--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আপুনি  সৰু সৰু কথাক লৈ সোনকালেই চিন্তিত হৈ পৰে নেকি? অতি সোনকালেই আপোনাৰ উদ্বেগ  আৰম্ভ হয় নেকি?স্বাস্থ্যৰ পক্ষে এইয়া  একেবাৰে ভাল লক্ষণ নহয়। স্বাস্থ্যৱান জীৱন যাপন কৰিবলৈ, স্বাস্থ্যৱান শৰীৰৰ সৈতে, এক স্বাস্থ্যৱান মনৰ প্ৰয়োজন। বহুসময়ত মানসিক উদ্বেগৰ আঁৰত মানসিক সমস্যাবোৰ লুকাই থাকিব পাৰে। যদি এনে সমস্যা দীঘলীয়া সময়ৰ বাবে থাকে, তেন্তে আপুনি মনোবিজ্ঞানী এজনৰ পৰামৰ্শ লোৱা উচিত। অৱশ্যে, যদি সমস্যাটো কম হয়, বিভিন্ন স্বাস্থ্যকৰ অভ্যাসৰ জৰিয়তে  মানসিক স্বাস্থ্য উন্নত কৰাৰ যত্ন কৰিব পাৰে।

 মানসিক উদ্বেগক  নিয়ন্ত্ৰণত ৰাখিবলৈ, বহুলোকে মনৰ কথা লিপিবদ্ধ  কৰিবলৈ  পৰামৰ্শ দিয়ে৷ ইয়াৰ জৰিয়তে মানসিক পীড়া যথেষ্ট উপশম হয়৷ 

 যদি আপোনাৰ  পৰ্যাপ্ত পৰিমাণৰ টোপনি নহয় , তেন্তে আপোনাৰ যিকোনো মানসিক সমস্যা বৃদ্ধি হ'ব পাৰে। অনিদ্ৰা আৰু মানসিক সমস্যাৰ মাজত এক চক্ৰীয় সম্পৰ্ক আছে। অৰ্থাৎ, এটা সমস্যাই আন এটা সমস্যাৰ সৃষ্টি কৰে। একেদৰে, যেতিয়া টোপনি হ্ৰাস হয়, উদ্বেগ বৃদ্ধি হয়। এজন মানুহে  দৈনিক  কমেও ছয়ৰ পৰা আঠ ঘণ্টা টোপনি বিচাৰে৷ 

ইয়াৰোপৰি এৰোমাথেৰাপীয়ে মুখ্যতঃ গোন্ধৰ জৰিয়তে চাপ হ্ৰাস কৰিব বিচাৰে। এই কামত, বিভিন্ন প্ৰকাৰৰ পাৰফিউম স্প্ৰেয়াৰ, ইনহেলাৰ, বিশেষ প্ৰকাৰৰ গা ধোৱা নিমখ, চাবোন আৰু তেল ব্যৱহাৰ কৰা হয়। বিশেষকৈ, লেভেণ্ডাৰ তেল ব্যৱহাৰ  যথেষ্ট লাভজনক৷ 

 উদ্বেগ বৃদ্ধি হ'লে বহুলোকে নিচাৰ আশ্ৰয় লয়। অনিয়ন্ত্ৰিত সুৰাপানে মানসিক সমস্যা বৃদ্ধি কৰিব পাৰে। বিশেষকৈ যদি আসক্তি সৃষ্টি হয়, মানসিক অৱস্থা অধিক বেয়া হৈ যায়। সেয়েহে, মানসিক উদ্বেগৰ সময়ত সুৰা পৰিহাৰ কৰা উচিত।

আমি সেৱন কৰা  কফিত কেফেইন থাকে। এই উপাদানটোৱে স্নায়ুবোৰক অধিক উদ্দীপিত কৰে আৰু উদ্বেগৰ পৰিমাণ বৃদ্ধি কৰে। ইয়াৰ উপৰিও, কফি খালে অনিদ্ৰাৰ সমস্যাও বৃদ্ধি হ'ব পাৰে। গতিকে সুৰাৰ দৰে, উদ্বেগ বৃদ্ধি হ'লে কফিৰ পৰাও  আঁতৰি থাকিব।

কিন্তু মনত ৰাখিব, এই সকলোবোৰ এক ঘৰুৱা আৰু অতি প্ৰাৰম্ভিক পৰ্যায়ৰ সমাধান। যদি মানসিক উদ্বেগ বৃদ্ধিৰ  সমস্যাটো দীৰ্ঘম্যাদী হয়,তেন্তে  মনোবিজ্ঞানী এজনৰ পৰামৰ্শ লোৱা উচিত আৰু সেই অনুসৰি চিকিৎসা গ্ৰহণ কৰা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু