--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত তোষণৰ ৰাজনীতিয়ে এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে৷ জনতাক আভুঁৱাভাঁৰি একাংশ নেতা-আমোলাই প্ৰধানমন্ত্ৰীকে ধৰি শীৰ্ষ ৰাজনীতিকক সন্তুষ্ট কৰিবলৈ কেনে কাৰচাজিৰ আশ্ৰয় গ্ৰহণ কৰিলে তাৰ শেহতীয়া প্ৰমাণ পোৱা গ’ল কৰ্ণাটকত৷ বছৰৰ পিছত বছৰ ধৰি মেৰামতি নোহোৱাকৈ পৰি ৰোৱা কৰ্ণাটকৰ এটা পথ যুদ্ধকালীন তৎপৰতাৰে সাজি উলিওৱা হৈছিল অতি কম দিনৰ ভিতৰতে৷

 কাৰণ সেই পথেৰেই পাৰ হৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়৷যথাসময়ত সেই পথেৰে মোদীৰ কনভয় পাৰ হৈয়ো গ’ল৷ সকলোৱে মোদীক প্ৰশংসা কৰিলে, কাৰণ বহু দিন ধৰি অৱহেলিত হৈ থকা পথটো মোদীৰ ভ্ৰমণৰ বাবেই ফু মাৰি ভাত খাব পৰা হৈ পৰিল৷

 কিন্তু জনতাৰ সেই সন্তুষ্টি বেছি পৰ স্থায়ী হৈ নাথাকিল৷প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পিছদিনাই বৰষুণে নতুন পথটো একপ্ৰকাৰ ধুই নিয়ে।পথটোত সৃষ্টি হৈছে গাঁতৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংগালুৰু ভ্ৰমণৰ পিছদিনাই এই ঘটনাটো সংঘটিত হৈছে।ফলত তোষণৰ ৰাজনীতিত বাকৰুদ্ধ হৈ পৰিছে জনতা৷

 লাজত পৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ো৷ সেয়ে ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে। উল্লেখ্য বাংগালুৰুৰ জনানা ভাৰতী পথটো শেহতীয়াকৈ ৬.৫ কোটি টকা ব্যয়েৰে পুনৰ নিৰ্মাণ কৰা হৈছে। কাম সম্পূৰ্ণ হোৱাৰ পিছত, প্ৰধানমন্ত্ৰীয়ে সেই পথেৰে গৈছিল। মোদীয়ে সেই পথেৰে যাত্ৰা কৰি বি আৰ আম্বেদকাৰ স্কুল অৱ ইকনমিক্স বিশ্ববিদ্যালয়ত এটা নতুন চৌহদ উদ্বোধন কৰিছিল৷

 মোদীৰ ভ্ৰমণৰ এদিন পিছতে মধ্যমীয়া বৰষুণৰ ফলত পালমাৰি কেৱল দেখনীয়াৰকৈ নিৰ্মাণ কৰা পথটো বিধ্বস্ত হৈ পৰে৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে কৰ্ণাটকত প্ৰায় ২৩.৫ কোটি টকা ব্যয়েৰে কেইবাটাও পথ পুনৰ নিৰ্মাণ কৰা হয়। তাৰে ভিতৰত দক্ষিণ বাংগালুৰুৰ জনানা ভাৰতী পথটোও এটা। সকলোকে আনন্দিত কৰি তোলা চহৰখনৰ এই ব্যস্ততম পথটো মোদীয়ে ভ্ৰমণ কৰাৰ এদিনৰ পিছতে পুনৰ আগৰ বেয়া অৱস্থালৈ ঘূৰি গ'ল।

 জানিব পৰা মতে পথ নিৰ্মাণৰ দায়িত্ব কৰ্ণাটক পৌৰ নিগমে গ্ৰহণ কৰিছিল। কেৱল প্ৰধানমন্ত্ৰী আহিব বুলিয়েই প্ৰায় ৩.৬ কিলোমিটাৰ পথ পুনৰ পথ নিৰ্মাণ কৰা হৈছিল।  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইলৈ ঘটনাটোৰ তদন্তৰ প্ৰতিবেদন বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰা হৈছে।

 বোম্মাইয়ে বিবিএমপিৰ আয়ুক্তক তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। ইমান টকা খৰচ কৰাৰ পিছতো  এনে ঘটনা কিদৰে ঘটিবলৈ পালে সেয়া নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশটোত কোৱা হৈছে।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ