--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  গেৰুৱাবাহিনীৰ মূৰত প্ৰচণ্ড কোব শোধাই  কৰ্ণাটকত একক সংখ্যাগৰিষ্ঠাত অৰ্জন কৰিলে কংগ্ৰেছে। এতিয়া কৰ্ণাটকৰ বাবে সম্ভাৱ্য মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বাছনিৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে।  মুখ্যমন্ত্ৰীৰ  তালিকাৰ শীৰ্ষত স্থান লাভ কৰা নামটো হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া। অৱশ্যে কংগ্ৰেছৰ ৰাজ্যিক গোটৰ মুৰব্বী ডি কে শিৱকুমাৰকো শীৰ্ষ পদটোৰ বাবে বাছনি কৰা হ'ব পাৰে বুলি এটা সূত্ৰই কৈছে।

 তথাপি এইক্ষেত্ৰত সিদ্দাৰামায়াইয়াৰ সম্ভাৱনাই বেছি বুলি চৰ্চা হৈছে। 
যোৱা কৰ্ণাটক বিধানসভাৰ বিৰোধী দলপতি, সিদ্দাৰামাইয়াৰ ৰাজ্য খনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কৰ্ণাটকৰ দুবাৰ উপ মুখ্যমন্ত্ৰী আছিল। তেওঁ ২০১৩ চনৰ পৰা ২০১৮ বৰ্ষৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। কংগ্ৰেছে সিদ্দাৰামাইয়াৰ নেতৃত্বত কৰ্ণাটকত ২০১৮ ৰ বিধানসভা নিৰ্বাচনত যুঁজিছিল। অৱশ্যে দলটোৱে দ্বিতীয় স্থানহে লাভ কৰিবলৈ  সক্ষম হৈছিল । 

সিদ্দাৰামাইয়া পূৰ্বে  জেডি-এছৰ এৰাব নোৱাৰা অংশ আছিল আৰু ৰাজ্যখনত দুবাৰকৈ উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৫ চনত, সিদ্দাৰামাইয়াক জেডি-এছৰ পৰা নিলম্বিত কৰা হৈছিল। এবছৰ পিছত তেওঁ তেওঁৰ অনুগামীসকলৰ সৈতে কংগ্ৰেছত যোগদান কৰিছিল। তেওঁ ২০১৩ চনৰ ১৩ মে'ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছিল।

এজন প্ৰাক্তন মুখ্যমন্ত্ৰী হোৱাৰ উপৰি তেওঁ আঠটা কাৰ্যকালৰ বাবে বিধায়ক হিচাবে নিৰ্বাচিত হৈছে।   তেওঁ কৰ্ণাটক বিধানসভাৰ বিৰোধী দলৰ নেতা হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল। লক্ষ্যণীয় কথাটো হ’ল সিদ্দাৰামায়াই পূৰ্বে  কৈছিল যে এয়াই তেওঁৰ অন্তিম নিৰ্বাচন হ'ব।শীৰ্ষ কংগ্ৰেছ নেতাজনে এবাৰ এটা সাক্ষাৎকাৰত কৈছিল  যে তেওঁ এজন নাস্তিক। অৱশ্যে, তেওঁ পিছত স্পষ্ট কৰিব বিচাৰিছিল যে তেওঁ "আধ্যাত্মিক - মই সৰুতে উৎসৱত অংশগ্ৰহণ কৰিছো। মই কিছুমান জনপ্ৰিয় তীৰ্থস্থান পৰিদৰ্শন কৰিছো। কিন্তু মই নিশ্চিতভাৱে অন্ধবিশ্বাসৰ বিৰোধী, কিয়নো মই বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা সকলোবোৰ চাওঁ"। 

 সিদ্দাৰামাইয়াৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১২ আগষ্টত মহীশূৰ জিলাৰ বৰুণা হবলিৰ এখন দূৰৱৰ্তী গাওঁ সিদ্ধদাৰামানা হুণ্ডিত। কংগ্ৰেছ নেতাজন দৰিদ্ৰ কৃষক সম্প্ৰদায়ৰ পৰা আহিছে। তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা বি.এছ.চি., ডিগ্ৰী লাভ কৰিছিল। পিছত তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে আৰু কিছু দিনৰ বাবে আইন বৃত্তি গ্ৰহণ কৰে।,  

সিদ্দাৰামাইয়া পাৰ্বতীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ  দুটা পুত্ৰ সন্তান ক্ৰমে  ৰাকেশ আৰু যথিন্দ্ৰ। সিদ্দাৰামাইয়াৰ ডাঙৰ পুত্ৰ ৰাকেশ ৰাজনীতিত তেওঁৰ উত্তৰাধিকাৰী।  ২০১৬ চনত ৩৮  বছৰ বয়সত একাধিক অংগ বিকল হোৱাৰ ফলত ৰাকেশে মৃত্যু বৰণ কৰে। সৰু পুত্ৰ যতীন্দ্ৰই ২০১৮  ৰ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু মাইচুৰুৰ বৰুণা আসনৰ পৰা জয়ী হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস