--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰততো হ’ব পাৰে ইজৰাইলৰ দৰেই আক্ৰমণ!  এই আশংকা ব্যক্ত কৰিছে  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। এনে আশংকা ব্যক্ত কৰি সিঙে  ভাৰতীয় সেনাক স্পষ্ট বাৰ্তা দিছে যে তেওঁলোকে হঠাতে হ’ব পৰা এনে আক্ৰমণৰ বাবে সাজু থাকিব লাগিব। ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ পিছতে এই সিঙে এনে বাৰ্তা দিছে।  সন্ত্ৰাসবাদী গোট হামাছে সংঘটিত কৰাৰ  দৰেই  ভাৰততো  আক্ৰমণ হ'ব পাৰে বুলি ইতিমধ্যে চোৰাংচোৱাইয়ো  আশংকা কৰিছে। সেনাই সীমান্ত অঞ্চলত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ  অস্ত্ৰ-শস্ত্ৰ মজুত কৰিছে।

৭ অক্টোবৰত  হামাছে  ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ চলাইছিল। সূত্ৰ অনুসৰি, এই আক্ৰমণৰ বিষয়ে ভাৰতৰ কেইবাটাও সশস্ত্ৰ সেৱাৰ মুৰব্বী, চোৰাংচোৱা সংস্থা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে আলোচনা কৰিছে। তাৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে  সেনালৈ এই বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। ৰাজনাথ সিঙে কৈছে যে আনকি আটাইতকৈ অপ্ৰত্যাশিত আক্ৰমণটোৰ বাবেও  প্ৰস্তুত থকা উচিত। 

ভাৰতে ইতিমধ্যে  কেইবা হাজাৰ কোটি টকা ব্যয়েৰে ড্ৰোনকে ধৰি কেইবাবিধো অস্ত্ৰ ক্ৰয় কৰিছে।  ভাৰতে কাশ্মীৰ সীমান্তৰ লগতে জলপথতো সন্ত্ৰাসবাদীৰ  অনুপ্ৰৱেশ বন্ধ কৰিবলৈ চেষ্টা কৰি আছে। এইক্ষেত্ৰত নৌসেনাই শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে।  ইয়াৰ উপৰি পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদীৰ  অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ সেনাই কঠোৰ সতৰ্কতা অৱলম্বন কৰিছে। দৰাচলতে, হামাছে  হঠাতে সীমান্তৰ সিপাৰৰ পৰা ইজৰাইলক আক্ৰমণ কৰিছিল। সেনাই ভাৰতৰ সীমাৰ সিপাৰ পৰাও একে ধৰণৰ আক্ৰমণ হ’ব পাৰে বুলি এতিয়া সতৰ্ক হৈ পৰিছে।

ভাৰতে ইজৰাইল-হামাছৰ সংঘৰ্ষৰ ওপৰত চকু ৰাখিছে। কূটনীতিবিদসকলে কৈছে যে এই  বিবাদ সহজে শেষ নহ’ব। ইজৰাইলে হামাছক সম্পূৰ্ণৰূপে ধ্বংস কৰিলেহে বিবাদৰ অন্ত পৰিব। আনহাতে ভাৰতে আশংকা কৰিছে যে ইৰাণেও যুদ্ধত যোগদান কৰিব পাৰে। অৱশ্যে, ভাৰতে হামাছৰ আক্ৰমণৰ পৰা শিকিব বিচাৰিছে আৰু এই ক্ষেত্ৰত সতৰ্ক হ'ব বিচাৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু