--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি দিনত কিমানটা কণী খাব পাৰে? ৫ টা, ৬ টা...।কণীয়ে শৰীৰৰ ভিতৰৰ বিভিন্ন শাৰীৰিক জটিলতা বোৰ দ্ৰুততাৰে সমাধান কৰে। যিসকলে কণী খাবলৈ ভাল পায়, তেওঁলোকে এদিনত ৩-৪ টা কণীও খায়। এদিনত কিমানটা কণী খোৱাটো স্বাস্থ্যকৰ? 

পুষ্টিবিদসকলৰ মতে, কণীৰ প্ৰতি বহু মানুহৰ প্ৰেমৰ কাৰণ কেৱল সোৱাদ নহয়, লগতে কণীটোৰ পুষ্টিগত মূল্যও ইয়াৰ আঁৰত লুকাই আছে। ওজন নিয়ন্ত্ৰণৰ পৰা শৰীৰত প্ৰয়োজনীয় প্ৰ'টিন যোগান ধৰালৈকে - কণীয়ে সকলো প্ৰয়োজনীয় অভাৱ পূৰ কৰে। প্ৰ'টিনৰ উপৰি কণীত ভিটামিন ৬, ভিটামিন ১২, ফলিক এচিড, পটাছিয়াম, মেগনেছিয়াম, ছডিয়াম, থিয়ামিন, লো, জিংক, ভিটামিন ডি আৰু আন বহুতো অত্যাৱশ্যকীয় উপাদান থাকে। 

যিবোৰ উপাদানে শৰীৰৰ বিভিন্ন  জটিলতা দূৰ কৰাত সহায় কৰিব পাৰে।
কণী নিশ্চিতভাৱে স্বাস্থ্যকৰ। কিন্তু বহুত বেছি  কণী সঁচাকৈয়ে এদিনত খাব পাৰিনে? দিনত কিমানটা কণী খোৱাৰ ফলত শৰীৰৰ কোনো ক্ষতি নহ'ব? এই প্ৰশ্নবোৰৰ কিছুমানৰ উত্তৰ পুষ্টিবিদসকলে উল্লেখ কৰি আহিছে।

পুষ্টিবিদসকলৰ মতে সপ্তাহত তিনি বা চাৰিটাতকৈ অধিক কণী নোখোৱাই ভাল। ইয়াৰ কাৰণ হৈছে কণীত থকা  'এভিডিন' নামৰ গ্লাইকোপ্ৰ'টিনে শৰীৰৰ ভিতৰত বায়োটিন শোষণ কৰাত বাধা দিয়ে। বায়োটিন হৈছে শৰীৰৰ এটা অতি প্ৰয়োজনীয় উপাদান। ই চুলি ভালে ৰখাত আৰু ছাল-নখ গঠন কৰাত সহায় কৰে। যদি বায়োটিনৰ অভাৱ অত্যাধিক হয় ই মস্তিষ্কৰ কাৰ্যক্ষমতাও প্ৰভাৱাম্বিত কৰিব পাৰে।

 বায়োটিন হৈছে এক পানীত দ্ৰৱণীয় ভিটামিন আৰু সহজে শৰীৰৰ পৰা ওলাই আহিব পাৰে। কিন্তু যিহেতু কণীৰ বগা অংশই এই বায়োটিন শোষণ প্ৰতিহত কৰে সেয়ে  কণী খোৱা নিয়ন্ত্ৰণ কৰা ভাল।
যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকৰ বাবে আটাইতকৈ প্ৰিয় আহাৰ হ’ব পাৰে  'সিজোৱা কণী'। পুষ্টিবিদসকলৰ মতে  যিসকলে প্ৰতিদিনে যথেষ্ট শাৰীৰিক ব্যায়াম বা শাৰীৰিক কাম নকৰে তেওঁলোকেও একেলগে বহু বেছি  কণী খোৱাটো উচিত নহয়।

কিমানটা কণী স্বাস্থ্যৰ বাবে সুৰক্ষিত?
স্বাস্থ্যৱান লোকসকলে দিনত সৰ্বাধিক এটাতকৈ অধিক কণী  খাব নালাগে। পাৰিলে সপ্তাহত চাৰিটা কণী খোৱাটো ভাল। কণীৰ লগতে আমিষ আহাৰ খোৱাসকলে মাছ-মাংস আৰু পাচলিৰ পৰাও  প্ৰ'টিনৰ যোগান বৃদ্ধি কৰিব লাগে। নিৰামিষভোজীসকলে গাখীৰ, চয়াবিন, পনীৰ আদিৰ পৰাও প্ৰ’টিন পাব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু