--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অমিত শ্বাহে আছাদুদ্দিন ওৱেছিৰ জেড শ্ৰেণীৰ নিৰাপত্তা ল'বলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে সোমবাৰে সংসদত অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিনৰ মুৰব্বী গৰাকীলৈ এই অনুৰোধ কৰিছিল। অৱশ্যে, তেওঁ শ্বাহক এই প্ৰস্তাৱ ঘূৰাই দিছিল। ওৱেছিয়ে ক'য়, "আজি সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মোক জেড শ্ৰেণীৰ নিৰাপত্তা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। মই মাত্ৰ তেওঁক এটা কথাই ক'ব বিচাৰো। কা' আন্দোলনৰ সময়ত মৃত্যু হোৱা ২২ জন নাগৰিকৰ তুলনাত মোৰ জীৱনৰ মূল্য কেতিয়াও বেছি নহয়। মোক সকলো সময়তে বন্দুকধাৰীয়ে আগুৰি থাকক, মই সেইটো নিবিচাৰোঁ। মই এজন মুক্ত মানুহ। মই মুক্তভাৱে জীয়াই থাকিব বিচাৰো। '' কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি সংসদত ক'য়, আছাদুদ্দিন ওৱেছিৰ নিৰাপত্তা বিঘ্নিত হোৱাৰ আশংকা আছে। গতিকে চৰকাৰে তেওঁক কেন্দ্ৰীয় জেড শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। তেওঁক এখন বুলেট প্ৰুফ গাড়ী দিয়াৰ সিদ্ধান্তও লোৱা হৈছিল। অৱশ্যে, তেওঁ চৰকাৰৰ প্ৰস্তাৱ নাকচ কৰে। সংসদত অমিত শ্বাহে  থিয় হৈ, তেওঁক এই প্ৰস্তাৱটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল। উল্লেখ্য যে, কিছুদিনৰ আগতে দুজন অচিনাক্ত ব্যক্তিয়ে ওৱেছিৰ গাড়ীত আক্ৰমণ কৰিছিল। তেওঁৰ গাড়ীৰ তলৰ অংশত তিনিটা বুলেটৰ চিহ্নও আছিল। তিনিজন সাক্ষীৰ বিবৃতি অনুসৰি,  ঘটনা সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰা হৈছে। ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ পৰা এখন মাৰুতি আল্টো গাড়ীও জব্দ কৰা হৈছিল। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম