--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  গেৰুৱাবাহিনীৰ মূৰত প্ৰচণ্ড কোব শোধাই  কৰ্ণাটকত একক সংখ্যাগৰিষ্ঠাত অৰ্জন কৰিলে কংগ্ৰেছে। এতিয়া কৰ্ণাটকৰ বাবে সম্ভাৱ্য মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বাছনিৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে।  মুখ্যমন্ত্ৰীৰ  তালিকাৰ শীৰ্ষত স্থান লাভ কৰা নামটো হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া। অৱশ্যে কংগ্ৰেছৰ ৰাজ্যিক গোটৰ মুৰব্বী ডি কে শিৱকুমাৰকো শীৰ্ষ পদটোৰ বাবে বাছনি কৰা হ'ব পাৰে বুলি এটা সূত্ৰই কৈছে।

 তথাপি এইক্ষেত্ৰত সিদ্দাৰামায়াইয়াৰ সম্ভাৱনাই বেছি বুলি চৰ্চা হৈছে। 
যোৱা কৰ্ণাটক বিধানসভাৰ বিৰোধী দলপতি, সিদ্দাৰামাইয়াৰ ৰাজ্য খনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কৰ্ণাটকৰ দুবাৰ উপ মুখ্যমন্ত্ৰী আছিল। তেওঁ ২০১৩ চনৰ পৰা ২০১৮ বৰ্ষৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। কংগ্ৰেছে সিদ্দাৰামাইয়াৰ নেতৃত্বত কৰ্ণাটকত ২০১৮ ৰ বিধানসভা নিৰ্বাচনত যুঁজিছিল। অৱশ্যে দলটোৱে দ্বিতীয় স্থানহে লাভ কৰিবলৈ  সক্ষম হৈছিল । 

সিদ্দাৰামাইয়া পূৰ্বে  জেডি-এছৰ এৰাব নোৱাৰা অংশ আছিল আৰু ৰাজ্যখনত দুবাৰকৈ উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৫ চনত, সিদ্দাৰামাইয়াক জেডি-এছৰ পৰা নিলম্বিত কৰা হৈছিল। এবছৰ পিছত তেওঁ তেওঁৰ অনুগামীসকলৰ সৈতে কংগ্ৰেছত যোগদান কৰিছিল। তেওঁ ২০১৩ চনৰ ১৩ মে'ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছিল।

এজন প্ৰাক্তন মুখ্যমন্ত্ৰী হোৱাৰ উপৰি তেওঁ আঠটা কাৰ্যকালৰ বাবে বিধায়ক হিচাবে নিৰ্বাচিত হৈছে।   তেওঁ কৰ্ণাটক বিধানসভাৰ বিৰোধী দলৰ নেতা হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল। লক্ষ্যণীয় কথাটো হ’ল সিদ্দাৰামায়াই পূৰ্বে  কৈছিল যে এয়াই তেওঁৰ অন্তিম নিৰ্বাচন হ'ব।শীৰ্ষ কংগ্ৰেছ নেতাজনে এবাৰ এটা সাক্ষাৎকাৰত কৈছিল  যে তেওঁ এজন নাস্তিক। অৱশ্যে, তেওঁ পিছত স্পষ্ট কৰিব বিচাৰিছিল যে তেওঁ "আধ্যাত্মিক - মই সৰুতে উৎসৱত অংশগ্ৰহণ কৰিছো। মই কিছুমান জনপ্ৰিয় তীৰ্থস্থান পৰিদৰ্শন কৰিছো। কিন্তু মই নিশ্চিতভাৱে অন্ধবিশ্বাসৰ বিৰোধী, কিয়নো মই বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা সকলোবোৰ চাওঁ"। 

 সিদ্দাৰামাইয়াৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১২ আগষ্টত মহীশূৰ জিলাৰ বৰুণা হবলিৰ এখন দূৰৱৰ্তী গাওঁ সিদ্ধদাৰামানা হুণ্ডিত। কংগ্ৰেছ নেতাজন দৰিদ্ৰ কৃষক সম্প্ৰদায়ৰ পৰা আহিছে। তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা বি.এছ.চি., ডিগ্ৰী লাভ কৰিছিল। পিছত তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে আৰু কিছু দিনৰ বাবে আইন বৃত্তি গ্ৰহণ কৰে।,  

সিদ্দাৰামাইয়া পাৰ্বতীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ  দুটা পুত্ৰ সন্তান ক্ৰমে  ৰাকেশ আৰু যথিন্দ্ৰ। সিদ্দাৰামাইয়াৰ ডাঙৰ পুত্ৰ ৰাকেশ ৰাজনীতিত তেওঁৰ উত্তৰাধিকাৰী।  ২০১৬ চনত ৩৮  বছৰ বয়সত একাধিক অংগ বিকল হোৱাৰ ফলত ৰাকেশে মৃত্যু বৰণ কৰে। সৰু পুত্ৰ যতীন্দ্ৰই ২০১৮  ৰ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু মাইচুৰুৰ বৰুণা আসনৰ পৰা জয়ী হৈছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে