--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোগৰ পৰা হাত সাৰিবলৈ আমি কিছুমান সৰল উপায় গ্ৰহণ কৰাটো ভাল। এনে কিছুমান প্ৰাকৃতিক প্ৰতিকাৰ আছে যিবোৰে আমাক সুস্থ সবল হৈ থকাত সহায় কৰে। আপুনি জানেনে যে পুৱা সাৰ পাই বাহি মুখত পানী খালে অৰ্থাৎ মুখ নুধুৱাকৈ পানী খালে দেহে বহুত উপকাৰ পায়। 

হয়, যদি আপুনি দাঁত ব্ৰাছ কৰাৰ আগতে পানী খায়, তেন্তে মুখত থকা লেলাউটি পানীৰ লগত মিহলি হৈ পেটলৈ গৈ ক্ষতিকাৰক বেক্টেৰিয়াক মাৰি পেলোৱাত সহায় কৰে।ইয়াৰ বাহিৰেও আপোনাৰ স্বাস্থ্যই বহুতো উপকাৰ পাব।  প্ৰতিদিনে পুৱা বাহি মুখত পানী খালে কি কি লাভ হয় জানো আহক।

দৈনিক পুৱা বাহি মুখত পানী খোৱাৰ উপকাৰিতা

১)বিষাক্ত পদাৰ্থ আঁতৰায়ঃ যদি আপুনি দৈনিক বাহি মুখত পানী খায় তেন্তে ই বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে। প্ৰতিদিনে পুৱা দাঁত ব্ৰাছ কৰাৰ আগতে কুহুমীয়া পানী খালে মানুহৰ শৰীৰৰ ডিটক্স হৈ যায়। সেয়ে প্ৰতিদিনে পুৱা কুহুমীয়া পানী সেৱন কৰিব লাগে।

২) কিডনী সুস্থ কৰি ৰাখেঃ বাহি মুখত পানী খোৱাটো কিডনী সুস্থ কৰি ৰখাত অতি উপযোগী। পুৱা এনেদৰে পানী সেৱন কৰিলে কিডনী শক্তিশালী হোৱাৰ লগতে কিডনী সম্পৰ্কীয় বহুতো সমস্যা যেনে কিডনীত পাথৰ হোৱা সমস্যা আদি দূৰ কৰিব পাৰি।

৩) ছালৰ বাবে উপযোগীঃ পুৱা সাৰ পাই বাহি মুখত পানী খালে ছালৰ বহু সমস্যা দূৰ কৰাত অতি উপযোগী বুলি প্ৰমাণিত হ’ব পাৰে। আপোনালোকক ই ছালৰ ব্ৰণৰ সমস্যা দূৰ কৰাৰ লগতে মুখখন জিলিকি উঠাত সহায় কৰে।

৪) পেটৰ সমস্যা নোহোৱা কৰেঃ বাহি মুখত পানী খালে পেটৰ যিকোনো সমস্যা নোহোৱা হয়। গেছৰ সমস্যা দূৰ হয়। বাহি মুখত পানী খালে বিপাকীয় ক্ৰিয়া সুস্থ কৰি তোলাত যথেষ্ট সহায়ক হয়। ই মেটাবলিক ৰেট বৃদ্ধি কৰাত সহায় কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু