--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ পাপৰ ফলতে দেশত বৰ্দ্ধিত হাৰত ক’ৰোনা সংক্ৰমণ বৃদ্ধি পাইছিল! মহাৰাষ্ট্ৰ আৰু দিল্লীৰ পৰা ক’ভিড ভাইৰাছ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, বিহাৰৰ দৰে ৰাজ্যলৈ বিয়পি পৰিছিল!" প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে লোকসভাত কংগ্ৰেছক এই সন্দৰ্ভত আক্ৰমণ কৰে। "যেতিয়া কৰোনাৰ প্ৰথম ঢৌ সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল, বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি চিকিৎসক বিশেষজ্ঞসকলে "সকলো মানুহকে যত যেনেকৈ আছে তাতে থাকিবলৈ অনুৰোধ কৰিছিল যাতে ভাইৰাছটো আন ঠাইলৈ বিয়পি যাব নোৱাৰে। সেই সময়তে দেশৰ ক’ভিড পৰিস্থিতি এক প্ৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল, মোডীয়ে যুক্তি দিছিল যে বৰ্দ্ধিত ক’ভিড সংক্ৰমণৰ কাৰণে ৰাতিটোৰ ভিতৰতে দেশজুৰি লকডাউন ঘোষণা কৰা হৈছিল। অৱশ্যে, কংগ্ৰেছৰ সদস্যসকলে সেইসময়তে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক ঘৰলৈ উভতি যাবলৈ প্ৰৰোচিত কৰিছিল। তেওঁলোকে শ্ৰমিকসকলক একপ্ৰকাৰৰ বিপদত পেলাইছিল আৰু এনেদৰেই মহামাৰী সমগ্ৰ দেশতে বিয়পি পৰিছিল বুলি মোদীয়ে অভিযোগ আনিছে। মোডীয়ে দাবী কৰিছিল যে কংগ্ৰেছৰ সমৰ্থন অবিহনে, মহামাৰীৰ প্ৰথম ঢৌ সমগ্ৰ দেশলৈ বিয়পি নপৰিলহেঁতেন! তেওঁৰ মতে, দিল্লী, মুম্বাইৰ দৰে চহৰত কৰোনাৰ সংক্ৰমণ সৰ্বাধিক আছিল। কেন্দ্ৰই লকডাউন ঘোষণা কৰি সংশ্লিষ্ট অঞ্চলৰ ভিতৰত সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব বিচাৰিছিল। অৱশ্যে, কংগ্ৰেছৰ সমৰ্থনত, প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে ঘৰলৈ উভতি যাবলৈ উদগনি যোগাইছিল। মোডীয়ে লগতে অভিযোগ কৰিছে যে কংগ্ৰেছে মুম্বাইৰ ষ্টেচনত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক ৰেলৰ টিকট দিছিল। আকৌ, দিল্লীৰ কেজৰিৱাল চৰকাৰে কভিডৰ সময়ত আৱাসীসকলক ঘৰলৈ উভতি যাবলৈ অনুপ্ৰাণিত কৰিছিল যাৰ বাবে দেশৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকল সংকটত পৰিছিল। প্ৰসংগক্ৰমে, ক’ৰোনা কালত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পদক্ষেপক লৈ বিভিন্ন মহলত সমালোচনাৰ সন্মুখীন হৈছিল। মোডী চৰকাৰে কোনো পৰিকল্পনা অবিহনে লকডাউনৰ ঘোষণাই সমগ্ৰ দেশৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ আঘাত কৰিছিল বুলি অভিযোগ কৰা হৈছিল। আজি প্ৰধানমন্ত্ৰীয়ে সেই সকলো অভিযোগ এক শব্দত খাৰিজ কৰে। তেওঁ সকলো দোষ কংগ্ৰেছৰ প্ৰতিদ্বন্দীৰ ওপৰত আৰোপ কৰিছিল। মোডীয়ে লোকসভাত কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীক ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে সমালোচনা কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত