--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীৰ ৱায়ানাডস্থিত কাৰ্যালয়ত শুকুৰবাৰে দুৰ্বৃত্তই আক্ৰমণ চলাই বিস্তৰ ক্ষতিসাধন কৰে। আক্ৰমণকাৰী সকলক বাওঁ ছাত্ৰ সংগঠন ষ্টুডেণ্টছ্ ফেডাৰেচন অৱ ইণ্ডিয়া (এছএফআই ৰ সদস্য বুলি ইতিমধ্যেই চিনাক্ত কৰা হৈছে। শুকুৰবাৰে ৱায়ানাডৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে এছএফআই- এ বাহিৰ কৰা এক প্ৰতিবাদী সমদলৰ পিছত এই আক্ৰমণ সংঘটিত হৈছিল।  

পৰিৱেশ-সংবেদনশীল অঞ্চলৰ (ইএছজেড) ওপৰত উচ্চতম ন্যায়ালয়ৰ আদেশ সম্পৰ্কে ৰাহুল গান্ধীয়ে কোনো মন্তব্য নকৰাৰ অভিযোগত ছাত্ৰ সংগঠনটোলে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদৰ মাজতে একাংশ প্ৰতিবাদকাৰীয়ে সাংসদগৰাকীৰ কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয়ৰ ভিতৰত আক্ৰমণ চলায়।

এই আকাৰমণত কাৰ্যালয়ৰ কেইগৰাকীমান কৰ্মচাৰীও আঘাতপ্ৰাপ্ত হয় বুলি কংগ্ৰেছে অভিযোগ কৰে। কংগ্ৰেছ নেতা কেচি বেণুগোপালে আৰক্ষীৰ উপস্থিতিতে এই আক্ৰমণ সংঘটিত হয় বুলি অভিযোগ কৰিছে। এই আক্ৰমণক চিপিএম নেতৃত্বৰ ষড়যন্ত্ৰৰ স্পষ্ট প্ৰমাণ বুলিও দাবী কৰে বেণুগোপালে। 

বেণুগোপালে কয় যে বিজেপিৰ ষড়যন্ত্ৰৰ ফলশ্ৰুতিত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে যোৱা পাঁচ দিন ধৰি ৰাহুল গান্ধীক জেৰা চলাই আছে। এতিয়া নৰেন্দ্ৰ মোদীৰ দৰে কেৰালাৰ চিপিএমেও কিয় কংগ্ৰেছ নেতাক আক্ৰমণ কৰাৰ পথত আগবাঢ়িছে ই আশ্চৰ্যজনক। চিপিএমৰ কেন্দ্ৰীয় নেতা সীতাৰাম য়েচুৰীয়ে এই ঘটনাত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি তেওঁ দাবী জনায়।  

আনহাতে জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰেও এক টুইটযোগে কয় যে ৱায়ানাডত ৰাহুল গান্ধীৰ কাৰ্যালয় চিপিআই (এম)ৰ ছাত্ৰ শাখা এছএফআইৰ কৰ্মীসকলে লণ্ডভণ্ড কৰিছে। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু চিপিএম নেতা সীতাৰাম য়েচুৰীয়ে অনুশাসনমূলক ব্যৱস্থা ল'ব নে তেওঁলোকে মৌনতাৰে এনে আচৰণক উৎসাহ দিব? এইয়াই চিপিএমৰ ৰাজনীতিৰ ধাৰণা নেকি বুলিও জেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰশ্ন কৰে। 

একেদৰে কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সুৰজেৱালাই এই আক্ৰমণক সসংগঠিত কিছুমান গুণ্ডাৰ গুণ্ডামি আখ্যা দিয়ে। এই সুপৰিকল্পিত আক্ৰমণৰ বাবে চিপিএম চৰকাৰ দায়বদ্ধ বুলিও তেওঁ অভিযোগ কৰে।

কংগ্ৰেছৰ দ্বাৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে এই আক্ৰমণক গৰিহণা দিয়ে আৰু আক্ৰমণত জড়িত অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে। 

বিজয়নে কয় যে দেশত সকলোৰে নিজা মতামত দাঙি ধৰাৰ আৰু গণতান্ত্ৰিক প্ৰকাৰে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। কিন্তু ইয়াত হিংসাৰ আশ্ৰয় লোৱাটো ভুল প্ৰৱণতা। অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব তেওঁ স্পষ্ট কৰি দিয়ে।

ইতিমধ্যে এই ঘটনাত জড়িত ৮ জনক আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে প্ৰতিবাদী সমদলটোত সংগঠনটোৰ প্ৰায় ১০০ গৰাকী কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল  আৰু প্ৰতিবাদৰ মাজতে ইয়াৰে কিছু সদস্যই এই আক্ৰমণ সংঘটিত কৰিছিল। বৰ্তমান ঘটনাস্থলীত অধিক আৰক্ষী কৰ্মী মোতায়েন কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন