--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত তোষণৰ ৰাজনীতিয়ে এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে৷ জনতাক আভুঁৱাভাঁৰি একাংশ নেতা-আমোলাই প্ৰধানমন্ত্ৰীকে ধৰি শীৰ্ষ ৰাজনীতিকক সন্তুষ্ট কৰিবলৈ কেনে কাৰচাজিৰ আশ্ৰয় গ্ৰহণ কৰিলে তাৰ শেহতীয়া প্ৰমাণ পোৱা গ’ল কৰ্ণাটকত৷ বছৰৰ পিছত বছৰ ধৰি মেৰামতি নোহোৱাকৈ পৰি ৰোৱা কৰ্ণাটকৰ এটা পথ যুদ্ধকালীন তৎপৰতাৰে সাজি উলিওৱা হৈছিল অতি কম দিনৰ ভিতৰতে৷

 কাৰণ সেই পথেৰেই পাৰ হৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়৷যথাসময়ত সেই পথেৰে মোদীৰ কনভয় পাৰ হৈয়ো গ’ল৷ সকলোৱে মোদীক প্ৰশংসা কৰিলে, কাৰণ বহু দিন ধৰি অৱহেলিত হৈ থকা পথটো মোদীৰ ভ্ৰমণৰ বাবেই ফু মাৰি ভাত খাব পৰা হৈ পৰিল৷

 কিন্তু জনতাৰ সেই সন্তুষ্টি বেছি পৰ স্থায়ী হৈ নাথাকিল৷প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পিছদিনাই বৰষুণে নতুন পথটো একপ্ৰকাৰ ধুই নিয়ে।পথটোত সৃষ্টি হৈছে গাঁতৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংগালুৰু ভ্ৰমণৰ পিছদিনাই এই ঘটনাটো সংঘটিত হৈছে।ফলত তোষণৰ ৰাজনীতিত বাকৰুদ্ধ হৈ পৰিছে জনতা৷

 লাজত পৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ো৷ সেয়ে ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে। উল্লেখ্য বাংগালুৰুৰ জনানা ভাৰতী পথটো শেহতীয়াকৈ ৬.৫ কোটি টকা ব্যয়েৰে পুনৰ নিৰ্মাণ কৰা হৈছে। কাম সম্পূৰ্ণ হোৱাৰ পিছত, প্ৰধানমন্ত্ৰীয়ে সেই পথেৰে গৈছিল। মোদীয়ে সেই পথেৰে যাত্ৰা কৰি বি আৰ আম্বেদকাৰ স্কুল অৱ ইকনমিক্স বিশ্ববিদ্যালয়ত এটা নতুন চৌহদ উদ্বোধন কৰিছিল৷

 মোদীৰ ভ্ৰমণৰ এদিন পিছতে মধ্যমীয়া বৰষুণৰ ফলত পালমাৰি কেৱল দেখনীয়াৰকৈ নিৰ্মাণ কৰা পথটো বিধ্বস্ত হৈ পৰে৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে কৰ্ণাটকত প্ৰায় ২৩.৫ কোটি টকা ব্যয়েৰে কেইবাটাও পথ পুনৰ নিৰ্মাণ কৰা হয়। তাৰে ভিতৰত দক্ষিণ বাংগালুৰুৰ জনানা ভাৰতী পথটোও এটা। সকলোকে আনন্দিত কৰি তোলা চহৰখনৰ এই ব্যস্ততম পথটো মোদীয়ে ভ্ৰমণ কৰাৰ এদিনৰ পিছতে পুনৰ আগৰ বেয়া অৱস্থালৈ ঘূৰি গ'ল।

 জানিব পৰা মতে পথ নিৰ্মাণৰ দায়িত্ব কৰ্ণাটক পৌৰ নিগমে গ্ৰহণ কৰিছিল। কেৱল প্ৰধানমন্ত্ৰী আহিব বুলিয়েই প্ৰায় ৩.৬ কিলোমিটাৰ পথ পুনৰ পথ নিৰ্মাণ কৰা হৈছিল।  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইলৈ ঘটনাটোৰ তদন্তৰ প্ৰতিবেদন বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰা হৈছে।

 বোম্মাইয়ে বিবিএমপিৰ আয়ুক্তক তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। ইমান টকা খৰচ কৰাৰ পিছতো  এনে ঘটনা কিদৰে ঘটিবলৈ পালে সেয়া নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশটোত কোৱা হৈছে।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ