--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰততো হ’ব পাৰে ইজৰাইলৰ দৰেই আক্ৰমণ!  এই আশংকা ব্যক্ত কৰিছে  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। এনে আশংকা ব্যক্ত কৰি সিঙে  ভাৰতীয় সেনাক স্পষ্ট বাৰ্তা দিছে যে তেওঁলোকে হঠাতে হ’ব পৰা এনে আক্ৰমণৰ বাবে সাজু থাকিব লাগিব। ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ পিছতে এই সিঙে এনে বাৰ্তা দিছে।  সন্ত্ৰাসবাদী গোট হামাছে সংঘটিত কৰাৰ  দৰেই  ভাৰততো  আক্ৰমণ হ'ব পাৰে বুলি ইতিমধ্যে চোৰাংচোৱাইয়ো  আশংকা কৰিছে। সেনাই সীমান্ত অঞ্চলত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ  অস্ত্ৰ-শস্ত্ৰ মজুত কৰিছে।

৭ অক্টোবৰত  হামাছে  ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ চলাইছিল। সূত্ৰ অনুসৰি, এই আক্ৰমণৰ বিষয়ে ভাৰতৰ কেইবাটাও সশস্ত্ৰ সেৱাৰ মুৰব্বী, চোৰাংচোৱা সংস্থা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে আলোচনা কৰিছে। তাৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে  সেনালৈ এই বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। ৰাজনাথ সিঙে কৈছে যে আনকি আটাইতকৈ অপ্ৰত্যাশিত আক্ৰমণটোৰ বাবেও  প্ৰস্তুত থকা উচিত। 

ভাৰতে ইতিমধ্যে  কেইবা হাজাৰ কোটি টকা ব্যয়েৰে ড্ৰোনকে ধৰি কেইবাবিধো অস্ত্ৰ ক্ৰয় কৰিছে।  ভাৰতে কাশ্মীৰ সীমান্তৰ লগতে জলপথতো সন্ত্ৰাসবাদীৰ  অনুপ্ৰৱেশ বন্ধ কৰিবলৈ চেষ্টা কৰি আছে। এইক্ষেত্ৰত নৌসেনাই শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে।  ইয়াৰ উপৰি পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদীৰ  অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ সেনাই কঠোৰ সতৰ্কতা অৱলম্বন কৰিছে। দৰাচলতে, হামাছে  হঠাতে সীমান্তৰ সিপাৰৰ পৰা ইজৰাইলক আক্ৰমণ কৰিছিল। সেনাই ভাৰতৰ সীমাৰ সিপাৰ পৰাও একে ধৰণৰ আক্ৰমণ হ’ব পাৰে বুলি এতিয়া সতৰ্ক হৈ পৰিছে।

ভাৰতে ইজৰাইল-হামাছৰ সংঘৰ্ষৰ ওপৰত চকু ৰাখিছে। কূটনীতিবিদসকলে কৈছে যে এই  বিবাদ সহজে শেষ নহ’ব। ইজৰাইলে হামাছক সম্পূৰ্ণৰূপে ধ্বংস কৰিলেহে বিবাদৰ অন্ত পৰিব। আনহাতে ভাৰতে আশংকা কৰিছে যে ইৰাণেও যুদ্ধত যোগদান কৰিব পাৰে। অৱশ্যে, ভাৰতে হামাছৰ আক্ৰমণৰ পৰা শিকিব বিচাৰিছে আৰু এই ক্ষেত্ৰত সতৰ্ক হ'ব বিচাৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ