--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকত ক্ষমতা দখল কৰাৰ পাছতেই বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক কংগ্ৰেছ চৰকাৰ। কৰ্ণাটকৰ বিগত বিজেপি চৰকাৰৰ আমোলত সংঘটিত হৈছিল কেইবাশ কোটি টকাৰ কেইবাটাও বিয়াগোম কেলেংকাৰি। এই কেলংকাৰিৰ তদন্তৰ বাবে সাজু হৈছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ। 

বিজেপিৰ আমোলত কেলেংকাৰি কৰা প্ৰতিজন লোকক আইনী শাস্তি প্ৰদান কৰা হ’ব বুলি মুকলিকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই। বাসৱৰাজ বোম্মাইৰ বিজেপি চৰকাৰত ৪খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছিল। এই নিৰ্মাণকাৰ্যত অভাৱনীয় দুৰ্নীতি সংঘটিত হৈছিল।

এনে নিৰ্মাণকাৰ্যত ৪০ শতাংশপৰ্যন্ত কমিচন লোৱা হৈছিল বুলি মন্তব্য ছিদ্দাৰামায়াৰ। এনে ভয়াৱহ দুৰ্নীতি সংঘটিত কৰা প্ৰতিগৰাকী ৰাজনীতিক তথা চৰকাৰী বিষয়াক দণ্ডিত কৰা হ’ব বুলি সকীয়নি ছিদ্দাৰামায়াৰ। কৰ’নাকালতো কৰ্ণাটকত বিজেপি চৰকাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ছিদ্দাৰামায়াৰ। এনে দুৰ্নীতিত লিপ্তসকলো সাৰি নাযায় বুলি স্পষ্ট বক্তব্য কৰ্ণাটকৰ কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ। 

ইফালে ছিদ্দাৰামায়াৰ এনে সকীয়নিৰ পাছত কঁপনি উঠিছে ৰাজ্যখনৰ বিজেপিৰ ভিতৰচ’ৰাত। বিজেপিৰ কেইবাগৰাকী মন্ত্ৰী-বিধায়কে কাৰাগাৰলৈ যাবলগীয়া হ’ব পাৰে বুলি আতংকিত হৈ পৰিছে। আতংকিত হৈ পৰিছে ভ্ৰষ্টাচাৰী বিষয়াসকলো। তেওঁলোকেও জে’লযাত্ৰাৰ ক্ষণ গণিবলৈ আৰম্ভ কৰিছে। কৰ্ণাটকত ভ্ৰষ্টাচাৰ দূৰ কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিছিল কংগ্ৰেছ। এতিয়া ভ্ৰষ্টাচাৰ নিৰ্মূলৰ অভিযান চলাই নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ বিচাৰিছে ছিদ্দাৰামায়া চৰকাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস