেছ চৰকাৰে। অৱশ্যে চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে এই সম্পৰ্কত বিস্তৃতভাৱে দলৰ মজিয়াত হ’ব আলোচনাও। ’২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ এই সিদ্ধান্তই দলটোক শ’লঠেকত পেলাব নেকি তাকে লৈও হ’ব আলোচনা। লোকসভা নিৰ্বাচনত বিজেপিয়ে পুনৰ ইয়াক ইচ্ছ্যু হিচাপে ল’ব নেকি তাকে লৈও সন্দিহান কংগ্ৰেছৰ এটা শিবিৰ। 

উল্লেখ্য যে নিৰ্বাচনী ইস্তাহাৰত বজৰং দল নিষিদ্ধকৰণো ঘোষণা কৰিছিল কংগ্ৰেছে। কিন্তু বাস্তৱ ক্ষেত্ৰত হয়টো এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিব দলটোৱে। ২০২৪ৰ পূৰ্বে এইসমূহ বিষয়ে যাতে বিজেপিক সহায় কৰিব নোৱাৰে তাৰ বাবে সচেষ্ট কংগ্ৰেছ। সমগ্ৰ বিষয় সন্দৰ্ভত কংগ্ৰেছে কি সিদ্ধান্ত গ্ৰহণ কৰে তাৰ বাবে বাট চাব লাগিব অনাগত দিনলৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা