--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অমিত শ্বাহে আছাদুদ্দিন ওৱেছিৰ জেড শ্ৰেণীৰ নিৰাপত্তা ল'বলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে সোমবাৰে সংসদত অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিনৰ মুৰব্বী গৰাকীলৈ এই অনুৰোধ কৰিছিল। অৱশ্যে, তেওঁ শ্বাহক এই প্ৰস্তাৱ ঘূৰাই দিছিল। ওৱেছিয়ে ক'য়, "আজি সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মোক জেড শ্ৰেণীৰ নিৰাপত্তা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। মই মাত্ৰ তেওঁক এটা কথাই ক'ব বিচাৰো। কা' আন্দোলনৰ সময়ত মৃত্যু হোৱা ২২ জন নাগৰিকৰ তুলনাত মোৰ জীৱনৰ মূল্য কেতিয়াও বেছি নহয়। মোক সকলো সময়তে বন্দুকধাৰীয়ে আগুৰি থাকক, মই সেইটো নিবিচাৰোঁ। মই এজন মুক্ত মানুহ। মই মুক্তভাৱে জীয়াই থাকিব বিচাৰো। '' কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি সংসদত ক'য়, আছাদুদ্দিন ওৱেছিৰ নিৰাপত্তা বিঘ্নিত হোৱাৰ আশংকা আছে। গতিকে চৰকাৰে তেওঁক কেন্দ্ৰীয় জেড শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। তেওঁক এখন বুলেট প্ৰুফ গাড়ী দিয়াৰ সিদ্ধান্তও লোৱা হৈছিল। অৱশ্যে, তেওঁ চৰকাৰৰ প্ৰস্তাৱ নাকচ কৰে। সংসদত অমিত শ্বাহে  থিয় হৈ, তেওঁক এই প্ৰস্তাৱটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল। উল্লেখ্য যে, কিছুদিনৰ আগতে দুজন অচিনাক্ত ব্যক্তিয়ে ওৱেছিৰ গাড়ীত আক্ৰমণ কৰিছিল। তেওঁৰ গাড়ীৰ তলৰ অংশত তিনিটা বুলেটৰ চিহ্নও আছিল। তিনিজন সাক্ষীৰ বিবৃতি অনুসৰি,  ঘটনা সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰা হৈছে। ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ পৰা এখন মাৰুতি আল্টো গাড়ীও জব্দ কৰা হৈছিল। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা