--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকত ক্ষমতা দখল কৰাৰ পাছতেই বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক কংগ্ৰেছ চৰকাৰ। কৰ্ণাটকৰ বিগত বিজেপি চৰকাৰৰ আমোলত সংঘটিত হৈছিল কেইবাশ কোটি টকাৰ কেইবাটাও বিয়াগোম কেলেংকাৰি। এই কেলংকাৰিৰ তদন্তৰ বাবে সাজু হৈছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ। 

বিজেপিৰ আমোলত কেলেংকাৰি কৰা প্ৰতিজন লোকক আইনী শাস্তি প্ৰদান কৰা হ’ব বুলি মুকলিকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই। বাসৱৰাজ বোম্মাইৰ বিজেপি চৰকাৰত ৪খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছিল। এই নিৰ্মাণকাৰ্যত অভাৱনীয় দুৰ্নীতি সংঘটিত হৈছিল।

এনে নিৰ্মাণকাৰ্যত ৪০ শতাংশপৰ্যন্ত কমিচন লোৱা হৈছিল বুলি মন্তব্য ছিদ্দাৰামায়াৰ। এনে ভয়াৱহ দুৰ্নীতি সংঘটিত কৰা প্ৰতিগৰাকী ৰাজনীতিক তথা চৰকাৰী বিষয়াক দণ্ডিত কৰা হ’ব বুলি সকীয়নি ছিদ্দাৰামায়াৰ। কৰ’নাকালতো কৰ্ণাটকত বিজেপি চৰকাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ছিদ্দাৰামায়াৰ। এনে দুৰ্নীতিত লিপ্তসকলো সাৰি নাযায় বুলি স্পষ্ট বক্তব্য কৰ্ণাটকৰ কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ। 

ইফালে ছিদ্দাৰামায়াৰ এনে সকীয়নিৰ পাছত কঁপনি উঠিছে ৰাজ্যখনৰ বিজেপিৰ ভিতৰচ’ৰাত। বিজেপিৰ কেইবাগৰাকী মন্ত্ৰী-বিধায়কে কাৰাগাৰলৈ যাবলগীয়া হ’ব পাৰে বুলি আতংকিত হৈ পৰিছে। আতংকিত হৈ পৰিছে ভ্ৰষ্টাচাৰী বিষয়াসকলো। তেওঁলোকেও জে’লযাত্ৰাৰ ক্ষণ গণিবলৈ আৰম্ভ কৰিছে। কৰ্ণাটকত ভ্ৰষ্টাচাৰ দূৰ কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিছিল কংগ্ৰেছ। এতিয়া ভ্ৰষ্টাচাৰ নিৰ্মূলৰ অভিযান চলাই নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ বিচাৰিছে ছিদ্দাৰামায়া চৰকাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি